নেপাল ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ—
“চতুৰ্থ বিমষ্টেক সন্মিলনত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে মই ৩০-৩১ আগষ্টত কাঠমাণ্ডুত থাকিম৷

সন্মিলনত মোৰ অংশগ্ৰহণে চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি ভাৰতৰ সৰ্বোচ্চ অগ্ৰাধিকাৰক প্ৰতিফলিত কৰে আৰু দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সংকল্পক দোহাৰে৷

সন্মিলনত মই বিমষ্টেক নেতাসকলৰ সৈতে আলোচনাত ভাগ ল’ম আৰু আমাৰ আঞ্চলিক সহযোগিতা বৃদ্ধি, বাণিজ্যিক সম্পৰ্ক উন্নত কৰা আৰু এখন শান্তি-সম্প্ৰীতিৰে ভৰা বংগোপ সাগৰ অঞ্চল গঢ়াৰ সামগ্ৰিক প্ৰচেষ্টা সন্দৰ্ভত মতবিনিময় কৰিম৷

সন্মিলনৰ মূল বিষয়বস্তু হ’ল—এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু বহনক্ষম বংগোপ সাগৰ অঞ্চলৰ দিশে এখোজ৷ ইয়ে আমাৰ উমৈহতীয়া আকাংক্ষা আৰু প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পৰাকৈ সংগবদ্ধ প্ৰচেষ্টাক মূৰ্ত ৰূপ প্ৰদান কৰিব৷

মই দৃঢ় বিশ্বাসী যে বিমষ্টেক সন্মিলনে এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু বহনক্ষম বংগোপ সাগৰ অঞ্চল গঢ়াত সহায়ক বিবেচিত হ’ব৷

বিমষ্টেক সন্মিলনৰ সময়ছোৱাত মই বাংলাদেশ, ভূটান, ম্যানমাৰ, শ্ৰীলংকা আৰু থাইলেণ্ডৰ নেতৃবৃন্দৰ সৈতে মতবিনিময়ৰ সুযোগ পাম৷

নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰীমান কে.পি শৰ্মা অ’লীক সাক্ষাৎ কৰিবলৈও মই আগ্ৰহেৰে বাট চাইছো৷ মে’,২০১৮ত মোৰ অন্তিম নেপাল ভ্ৰমণৰ পাছত আমি পুনৰ এবাৰ আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বুজ ল’ব পাৰিম৷

প্ৰধানমন্ত্ৰী অ’লী আৰু মই পশুপতিনাথ মন্দিৰ কমপ্লেক্সত নেপাল ভাৰত মৈত্ৰী ধৰমশালা উদ্বোধন কৰাৰ সৌভাগ্য অৰ্জন কৰিম৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Union Cabinet approves higher MSP for 14 Kharif crops for 2026-27 marketing season

Media Coverage

Union Cabinet approves higher MSP for 14 Kharif crops for 2026-27 marketing season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure