PM’s statement prior to his departure to Davos

ডাভোচলৈ উৰা মৰাৰ আগতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিজ্ঞপ্তিৰ লিখিত ৰূপ তলত দিয়া হ’লঃ

“মই ভাৰতৰ পৰম বন্ধু তথা বিশ্ব অৰ্থনৈতিক মঞ্চৰ প্ৰতিষ্ঠাতা অধ্যাপক ক্লাউছ স্কোৱাবৰ আমন্ত্ৰণ লাভ কৰাৰে পৰা ডাভোচত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাবে আগ্ৰহেৰে বাট চাইছিলো। এই মঞ্চৰ বিষয়বস্তু “ছিন্ন-ভিন্ন বিশ্বৰ বাবে এক উমৈহতীয়া ভৱিষ্যত” অতি তাৎপৰ্যপূৰ্ণ আৰু প্ৰাসঙ্গিক। 

সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা তথা বিশ্বৰ প্ৰশাসনিক আন্তঃগাঁথনিৰ বাবে সমগ্ৰ বিশ্বৰ নেতা, চৰকাৰ, নীতি নিৰ্ধাৰক, কৰ্পোৰেট আৰু সভ্য সামজে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে।

সাম্প্ৰতিক সময়ত বৰ্হিবিশ্বৰ লগত ভাৰতৰ অংশগ্ৰহণ ৰাজনৈতিক, অৰ্থনৈতিক, ব্যক্তিগত পৰ্যায়ত, সুৰক্ষাৰ দিশত আৰু আন আন ক্ষেত্ৰত অতি প্ৰভাৱশালী তথা বহুমূখী হৈছে।

ডাভোচত মই আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে ভাৰতৰ ভৱিষ্যতৰ সম্পৰ্কৰ বিষয়ত বহু কথা আলোচনা কৰিম বুলি আশা কৰিছো।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ কাৰ্যক্ৰম সমূহৰ উপৰিও মই পৃথকে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি মাননীয় শ্ৰী এলেইন বেৰছেট আৰু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী ষ্টিফেন লফভেনৰ লগত দ্বিপাক্ষিক বৈঠকত মিলিত হ’ম।  

মই নিশ্চিত যে  এই দ্বিপাক্ষিক বৈঠক ফলপ্ৰসূ হ’ব আৰু দুয়োখন দেশৰ ভৱিষ্যতৰ অৰ্থনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.