Relationship between India and Uzbekistan goes back to a long time. Both the nations have similar threats and opportunities: PM
India and Uzbekistan have same stance against radicalism, separatism, fundamentalism: PM Modi

Excellency, নমস্কাৰ।

সকলোতকৈ আগতে মই ১৪ ডিচেম্বৰত আপোনাৰ কাৰ্যকালৰ ৫ম বছৰত প্ৰৱেশৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

 

মই চলিত বৰ্ষত উজবেকিস্তান ভ্ৰমণৰ বাবে উৎসুক আছিলো।

 

কোভিড-১৯ মহামাৰীৰ ফলত মোৰ যাত্ৰা হ'বলৈ নাপালে, কিন্তু মই আনন্দিত যে 'work from anywhere'ৰ এই সময়ছোৱাত আমি আজি ভাৰ্চুৱেল মাধ্যমত লগ হৈছো।

 

Excellency,

ভাৰত আৰু উজবেকিস্তান দুটা সমৃদ্ধ সভ্যতা। আমাৰ প্ৰাচীন কালৰে পৰা নিৰন্তৰ পাৰস্পৰিক সম্পৰ্ক আছে।

 

আমাৰ ক্ষেত্ৰৰ প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ বিষয়ে আমাৰ উপলব্ধি আৰু approachত বহুত সমতা আছে। আৰু সেইবাবেই আমাৰ সম্বন্ধ সদায় বহুত শক্তিশালী হৈ আছে।

 

২০১৮ আৰু ২০১৯ত আপোনাৰ ভাৰত যাত্ৰাৰ সময়ত আমি কেইবাটাও বিষয়ৰ ওপৰত চৰ্চা কৰাৰ সুযোগ পাইছিলো, যাৰ ফলত আমাৰ সম্পৰ্কত এটা নতুন গতি পৰিলক্ষিত হৈছে।

Excellency,

উগ্ৰপন্থা, কট্টৰবাদ তথা বিচ্ছিন্নতাবাদৰ বিষয়ে আমাৰ একেই ধাৰণা।

 

আমি উভয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে একেলগে থিয় দি আছো। ক্ষেত্ৰীয় সুৰক্ষাৰ বিষয়তো আমাৰ একেই দৃষ্টিভংগী।

 

আমি একমত যে আফগানিস্তানত শান্তি প্ৰতিষ্ঠা কৰিবলৈ এনে এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন যি নিজে আফগানিস্তানৰ অগ্ৰগতি, স্বামীত্ব আৰু নিয়ন্ত্ৰণত হওক। যোৱা দুটা দশকৰ উপলব্ধিক সুৰক্ষিত ৰখাও দৰকাৰ।

 

ভাৰত আৰু উজবেকিস্তানে মিলি India-Central Asia Dialogueৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ আৰম্ভণি যোৱা বছৰ সমৰকন্দৰ পৰা হৈছিল।

 

Excellency,

যোৱা কেইটামান বছৰত আমাৰ অৰ্থনৈতিক সহযোগিতাও শক্তিশালী হৈছে।

 

আমি উজবেকিস্তানৰ সৈতে নিজৰ development partnershipকো আৰু ঘনিষ্ঠ কৰিব বিচাৰো।

 

মই এই কথা জানি আনন্দিত যে ভাৰতীয় Line of Creditৰ অন্তৰ্ভুক্ত কেইবাটাও projectsৰ ওপৰত বিচাৰ কৰি থকা হৈছে।

 

আপোনাৰ বিকাশ প্ৰাথমিকতা অনুসৰি আমি ভাৰতৰ expertise আৰু experience প্ৰদান কৰিবলৈ প্ৰস্তুত।

 

Infrastructure, IT, শিক্ষা, স্বাস্থ্য, training আৰু capacity buildingৰ দৰে ক্ষেত্ৰত ভাৰতত যথেষ্ট সক্ষমতা আছে, যি উজবেকিস্তানৰ কামত আহিব পাৰে। আমাৰ মাজত কৃষি সম্পৰ্কীয় Joint Working Groupৰ প্ৰতিষ্ঠা এটা মহত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে আমি নিজৰ কৃষি বাণিজ্য বৃদ্ধি কৰাৰ সুযোগ বিচাৰিব পাৰো যাৰ ফলত দুয়োখন দেশৰ কৃষকসকলে সহায় পাব।

Excellency,

আমাৰ সুৰক্ষা সহযোগিতা দ্বিপাক্ষিক সম্পৰ্কৰ এটা শক্তিশালী স্তম্ভ হৈ গৈ আছে।

 

যোৱা বছৰ আমাৰ সশস্ত্ৰ বাহিনীৰ সকলোতকৈ আগতে সংযুক্ত সৈন্য অনুশীলন হয়।

 

Space আৰু Atomic energyৰ ক্ষেত্ৰতো আমাৰ সংযুক্ত প্ৰয়াস বাঢ়ি আছে।

 

এইটোও সন্তুষ্টিৰ বিষয় যে কোভিড-১৯ মহামাৰীৰ এই কঠিন সময়ত দুয়োখন দেশে পৰস্পৰে পৰস্পৰক পূৰ্ণ সহযোগ কৰিছে। লাগে ঔষধৰ যোগানৰ বাবেই হওক বা পৰস্পৰে পৰস্পৰৰ নাগৰিকক সুৰক্ষিতভাৱে ঘৰলৈ ওভোতাই পঠোৱাতে হওক।

 

আমাৰ প্ৰদেশসমূহৰ মাজতো সহযোগিতা বাঢ়ি আছে। গুজৰাট আৰু অন্দিজোঁৰ সফল সহযোগিতাৰ মডেলৰ ওপৰত এতিয়া হাৰিয়ানা আৰু ফৰগানাৰ মাজত সহযোগিতাৰ ৰূপৰেখা গঢ়ি উঠিছে।

 

Excellency,

আপোনাৰ নেতৃত্বত উজবেকিস্তানত মহত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছে আৰু ভাৰততো আমি reformsৰ পথত অগ্ৰসৰ।

 

ইয়াৰ ফলত Post-Covid কালত আমাৰ মাজত পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনা আৰু বাঢ়িব।

 

মোৰ বিশ্বাস আছে যে আমাৰ এই চৰ্চাৰ জৰিয়তে এই প্ৰয়াসবিলাকে নতুন দিশ আৰু শক্তি লাভ কৰিব।

 

Excellency,

মই এতিয়া আপোনাক আপোনাৰ Opening Remarksৰ বাবে আমন্ত্ৰণ জনাইছো।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance