ৰাষ্ট্রপতি মুন জে ইনৰ আমন্ত্রণ মৰ্মে মই কোৰিয়া ভ্ৰমণলৈ বুলি ওলাইছো। কোৰিয়ালৈ মোৰ এইটো হ’ব দ্বিতীয়টো ভ্ৰমণ আৰু ৰাষ্ট্রপতি মুনৰ সৈতে এয়া হ’ব দ্বিতীয়টো বৈঠক।

বিগত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্রপতি মুন জে ইন আৰু ফার্স্ট লেডী শ্রীমতী কিম ঝাং–ছ্যুকক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য হৈছিল।

কোৰিয়াক আমাৰ এক গুৰুত্বপূৰ্ণ বন্ধু দেশ হিচাপেই আমি গণ্য কৰো আৰু সেই দেশৰ সৈতে আমার বিশেষ কৌশলগত অংশীদাৰীত্বৰো সম্পর্ক আছে। আন্তর্জাতিক আৰু আঞ্চলিক নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্রতোদুয়োখন দেশেই একে পাৰস্পৰিকভাৱে নিজৰ মতামত বিনিময় কৰি থাকে। দুয়োখন দেশেই অর্থনৈতিক আৰুঅন্যান্য ক্ষেত্রতো পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখিছে। কোৰিয়াই ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টার্ট-আপ ইণ্ডিয়া’ আৰু ‘ক্লীন ইণ্ডিয়া’ প্ৰকল্পৰো গুৰুত্বপূর্ণ অংশীদাৰ দেশ। বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্রতো দুয়োখনদেশৰ সহযোগিতা অতিকৈ উৎসাহজনক। বিজ্ঞান ক্ষেত্রত দুয়োখন দেশৰ গৱেষণামূলক কামকাজ প্ৰাথমিক পৰ্যায়ৰ পৰা আধুনিক পর্যায় পর্যন্ত সম্প্রসাৰিত।

 

ভাৰত আৰু কোৰিয়াৰ জনসাধাৰণেও দ্বিপাক্ষিক বন্ধুত্বৰ সম্পর্ক অতি মজবুত কৰি ৰাখিছে। বিগত নৱেম্বৰতঅযোধ্যাত আয়োজিত ‘দীপোৎসৱ’ অনুষ্ঠানলৈ কোৰিয়াৰ ফাৰ্ষ্ট লেডীক পঠিওৱাৰ বাবে  ৰাষ্ট্রপতি মুনে গ্ৰহণ কৰা সিদ্ধান্তই আমাৰ মন স্পৰ্শ কৰি গৈছিল।

 

ভাৰতৰ পূৱলৈ চোৱা নীতি আৰু কোৰিয়াৰ নতুন দক্ষিণ নীতিৰ দিশেৰে দুয়োখন দেশৰ সম্পর্কৰ গভীৰতা আৰুবৈচিত্র্য বৃদ্ধি পাইছে। দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি আৰু শান্তিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়াইভৱিষ্যৎ অংশীদাৰিত্বৰ লক্ষ্যৰে দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

 

কোৰিয়া ভ্ৰমণকালত ৰাষ্ট্রপতি মুনৰ সৈতে বাৰ্তালাপ-আলোচনা আদিৰ উপৰিও মই সেই দেশৰ উদ্যোগপতি,ভাৰতীয় সম্প্রদায়ৰ লোক আৰু সমাজৰ সকলোক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও সাক্ষাৎ কৰিম।

 

এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ অংশীদাৰীত্বমূলক সম্পর্ক আৰু শক্তিশালী হ’ব বুলি আমি বিশ্বাসী আৰু আশাবাদী।

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's electronics goods exports clock 35% surge to record high in Dec

Media Coverage

India's electronics goods exports clock 35% surge to record high in Dec
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi pays homage to Thiru M G Ramachandran on his birth anniversary
January 17, 2025

The Prime Minister, Shri Narendra Modi has paid homage to Thiru M G Ramachandran on his birth anniversary, today. Shri Modi remarked that we are greatly inspired by his efforts to empower the poor and build a better society.

The Prime Minister posted on X:

"I pay homage to Thiru MGR on his birth anniversary. We are greatly inspired by his efforts to empower the poor and build a better society."