Blessed to be associated with the project of Kashi Vishwanath Dham: PM
With the blessings of Bhole Baba, the dream of Kashi Vishwanath Dham has come true: PM Modi
Direct link is being established between the River Ganga and Kashi Vishwanath Temple: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়৷ মন্দিৰ প্ৰাংগনত এটা প্ৰকল্পৰ সাংকেতিক আধাৰশিলা স্থাপন কৰি তেওঁ উপস্থিত জনতাক সম্বোধন কৰে৷  তেওঁ কয় যে কাশী বিশ্বনাথ ধামৰ এই প্ৰকল্পৰ সৈতে নিজকে জড়িত কৰিবলৈ পাই তেওঁ প্ৰকৃতাৰ্থত সৌভাগ্যৱান অনুভৱ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ সৈতে জড়িত বিষয়-ববীয়াসকলৰ শলাগ লোৱাৰ লগতে প্ৰকল্পটোৰ বাবে নিজৰ ভূমি এৰি দিয়া মন্দিৰৰ চৌদিশৰ লোকসকলক তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

তেওঁ কয় যে কাশী বিশ্বনাথ মন্দিৰে শতিকা ধৰি বহু উত্থান-পতন অতিক্ৰম কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাণী অহিয়াবাই হলকাৰক স্মৰণ কৰাৰ লগতে কাশী বিশ্বনাথ মন্দিৰৰ উন্নয়নৰ ক্ষেত্ৰত দুই শতিকা পূৰ্বে তেওঁ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়াৰ পৰা শাসনত থকা লোকসকলে মন্দিৰটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া নাছিল৷ কিন্তু এতিয়া সমগ্ৰ মন্দিৰ চৌহদৰ পুনৰ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ফলাফল আপোনালোকে দেখি আছে৷

প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে আজি আধাৰশিলা স্থাপন হোৱা প্ৰকল্পটোৱে কাশীক বিশ্বৰ মানচিত্ৰত নতুন পৰিচয় প্ৰদান কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26

Media Coverage

India’s pharma exports cross $28 bn till February, likely to end up with growth in rupee terms in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 এপ্ৰিল 2026
April 05, 2026

From Aatmanirbhar to Viksit Bharat: PM Modi’s Leadership Powers India’s Multi-Sector Triumph