India's ties with Africa are time-tested. The Government of India has deepened engagement with Africa: PM Modi
Several African students come to India to study and also receive scholarships: PM Modi
The Digital Revolution is bringing new opportunities for us. It is essential to look at AI and big data analytics closely: PM Modi

মাননীয় ৰাষ্ট্ৰপতি চাইৰিল ৰামাফ’ছা মহোদয়,

ব্ৰিকছৰ মোৰ সহকৰ্মীসকল,

সমগ্ৰ বিশ্বৰ পৰা উপস্থিত মোৰ আদৰণীয় সহযোগীসকল,

সৰ্বপ্ৰথমে মই ব্ৰিকছত আউটৰিচ্চ প্ৰক্ৰিয়াক সৱলীকৰণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফ’ছা মহোদয়ক অভিনন্দন জনাইছোঁ৷ ব্ৰিকছ আৰু অন্য উদ্ভাসিত অৰ্থব্যৱস্থাসমূহৰ মাজত এই সংবাদ বিকাশৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তাধাৰাৰ আদান-প্ৰদানৰ এক উল্লেখযোগ্য অৱকাশ হিচাপে বিবেচিত হৈছে৷ ইয়াত আফ্ৰিকান দেশৰ বৃহৎ সংখ্যাত হোৱা উপস্থিতি স্বাভাৱিক তথা প্ৰসন্নতাৰ বিষয়৷ আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্বন্ধ ঐতিহাসিক আৰু দৃঢ়৷ আফ্ৰিকাত স্বতন্ত্ৰতা, বিকাশ আৰু শান্তিৰ বাবে ভাৰতৰ ঐতিহাসিক প্ৰয়াসৰ ব্যাপ্তি সন্দৰ্ভত মোৰ চৰকাৰে সকলোতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে৷ বিগত চাৰিটা বৰ্ষত ৰাজ্য আৰু চৰকাৰৰ মুখ্য পৰ্যায়ত ১০০ত কৈও অধিক পৰস্পৰৰ যাত্ৰা আৰু সাক্ষাৎকাৰৰ জৰিয়তে আমাৰ আৰ্থিক সম্বন্ধ আৰু বিকাশ সহযোগিতাই নতুন উচ্চতাত আৰোহণ কৰিছে৷ আজি ৪০খনত কৈও অধিক আফ্ৰিকান দেশত ১১ বিলিয়নতকৈও অধিক ১৮০টা ঋণৰ শাৰী অব্যাহত আছে৷ প্ৰতি বৰ্ষত ৮০০০জন আফ্ৰিকাৰ শিক্ষাৰ্থীক ভাৰতত জলপানি প্ৰদান, ৪৮খন আফ্ৰিকান দেশত টেলি-মেডিচিনৰ বাবে ই-নেটৱৰ্ক আৰু ব্যক্তিগত খণ্ডৰ দ্বাৰা ৫৪ বিলিয়ন ডলাৰ বিনিয়োগৰ দ্বাৰা আফ্ৰিকাত তেওঁলোকৰ প্ৰয়োজনীয়তাৰ ভিত্তিত সামৰ্থ নিৰ্মাণ হৈ আছে৷ পৰহি উগাণ্ডাৰ সংসদত সম্বোধন কৰি মই ভাৰত আৰু আফ্ৰিকাৰ সহযোগিতাৰ ১০টা সিদ্ধান্তৰ বিষয়ে বিস্তৃতভাৱে বৰ্ণনা কৰিছোঁ৷ এই ১০টা সিদ্ধান্ত আফ্ৰিকাৰ প্ৰয়োজনীয়তা অনুসাৰে বিকাশৰ বাবে সহযোগ, শান্তি আৰু সুৰক্ষাৰ বাবে চৰকাৰ আৰু আমাৰ জনতাৰ মাজত শতিকাজোৰা পুৰণি সম্বন্ধক শক্তিশালী কৰাৰ বাবে দিশ নিৰ্দেশায়িত কৰা হৈছে৷ আফ্ৰিকান মহাদেশীয় মুক্ত বাণিজ্য ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ প্ৰণয়নৰ বাবে মই সকলো আফ্ৰিকান দেশক অভিনন্দন জনাইছোঁ৷ আফ্ৰিকাত ক্ষেত্ৰীয় অৰ্থনৈতিক সংবদ্ধতাৰ বাবে হোৱা বিভিন্ন প্ৰয়াসক মই স্বাগতম জনাইছোঁ৷

সন্মানীয়সকল,

মুক্ত বাণিজ্যই যোৱা তিনিটা দশকত লক্ষাধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে৷ গোলকীকৰণ আৰু বিকাশৰ লাভ জনসাধাৰণক প্ৰদান কৰাটো এই প্ৰক্ৰিয়া মুখ্য অংশ আছিল৷ আৰু বিশ্বায়ন দক্ষিণ এই প্ৰয়াসৰ সমান অংশীদাৰ আছিল৷ ২০০৮ চনৰ আৰ্থিক সংকটৰ পিছত গোলকীকৰণৰ এই মূল পদক্ষেপত সংৰক্ষণবাদৰ ক’লা ডাৱৰে আৱৰি ৰাখিছে৷ এই প্ৰবৃত্তিৰ আৰু বিকাশৰ দৰত মন্দাৱস্থাৰ সকলোতকৈ বেয়া প্ৰভাৱ আমাৰ নিচিনা দেশসমূহৰ ওপৰত পৰিছে যিবোৰে ঔপনিৱেশকতাৰ কালচোৱাত ঔদ্যোগিক প্ৰগতিৰ লাভ উঠাব নোৱাৰিলে৷ আজি আমি পুনৰবাৰ ঐতিহাসিক ক্ষণত উপস্থিত হৈছোঁ৷ ডিজিটেল নৱজাগৰণে আমালৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে৷ আৰু সেইবাবে এয়া প্ৰয়োজনীয় যে আমি অট’মেচন, কৃত্ৰিম বুদ্ধিমতা আৰু বিগ ডাটা বিশ্লেষণৰ ফলত হোৱা পৰিৱৰ্তনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত৷ ইয়াৰ বাবে ডিজিটেল আন্তঃগাঁথনি আৰু দক্ষ কৰ্মশক্তিত বিনিয়োগৰ আৱশ্যক হ’ব৷ আৰু লগতে সমাহিত বিশ্বজনীন মূল্য শৃংখল, কৰ্মীৰ ভ্ৰাম্যমানতা, প’ৰ্টেবল সামাজিক সুৰক্ষা পৰিকাঠামো আৰু দক্ষ প্ৰেৰণ ক’ৰিডৰো আমাৰ প্ৰাথমিকতা হিচাপে বিবেচিত হৈছে৷

সন্মানীয়সকল,

নিজৰ সহযোগী দেশসমূহৰ সৈতে তেওঁলোকৰ বিকাশৰ বাবে ভাৰতে সহযোগিতা কৰিব৷ দক্ষিণ-দক্ষিণ সহযোগিতাৰ অন্তৰ্গত নিজক বিকাশ অভিজ্ঞতাত সাৰথি কৰি আমি অন্য উন্নয়নশীল দেশত প্ৰযুক্তিগত সহযোগ, প্ৰশিক্ষণ তথা সামৰ্থ নিৰ্মাণৰ দ্বাৰা সকলো সম্ভৱ সহযোগিতা আমাৰ বৈদেশিক নীতিৰ গুৰুত্বপূৰ্ণ অংশ৷ লগতে, সহযোগী দেশৰ প্ৰয়োজনীয়তা আৰু প্ৰাথমিকতা অনুসৰি আন্তঃগাঁথনি, শক্তি, কৃষি, শিক্ষা, স্বাস্থ্য, তথ্য প্ৰযুক্তি আদি ক্ষেত্ৰসমূহত স্বয়ং উন্নয়নশীল দেশ হোৱা বাবে ভাৰতে যথা সম্ভৱ আৰ্থিক সহায়ো প্ৰদান কৰে৷ ভাৰতৰ নিজৰ বিকাশ যাত্ৰাত দক্ষিণ-দক্ষিণ সহযোগিতা এক মুখ্য আধাৰস্বৰূপ৷ নিজৰ বিকাশ অভিজ্ঞতাক উন্নয়নশীল দেশৰ সৈতে অংশীদাৰ কৰাটো ভাৰতৰ বাবে সদায়েই প্ৰাথমিক কাম আৰু ভৱিষ্যতলৈও হ’ব৷

আপোনালোক সকলোকে বহু বহু ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Conferred With Slovakia’s 'Order Of The White Double Cross', His 33rd Global Honour So Far

Media Coverage

PM Modi Conferred With Slovakia’s 'Order Of The White Double Cross', His 33rd Global Honour So Far
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of prudence and thoughtful decision-making
June 16, 2026

The Prime Minister, Shri Narendra Modi said that the doors to happiness and prosperity open through actions guided by patience, wisdom and foresight. He noted that every decision requires careful understanding, as success is built on steps taken with due thought and consideration.

The Prime Minister shared a Sanskrit Subhashitam-

“सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥”

The Subhashitam conveys that one should never undertake any task without thinking, for doing so without thinking can lead to great calamities. Conversely, success and prosperity automatically seek out and choose the person who thinks carefully.

The Prime Minister wrote on X;

“धैर्य, विवेक और दूरदर्शिता से किए गए कार्यों से ही सुख-समृद्धि के द्वार खुलते हैं। इसलिए हर निर्णय में पूरी समझदारी जरूरी है, क्योंकि सोच-समझकर उठाया गया कदम ही सफलता का आधार बनता है।

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥”