PM’s statement prior to his departure to Qingdao in China

চীনৰ কুইংডাও ভ্ৰমনলৈ ৰাওনা হোৱাৰ পূর্বে প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমত দিয়া প্ৰেছ বিবৃতি তলত উল্লেখ কৰা হ’ল।

“ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ৰাষ্ট্রপ্রধানসকলৰ বার্ষিক বৈঠকৰ বাবে মই চীনৰ কুইংডাও ভ্ৰমণলৈ যাম।

ছাংহাই সহযোগিতা সংস্থাৰ পূর্ণকালীন সদস্য হিচাপে প্রথমবাৰলৈ বৈঠকত যোগ দিয়াৰ অৰ্থে ভাৰতীয় প্রতিনিধি দলক নেতৃত্ব দিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। এছচিঅ’ৰ সন্মিলনত সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু চৰমপন্থীৰ বিৰুদ্ধে যুঁজৰ পৰা আৰম্ভ কৰি পাৰস্পৰিক যোগাযোগ, বাণিজ্য, শুল্ক, আইন, স্বাস্থ্য আৰু কৃষিক্ষেত্রত সহযোগিতা প্রসাৰ; পৰিৱেশৰ সুৰক্ষা আৰু দুৰ্যোগজনিত ক্ষতিশংকা হ্রাস আৰু সকলো দেশৰ জনসাধাৰণৰ সৈতে সম্পর্ক বৃদ্ধি ইত্যাদিৰ দৰে গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হ’ব। এই সংস্থাৰ পূর্ণকালীন সদস্য হোৱাৰ পাছৰ পৰা বিগত এবছৰত ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ এনে বিষয়ত যোগাযোগ আৰু সম্পর্ক লক্ষ্যনীয়ভাবে বৃদ্ধি পাইছে। মোৰ দৃঢ় বিশ্বাস, কুইংডাও সন্মিলনে ছাংহাই সহযোগিতাত হ’বলগীয়া আলোচনাৰ বিষয়সমূহ আৰু অধিক গতিশীল কৰিব, যাৰ দ্বাৰা সংস্থাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এক নতুন দিশৰ সূচনা কৰিব।

এছচিঅ’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ বন্ধুত্বপূর্ণ আৰু বহুমুখী সম্পর্ক আছে। এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে বিভিন্ন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্রপ্রধানসকলৰ সৈতে মোৰ বৈঠকৰ লগতে মত বিনিময়ৰ সুবিধা হ’ব।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.