Calls for better standing in ‘Toyoconomy’
Underlines the importance of toy sector in taking development and growth to the neediest segments
We need be vocal for local toys: PM
The world wants to learn about India’s capabilities, art and culture and society, toys can play a big role in that: PM
India has ample content and competence for digital gaming: PM
75th anniversary of India’s Independence is a huge opportunity for the innovators and creators of the toy industry: PM

আপোনালোকৰ কথা শনি মোৰ খুবেই ভাল লাগিছে আৰু মোৰ আনন্দ লাগিছে যে আমাৰ সতীৰ্থ মন্ত্ৰী পিয়ুষ জী, সঞ্জয় জীকে ধৰি এই সকলো ব্যক্তি আজি আমাৰ সৈতে আছে আৰু ‘টয়কাথন’লৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অংশগ্ৰহণকাৰী তথা অন্য মহানুভৱসকল তথা আজি এই কাৰ্যক্ৰম চাই থকাসকল

চাওক, আমাৰ ইয়াত কোৱা হয়- ‘সাহসে খলু শ্ৰীঃ বসতি’। অৰ্থাত্, ‘সাহসতহে শ্ৰী থাকে, সমৃদ্ধি সম্ভৱ হয়’। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ প্ৰথমখন ‘টয়কাথন’-ৰ আয়য়োজনে এই ভাৱনাকে শক্তি-সমৃদ্ধ কৰে। এই ‘টয়কাথন’-ত আমাৰ কিশোৰ বন্ধুসকলৰ লগতে যুৱ-বন্ধু, শিক্ষক, ষ্টাৰ্টআপ আৰু উদ্যমীসকলেও পৰম উতসাহৰে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰতে ডেৰহাজাৰৰো অধিক দলে ‘গ্ৰেণ্ড ফিনালে’-ত যোগদান কৰা কথাই আক্ষৰিক অৰ্থতে উজ্জ্বল ভৱিষ্যতৰ সংকেত দিছে বুলি ক’ব লাগিব। এই ‘পুতলা আৰু খেল’ৰ ক্ষেত্ৰখনে আত্মনিৰ্ভৰ ভাৰত অভিযানকো শক্তিসমৃদ্ধ কৰিব। ইয়াত কিছু সংখ্যক বন্ধুয়ে আগবঢ়োৱা বহুত ভাল ‘আইডিয়া’ও উন্মোচিত হোৱা দেখিবলৈ পোৱা গৈছে। এতিয়া কিছু সংখ্যক বন্ধুৰ সৈতে কথা-বতৰা হোৱাৰ সুয়োগ পাইছিলো। ইয়াৰ বাবে মই আকৌ এবাৰ সকলোকে অভিনন্দন জনাব খুজিছো।

বন্ধুসকল,

বিগত ৫-৬টা বছৰত ‘হেকাথন’ক দেশৰ সমস্যাসমূহ সমাধানৰ এক বৃহত্ মঞ্চৰ ৰূপত গঢ়ি তোলা হৈছে। ইয়াৰ নেপথ্যত থকা ভাৱনা হৈছে- ‘দেশৰ সামৰ্থ্যসমূহক সংগঠিত কৰা, সেইবোৰক এক মাধ্যম প্ৰদান কৰা’। দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু সমাধানৰ সৈতে আমাৰ নৱ-প্ৰজন্মৰ পোন-পতীয়া সম্পৰ্ক অধিক শক্তিশালী হ’লে আমাৰ যুৱশক্তিৰ প্ৰতিভাও উন্মোচিত হয় আৰু লগতে দেশেও উন্নত সমাধানসূত্ৰ লাভ কৰিব পাৰে। দেশৰ প্ৰথমখন ‘টয়াকাথন’ৰ উদ্দেশ্যও এয়াই। মোৰ মনত আছে, মই ‘খেলনা আৰু ডিজিটেল গে’মিঙ’ৰ পৃথিৱীত আত্মনিৰ্ভৰতা আৰু স্থানীয় সমাধানৰ বাবে যুৱ বন্ধুসকলক আহ্বান জনাইছিলো। তাৰ এক ইতিবাচক সঁহাৰি দেশত দেখিবলৈ পোৱা গৈছে। অৱশ্যে, কিছুসংখ্যক লোকে ভাবিছে ‘খেলনাহে, ইয়াকো লৈনো ইমানকৈ ভবাৰ, ইমান গম্ভীৰ চৰ্চা কৰাৰ কি প্ৰয়োজন আছে’? দৰাচলতে এই ‘পুতলা’, এই ‘গে’মছ’, আমাৰ মানসিক শক্তি, আমাৰ সৃষ্টিশীলতা আৰু আমাৰ অৰ্থব্যৱস্থাৰ ওপৰত, এনে অনেক দিশক প্ৰভাৱিত কৰে। সেয়ে, এনেবোৰ বিষয়ৰ কথা চৰ্চা কৰাটোও সিমানেই আৱশ্যক হয়। আমি সকলোৱে জানো যে শিশুসকলৰ প্ৰথম কথা-বতৰা এই পতলাৰ মাধ্যমৰেই হয়। আপোনালোকে নিশ্চয় দেখিছে যে, শিশুসকলে পুতলাৰ সৈতে কথা-বতৰা পাতি থাকে, সিহঁতক নিৰ্দেশ দিয়ে, সিহঁতৰ হতুৱাই কিছুমান কামো কৰায়। কিয়নো, তাৰ পৰাই তেওঁলোকৰ সামাজিক চিন্তনৰ এক প্ৰকাৰে আৰম্ভণী হয়। সেইদৰেই, এই ‘পুতলা’, এই ‘ব’ৰ্ড গে’মছ’, লাহে লাহে তেওঁলোকৰ স্কুলীয়া জীৱনৰো এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰে, শিকা আৰু শিকোৱাৰ মাধ্যম হৈ উঠে। তদুপৰি, পুতলাৰে জড়িত আৰু এটা বহুত ডাঙৰ পক্ষ আছে যাক সকলোৱে জনাটো নিতান্তই জৰুৰী। এয়া হৈছে ‘টয়জ আৰু গেমিং’-ৰ পৃথিৱীখনৰ অৰ্থব্যৱস্থা-‘টয়ক’নমী’। আজি আমি যি মুহূৰ্তত কথা পাতি আছো, তেতিয়া গোলকীয় পুতলাৰ বাণিজ্যক্ষেত্ৰখন পৰিসৰ প্ৰায় ১০০বিলিয়ন ডলাৰৰ হৈছেগৈ। এই বিশাল ক্ষেত্ৰখনত ভাৰত অংশীদাৰিত্ব কেৱল ডেৰ বিলিয়ন ডলাৰৰ আশে-পাশে আছে, কেৱল ডেৰ বিলিয়ন মাত্ৰ। আজিৰ তাৰিখতো আমাৰ দেশত প্ৰয়োজন হোৱা ৮০% পুতলাই বিদেশৰ পৰা আমদানি কৰো। অৰ্থাত, ইয়াৰ বাবেও দেশৰ কোটি কোটি টকা বাহিৰলৈ গৈ আছে। এই পৰিস্থিতি সলনি কৰাৰ খুবেই প্ৰয়োজনীয়তা আছে। আৰু এয়া কেৱল তথ্যই নহয়, বৰঞ্চ এই খণ্ডই, দেশৰ সেই বৰ্গ পৰ্যন্ত, সেই অংশ পৰ্যন্ত বিকশিত কৰাৰ সামৰ্থ্য বহণ কৰে, য’ত ইয়াৰ এতিয়া সকলোতকৈ অধিক প্ৰয়োজনীয়তা আছে। খেলৰে জড়িত আমাৰ কুটীৰ শিল্পই হওক, আমাৰ কলাই হওক, আমাৰ কাৰিকৰীয়েই হওক, সেয়া গাঁও, দৰিদ্ৰ, দলিত, আদিবাসী সমাজতহে অধিক সংখ্যাত উপলব্ধ। আমাৰ এইসকল বন্ধুৱে তেনেই সীমিত সংসাধনৰেই আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতিক নিজৰ উত্তম কলাৰে উজলাই তুলি আমাৰ পুতলাবোৰত অৰ্পিত কৰিছে। ইয়াৰ দ্বাৰাও বিশেষ ৰূপত আমাৰ বাই-ভনীসকল, আমাৰ জীয়ৰীসকলে বহু ডাঙৰ ভূমিকা পালন কৰি আহিছে।  পুতলাৰে জড়িত খণ্ডটোৰ বিকাশৰে, এইসকল মহিলাৰে সৈতে দেশৰ দূৰ-দূৰণিৰ অঞ্চলসমূহত বসবাস কৰা আমাৰ আদিবাসী আৰু আৰু দপখীয়া মিত্ৰসকলৰো বহুত লাভ হ’ব। পিচে, এয়া তেতিয়াহে সম্ভৱ হ’ব য়েতিয়া, আমি নিজৰ স্থানীয় পুতলা সন্দৰ্ভত ‘ভোকেল’ হ’ম, ‘লোকেল’ৰ বাবে ‘ভোকেল’ হোৱাটো নিতান্তই জৰুৰী আৰু তাকে উত্তম ৰূপত সম্পাদিত কৰিবলৈ, গোলকীয় বাণিজ্য ক্ষেত্ৰত যোগ্য কৰি তোলাৰ বাবে সকলো পৰ্যায়তে উতসাহিত কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ বাবে উদ্ভাৱনৰ পৰা বিত্তীয় সহযোগিতালৈকে নতুন আৰ্হি প্ৰস্তুত কৰাৰ বিশেষ প্ৰয়োজন আছে। প্ৰতিটো নতুন ‘আইডিয়া’ক প্ৰতিপালন কৰাৰ প্ৰয়োজন আছে। নতুন ‘ষ্টাৰ্টআপ’ক কেনেকৈ ‘প্ৰমোট’ কৰিব লাগে আৰু পুতলাৰ পাৰম্পাৰিক কলাসমূহক, কলাকাৰসকলক কেনেকৈ নতুন প্ৰযুক্তি, নতুন বজাৰৰ চাহিদাৰ অনুসাৰে তৈয়াৰ কৰি উলিওৱা হয়, এই বিষয়েও চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। ‘টয়কাথন’ৰ দৰে কাৰ্যক্ৰমৰ আয়োজনৰ নেপথ্যত এনে চিন্তাই কৰা হৈছে।

বন্ধুসকল,

সস্তীয়া ‘ডাটা’ আৰু ‘ইণ্টাৰনেট’লৈ অহা তত্পৰতাই আজি গাঁও গাঁও পৰ্যন্ত দেশক ডিজিটেলী সংযোজিত কৰি আছে। ইয়াৰ ফলত শাৰিৰীক ‘খেল’ আৰু ‘খেলনা’ৰ লগতে ‘ভাৰ্চুৱেল’, ‘ডিজিটেল’, ‘অনলাইন গেমিং’-তো ভাৰতৰ সম্ভাৱনা আৰু সামৰ্থ্য, দুয়োটাই দুৰন্ত গতিৰে বাঢ়িবলৈ ধৰিছে। পিচে, যিমানবোৰ ‘অনলাইন’ বা ‘ডিজিটেল গে’মছ’ আজি বজাৰত উপলব্ধ হৈ আছে, তাৰ ভিতৰৰ সৰহ সংখ্যকৰে ‘কনচেপ্ট’ ভাৰতীয় নহয়। এইবোৰ আমাৰ চিন্তা-চৰ্চাৰে মিলা ধণৰ নহয়। আপোনালোকেও জানে যে ইয়াৰ অনেক ‘গেমছ’-ৰ ‘কনচেপ্ট’ হয় হিংসাত্মক কথা-কাণ্ডক উতসাহিত কৰা বিধৰ অথবা মানসিক চাপৰ কাৰক হিচাপে পৰিগণিত হোৱা ধৰণৰ। সেয়ে, এনেবোৰ ‘কনচেপ্ট’ৰ বৈকল্পিক  ‘কনচেপ্ট’ৰে আৰ্হি যুগুতোৱা খেল বিকশিত কৰা, য’ত ভাৰতীয় মূল চিন্তা, সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণ সাধনৰে জড়িত কথা-বতৰাৰে প্ৰণিত হোৱা বিধৰ আৰ্হি যুগুতোৱা আৰু কাৰিকৰীগত ভাবে উন্নত, আমোদ দায়ক, সুস্থ-সবল হোৱা বিধৰ খেল যুগুতাই উলিওৱাটো আমাৰ দায়িত্ব হোৱা উচিত। আৰু মই এতিয়া স্পষ্টকৈয়ে দেখিবলৈ পাইছো যে ‘ডিজিটেল গেমিং’-ৰ বাবে জৰুৰী বিষয়বস্তু আৰু সামৰ্থ্যতা আমাৰ দেশত প্ৰচুৰ পৰিমাণেই আছে। আমি ‘টয়কাথন’-তো ভাৰতৰ এই শক্তিক বাৰুকৈয়ে দেখিবলৈ পাইছো। ইয়াতো যিবোৰ ‘আইডিয়া’ নিৰ্বাচিত কৰা হৈছে, সেইবোৰত গণিত আৰু ৰসায়ন বিজ্ঞানক সহজ কৰা ধৰণৰ অৱধাৰণা আছে, আৰু লগতে ‘মূল্যবোধ সম্পন্ন সমাজ’ক শক্তিশালী কৰিব পৰা চিন্তনো আছে। এতিয়া ‘আই কাগ্ৰীটো’ ‘গেমিঙ’ৰ যি ধাৰণা আপোনালোকে দিছে, ইয়াতো ভাৰতৰ এই শক্তিয়েই সমাবেশিত হৈছে। ‘যোগ’ৰ পৰা ‘ভি-আৰ’ আৰু ‘এ-আই’ প্ৰযুক্তিৰে জড়িত কৰি এক নতুন ‘গেমিং’ সমাধান পৃথিৱীক দিবলৈ লোৱাতো অতিকে সুন্দৰ এক প্ৰয়াস। সেইদৰেই আয়ুৰ্বেদৰে জড়িত ‘ব’ৰ্ড গেমছ’ও পুৰাতন আৰু নতুনৰ এক অদ্ভুত সংগম হিচাপে পৰিগণিত হৈছে। এই ‘গেমছ’য়ে ‘যোগ’ক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সম্প্ৰচাৰিত কৰাৰ ক্ষেত্ৰত অনন্য ভূমিকা পালন কৰিব যে সেয়া নিশ্চয় আশা কৰিব পাৰি।

বন্ধুসকল,

ভাৰতৰ বৰ্তামান সামৰ্থ্যসমূহক, ভাৰতৰ কলা-সংস্কৃতিক, ভাৰতৰ সমাজক আজি পৃথিৱীয়ে অধিক আগ্ৰহৰে বুজি উঠিবলৈ উত্সুকতা প্ৰদৰ্শন কৰিবলৈ ধৰিছে। এনে প্ৰেক্ষাপটত আমাৰ ‘পুতলা আৰু গেমিং’ উদ্যোগে বহুত ডাঙৰ ভূমিকা পালন কৰিব পাৰে। সকলো যুৱ-উদ্ভাৱক, প্ৰতিটো ‘ষ্টাৰ্টআপ’ৰ প্ৰতি মোৰ এটাই অনুৰোধ যে তেওঁলোকে এটা কথাত নিতান্তই চকু দিয়ক। আপোনালোকৰ ওপৰত পৃথিৱীৰ প্ৰান্তে প্ৰান্তে ভাৰতৰ চিন্তা আৰু ভাৰতৰ সামৰ্থ্য দুয়োটাকে সাব্যস্ত কৰাৰ দায়িত্ব অৰ্পিত হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ পৰা ‘বসুধৈৱ কুটুম্বকম’-ৰ আমাৰ শাশ্বত চিন্তনক সমৃদ্ধ কৰাৰো দায়িত্ব আপোনালোকৰ ওপৰত আছে। আজি দেশৰ স্বাধীনতাৰ ৭৫বৰ্ষ পূৰ্তিৰ অমৃত মহোত্সৱ উদযাপন কৰিবলৈ ওলোৱাৰ মুহূৰ্তত এই ‘টয় আৰু গেমিং’-ৰে জড়িত সকলো উদ্ভাৱক আৰু স্ৰষ্টাৰ বাবে এক বৃহত্ সুযোগ উপস্থিত হৈছেহি। স্বাধীনতা সংগ্ৰামৰে জড়িত অনেক কাহিনী আছে যিবোৰক ৰাইজৰ মাজলৈ উলিয়াই অনাৰ প্ৰয়োজন আছে। আমাৰ স্বাধীনতা সংগ্ৰামী, আমাৰ সেনানীসকলৰ শৌৰ্য, নেতৃত্বৰে বিজড়িত নানা কাহিনী ‘খেলনা আৰু গে’মছ’ৰ বিষয়বস্তুৰ ৰূপত যুগুতাব পৰা যায়। আপোনালোকে ভাৰতৰ লোক-গাঁথাক ভৱিষ্যতৰ অৱধাৰণাৰে গঢ়ি তুলিব পাৰে। আপোনালোকৰ দৰে যুৱ উদ্ভাৱকসকলক লৈ দেশে বহু আশা কৰে। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকে নিজৰ নিজৰ লক্ষ্যত নিশ্চয় সফল হ’বই, আপোনালোকে নিজৰ সপোনবোৰ বাস্তৱ কৰিব পাৰিবই। আকৌ এবাৰ এই ‘টয়কাথন’-ৰ সাফল্ আয়োজনৰ বাবে মই বহুত বহুত শুভ কামনা জ্ঞাপন কৰিলোঁ।

ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tax Bill 2026 clears tax hurdles for electronics manufacturing and boosts India's global supply chain competitiveness

Media Coverage

Tax Bill 2026 clears tax hurdles for electronics manufacturing and boosts India's global supply chain competitiveness
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.