ৰাষ্ট্রপতি মুন জে ইনৰ আমন্ত্রণ মৰ্মে মই কোৰিয়া ভ্ৰমণলৈ বুলি ওলাইছো। কোৰিয়ালৈ মোৰ এইটো হ’ব দ্বিতীয়টো ভ্ৰমণ আৰু ৰাষ্ট্রপতি মুনৰ সৈতে এয়া হ’ব দ্বিতীয়টো বৈঠক।

বিগত বৰ্ষৰ জুলাই মাহত ৰাষ্ট্রপতি মুন জে ইন আৰু ফার্স্ট লেডী শ্রীমতী কিম ঝাং–ছ্যুকক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য হৈছিল।

কোৰিয়াক আমাৰ এক গুৰুত্বপূৰ্ণ বন্ধু দেশ হিচাপেই আমি গণ্য কৰো আৰু সেই দেশৰ সৈতে আমার বিশেষ কৌশলগত অংশীদাৰীত্বৰো সম্পর্ক আছে। আন্তর্জাতিক আৰু আঞ্চলিক নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্রতোদুয়োখন দেশেই একে পাৰস্পৰিকভাৱে নিজৰ মতামত বিনিময় কৰি থাকে। দুয়োখন দেশেই অর্থনৈতিক আৰুঅন্যান্য ক্ষেত্রতো পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰাখিছে। কোৰিয়াই ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টার্ট-আপ ইণ্ডিয়া’ আৰু ‘ক্লীন ইণ্ডিয়া’ প্ৰকল্পৰো গুৰুত্বপূর্ণ অংশীদাৰ দেশ। বিজ্ঞান আৰু প্রযুক্তি ক্ষেত্রতো দুয়োখনদেশৰ সহযোগিতা অতিকৈ উৎসাহজনক। বিজ্ঞান ক্ষেত্রত দুয়োখন দেশৰ গৱেষণামূলক কামকাজ প্ৰাথমিক পৰ্যায়ৰ পৰা আধুনিক পর্যায় পর্যন্ত সম্প্রসাৰিত।

 

ভাৰত আৰু কোৰিয়াৰ জনসাধাৰণেও দ্বিপাক্ষিক বন্ধুত্বৰ সম্পর্ক অতি মজবুত কৰি ৰাখিছে। বিগত নৱেম্বৰতঅযোধ্যাত আয়োজিত ‘দীপোৎসৱ’ অনুষ্ঠানলৈ কোৰিয়াৰ ফাৰ্ষ্ট লেডীক পঠিওৱাৰ বাবে  ৰাষ্ট্রপতি মুনে গ্ৰহণ কৰা সিদ্ধান্তই আমাৰ মন স্পৰ্শ কৰি গৈছিল।

 

ভাৰতৰ পূৱলৈ চোৱা নীতি আৰু কোৰিয়াৰ নতুন দক্ষিণ নীতিৰ দিশেৰে দুয়োখন দেশৰ সম্পর্কৰ গভীৰতা আৰুবৈচিত্র্য বৃদ্ধি পাইছে। দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি আৰু শান্তিৰ লক্ষ্যৰে ভাৰত আৰু কোৰিয়াইভৱিষ্যৎ অংশীদাৰিত্বৰ লক্ষ্যৰে দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী কৰি তুলিব।

 

কোৰিয়া ভ্ৰমণকালত ৰাষ্ট্রপতি মুনৰ সৈতে বাৰ্তালাপ-আলোচনা আদিৰ উপৰিও মই সেই দেশৰ উদ্যোগপতি,ভাৰতীয় সম্প্রদায়ৰ লোক আৰু সমাজৰ সকলোক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও সাক্ষাৎ কৰিম।

 

এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ অংশীদাৰীত্বমূলক সম্পর্ক আৰু শক্তিশালী হ’ব বুলি আমি বিশ্বাসী আৰু আশাবাদী।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Reforms, agile economic management bearing fruit: FM on 7.8% Q1 GDP growth

Media Coverage

Reforms, agile economic management bearing fruit: FM on 7.8% Q1 GDP growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the qualities of a truly wise person
September 01, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the qualities of a truly wise person.

The Prime Minister wrote on X;

"यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।

कृतमेवास्य जानन्ति स वै पण्डित उच्यते॥"

A truly wise person is one whose plans and actions remain hidden from others until they are completed. Such a disciplined, discerning and thoughtful person is rightly regarded as truly wise.