প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্ব নেতাসকলক ধন্যবাদ জনাই৷

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলীহ, আপোনাক ধন্যবাদ জনাইছোঁ৷”

ভুটানৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে ভুটানৰ প্ৰধানমন্ত্ৰী ড০ লোটে শ্বেৰিং, আপোনাক কৃতজ্ঞতা জনাইছোঁ৷”

নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচন্দ, আপোনাক ধন্যবাদ জনাইছোঁ৷”

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, আপোনাৰ শুভেচ্ছাৰ ধন্যবাদ৷ মই মোৰ পেৰিছ ভ্ৰমণৰ কথা মনত পেলাইছো আৰু ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক বৃদ্ধিৰ প্ৰতি আপোনাৰ আগ্ৰহক প্ৰশংসা কৰিছোঁ।"

মৰিচাচৰ প্ৰধানমন্ত্ৰীৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনাথক ধন্যবাদ জনাইছোঁ৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi