পেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বিবৃতিৰ লিখিত ৰূপ—
“৯ৰ পৰা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত মই পেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমান ভ্ৰমণৰ সুযোগ লাভ কৰিছো।

২০১৫ বৰ্ষৰ পিছত প্ৰথমবাৰলৈ উপ-সাগৰীয় আৰু পশ্চিম এছিয়াৰ দেশ ভ্ৰমণ কৰিবলৈ পাই মই অতিশয় আনন্দ অনুভৱ কৰিছো৷ এই অঞ্চলসমূহ আমাৰ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত মুখ্য অগ্ৰাধিকাৰৰ বিষয়। এই দেশসমূহৰ সৈতে আমি এক গতিশীল বহুমুখী সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছো।

জৰ্দানত বিশ্ৰাম লোৱাৰ পাছত ১০ ফেব্ৰুৱাৰীত পেলেষ্টাইনৰপৰা মোৰ ভ্ৰমণসূচী আৰম্ভ হ’ব৷ জৰ্দানৰ সন্মানীয় ৰজা দ্বিতীয় আব্দুলাদেৱে বিশ্ৰামৰ সুবিধাখিনি আগবঢ়োৱা বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছো। ৯ ফেব্ৰুৱাৰীত এম্মানত তেওঁক মই সাক্ষাৎ কৰিম৷

পেলেষ্টাইনলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো ভ্ৰমণ হ’ব৷ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে আলোচনাৰ বাবে মই অত্যন্ত আগ্ৰহী আৰু পেলেষ্টাইনৰ জনসাধাৰণ আৰু দেশখনৰ উন্নয়নৰ প্ৰতি আমাৰ সমৰ্থনক পুনৰ এবাৰ দোহাৰিব বিচাৰো৷

বিগত ২০১৫ বৰ্ষৰ আগষ্ট মাহৰ পিছত এইবছৰৰ ১০ আৰু ১১ ফেব্ৰুৱাৰীত মই পুনৰ ইউ.এ.ই ভ্ৰমণৰ সুযোগ পাইছো৷ ইউ.এ.ই হৈছে আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ যিয়ে আমাৰ দেশখনৰ অৰ্থনীতি, শক্তি, উন্নত প্ৰযুক্তিবিদ্যা, সুৰক্ষা আদিৰ দৰে মূখ্য বিষয়সমূহৰ উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। উক্ত দিশসমূহত আমাৰ অগ্ৰগতি সন্দৰ্ভত মই ইউএইৰ সন্মানীয় উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী তথা ডুবাইৰ শাসক শ্বেইখ মহম্মদ-বিন-ৰাছিদ-অল-মাকটম আৰু আবু-ধাবিৰ সন্মানীয় ৰাজকুমাৰ শ্বেইখ মহম্মদ-বিন-জায়েদ-এল-নাহয়ানৰ সৈতে আলোচনাত মিলিত হ’ম৷
ইউএইৰ আমন্ত্ৰণক্ৰমে মই ডুবাইত আয়োজিত ষষ্ঠ সংস্কৰণৰ ‘বিশ্ব চৰকাৰী সন্মিলন’ সম্বোধন কৰিম, য’ত ভাৰতে সন্মানীয় অতিথি দেশ হিচাপে অংশ ল’ব৷

উক্ত দিনাই ডুবাইত ইউএই আৰু আৰৱৰ বিভিন্ন কোম্পানী আৰু প্ৰতিষ্ঠানৰ মূৰব্বীসকলৰ সৈতে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়নৰ বাবে সহযোগিতাৰে কাম কৰাৰ বিষয়ক লৈ আলোচনা কৰিম।

ওমান হৈছে আমাৰ অতি গুৰুত্বপূৰ্ণ সাগৰীয় প্ৰতিবেশী দেশ, যাৰ সৈতে আমি সুন্দৰ সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছো। মই ওমানৰ সন্মানীয় ৰজা চুলতান আৰু আন শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ম। ভাৰতৰ সৈতে শক্তিশালী অৰ্থনৈতিক আৰু ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিবলৈ ওমানৰ আগশাৰীৰ ব্যৱসায়ীলোকসকলক মই আহ্বান জনাম৷

১১ ফেব্ৰুৱাৰীত সন্ধিয়া মই ওমানৰ মহামান্য চুলতানক সাক্ষাৎ কৰিম৷ মই মন্ত্ৰী-পৰিষদৰ উপ-প্ৰধানমন্ত্ৰী এইছএইছ ছায়িদ ফাহদ বিন মহমুদ অল চেইদ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ উপ-প্ৰধানমন্ত্ৰী এইছএইছ ছায়িদ আছাদ বিন তাৰিক অল চেইদ সাক্ষাৎ কৰিবলৈ গৈ আছো৷ দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা আৰু পৰম্পৰাগত সু-সম্পৰ্ক অধিক সৱল কৰাৰ দিশসমূহ আমি পৰ্যালোচনা কৰিম।

ওমান আৰু ইউএই উভয়তেই মই বৃহৎ সংখ্যক প্ৰৱাসী ভাৰতীয়ক লগ পোৱাৰ সুযোগ লাভ কৰিছো। ৯ মিলিয়নতকৈও অধিক ভাৰতীয় উপ-সাগৰীয় দেশসমূহত কাম কৰাৰ লগতে জীৱিকা নিৰ্বাহ কৰি আছে৷ ইয়াৰে এক তৃতীয়াংশ অকল ওমানতে থাকে৷ ইয়াত তেওঁলোকে এক বৃহৎ প্ৰৱাসী সমুদায় গঠন কৰি আছে।

প্ৰৱাসী ভাৰতীয়সকলে ভাৰত আৰু উপ-সাগৰীয় দেশসমূহৰ সৈতে বন্ধুত্বৰ এনাজৰী বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। লগতে তেওঁলোকে এই দেশৰ প্ৰগতি আৰু সমৃদ্ধি বজাই ৰখাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰাও পৰিলক্ষিত হৈছে।

ভাৰতবৰ্ষৰ উন্নতি আৰু বিকাশত যাতে পশ্চিম এছিয়া আৰু উপ-সাগৰীয় এলেকাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই দেশসমূহৰ লগত যাতে ভাৰতবৰ্ষৰ সম্পৰ্ক সু-দৃঢ় হয় তাৰেই প্ৰত্যাশা ৰাখিছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future