Data base, cold chain augmentation and transportation mechanism being readied.
Digital platform for vaccine delivery and monitoring has been prepared and tested in consultation with all the stakeholders.
Priority groups for Covid-19 vaccination like Health Workers, Frontline workers and other vulnerable groups being identified.

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ক’ভিড-১৯ ভেকচিনৰ বিতৰণ, আৱণ্টন আৰু প্ৰশাসনিক দিশৰ প্রস্তুতিক লৈ পর্যালোচনা বৈঠকত মিলিত হয়৷ ভেকচিন প্ৰস্তুত প্ৰচেষ্টাৰ বাবে তেওঁ উদ্ভাৱক, বিজ্ঞানী, শিক্ষাবিদ আৰু ঔষধ কোম্পানীসমূহৰ প্রশংসা কৰাৰ  লগতে ভেকচিনৰ গৱেষণা, উদ্ভাৱন আৰু প্ৰস্তুত কৰাৰ কামত সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে৷

ভাৰতত ৫টা ভেকচিন উদ্ভাৱনৰ চূড়ান্ত পর্যায়ত আছে। ইয়াৰে ভিতৰত চাৰিটা ভেকচিন দ্বিতীয়/তৃতীয় পর্যায়ত আৰু এটা ভেকচিন প্রথম/দ্বিতীয় পর্যায়ত আছে। বাংলাদেশ, ম্যানমাৰ, কাট্টাৰ, ভুটান, ছুইজাৰলেণ্ড, বাহৰেইন, অষ্ট্ৰিয়া আৰু দক্ষিণ কোৰিয়াই ভাৰতৰ ভেকচিন উদ্ভাৱন আৰু ব্যৱহাৰৰ অংশীদাৰ হ’বলৈ আগ্রহ প্রকাশ কৰিছে।

ভেকচিনৰ উদ্ভাৱনৰ পাছত প্রথমে কাক কাক এই ভেকচিন দিয়া হ’ব তাক লৈ ডাটাবেচ প্ৰস্তুত কৰা আৰু এই কামত প্রথম শাৰীৰ কর্মচাৰী, ক’ল্ড চেইনৰ ব্যৱস্থা কৰা, ছিৰিঞ্জ, বেজী ইত্যাদি সংগ্রহ কৰাৰ বিষয়ত বৈঠকত আলোচনা হয়৷

ভেকচিন যোগান শৃংখলাৰ পৰিমাণ বৃদ্ধি আৰু ভেকচিনৰ সৈতে অন্যান্য আনুষংগিক সামগ্ৰীৰ ব্যৱস্থা কৰাৰ ওপৰত জোৰ দিয়া হৈছে। চিকিৎসক আৰু নাৰ্ছিঙৰ ছাত্র-ছাত্রীসকল এই পাঠ্যক্রমসমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক টিকাকৰণ কাৰ্যসূচীত জড়িত হ’ব৷ ভেকচিন যাতে প্রতিটো স্থানত পায় আৰু গুৰুত্ব অনুসৰি প্রত্যেকে যাতে ভেকচিন লাভ কৰে সেই দিশত জোৰ দিয়া হৈছে।

প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিখ্যাত প্রতিষ্ঠানসমূহৰ সৈতে একেলগে এই বিষয়ত কাম কৰাৰ ওপৰত জোৰ দিছে আৰু ভাৰতত ভেকচিনক লৈ গৱেষণা আৰু উদ্ভাৱনে যাতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ হয় সেয়া নিশ্চিত কৰিবলৈ কয়৷

ক’ভিড-১৯ৰ বাবে ভেকচিন প্ৰশাসনৰ সন্দৰ্ভত বিশেষজ্ঞ গোট(এনইজিভিএচি)য়ে ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰি প্রথম পর্যায়ত টিকাকৰণৰ বিষয়টো বাস্তবায়িত কৰিব৷

টিকাকৰণৰ সময়ত টিকাদান আৰু ভেকচিন বিতৰণৰ বাবে ডিজিটেল প্লেটফর্ম গঢ় দিয়া হৈছে। ৰাজ্য আৰু জিলা পৰ্যায়ত সংশ্লিষ্ট সকলোৰে সৈতে এই ক্ষেত্ৰত পৰীক্ষামূলকভাৱে বিভিন্ন প্রক্রিয়াৰ ৰূপায়ণৰ ওপৰত কাম চলি আছে।

ঔষধৰ উৎপাদন আৰু সেইবোৰ জৰুৰীভিত্তিত সংগ্রহৰ বিষয়ক লৈও প্রধানমন্ত্রীয়ে বৈঠকত পর্যালোচনা কৰে৷ তৃতীয় পৰ্যায়ত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভেকচিনৰ উদ্ভাৱন হ’লেও আমাৰ বৃহৎ আৰু স্বাধীন নিয়ন্ত্রক সংস্থাসমূহে ক্ষিপ্ৰতাৰে ভেকচিনৰ বিষয়ত মান্যতা দিয়াৰ ক্ষেত্রত ব্যৱস্থা ল’বলৈ কোৱা হৈছে।

চৰকাৰে ক’ভিড সুৰক্ষা মিচনৰ অধীনত ৯০০ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। এই টকা ক’ভিড-১৯ ভেকচিনৰ গৱেষণা আৰু উদ্ভাৱনচ ব্যয় কৰা হৈছে৷

প্রধানমন্ত্রীয়ে নিয়ামক সংস্থাসমূহৰ পৰা যাতে ক্ষিপ্ৰতাৰে প্রয়োজনীয় ৰেহাই লাভ কৰে আৰু টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰিব পৰা যায় তাৰ বাবে সময়ভিত্তিক পৰিকল্পনাৰ নির্দেশ দিয়ে৷

শ্রী মোদীয়ে ভেকচিন উদ্ভাৱনৰ ক্ষেত্ৰত গ্ৰহণ কৰা সামগ্ৰিক প্ৰচেষ্টাৱলীৰ প্রশংসা কৰে৷ এই প্রসংগত তেওঁ মাস্ক পিন্ধা, শাৰীৰিক দূৰত্ব বজাই ৰখা আৰু স্বাস্থ্যবিধি মানি চলাৰ দৰে ৰোগ প্রতিৰোধ ব্যৱস্থাৰ বিষয়বোৰত এই মহামাৰীৰ সময়ত যাতে কোনো শিথিলতা কৰা নহয় সেই বিষয়ত গুৰুত্ব আৰোপ কৰে৷

বৈঠকত প্রধানমন্ত্রীৰ প্রধান সচিব, কেবিনেট সচিব, নিটী আয়োগৰ স্বাস্থ্য সম্পৰ্কীয় সদস্য, মুখ্য বৈজ্ঞানিক উপদেষ্টা, স্বাস্থ্য সচিব, আইচিএমআৰৰ সঞ্চালক, প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ বিষয়াবৰ্গৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ সচিবসকল উপস্থিত থাকে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How Your 10% Effort Can Help India Save Billions In Foreign Exchange Every Year

Media Coverage

How Your 10% Effort Can Help India Save Billions In Foreign Exchange Every Year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising that knowledge can be gained only through devoted service to the Guru
May 12, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising that knowledge can be gained only through devoted service to the Guru.

The Prime Minister shared a Sanskrit Subhashitam-

"यथा खात्वा खनित्रेण भूतले वारि विन्दति।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥"

The Subhashitam conveys, that just as one must dig deep into the earth with hard work and patience to obtain water, in the same way, knowledge can be gained only through devoted service to the Guru, with faith, dedication, discipline, and sincerity.

The Prime Minister posted on X:

"यथा खात्वा खनित्रेण भूतले वारि विन्दति।

तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति॥"