বৈঠকত নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সঠিক স্থিতিক লৈ গভীৰ সন্তুষ্টি প্ৰকাশ কৰে৷ ভ্ৰমণকাৰী ৰাষ্ট্ৰপতিগৰাকীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ হৈ প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে, পূৰ্বনিৰ্ধাৰিত গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে শ্বেইখ হাছিনাই মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল৷ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশৰ ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায় আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আমন্ত্ৰণ আনন্দ মনেৰে স্বীকাৰ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অনাগত দিনত ভাৰতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব৷ ভাৰত আৰু বাংলাদেশৰ ক্ৰমবৰ্ধমান সম্পৰ্কক এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে জোৰ দিয়ে৷ ২০২০ত বাংলাবন্ধু শ্বেইখ মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু ২০২১ত বাংলাদেশৰ স্বাধীনতাৰ ৫০ বৰ্ষপূৰ্তি সফলতাৰে আয়োজনৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশ চৰকাৰৰ যুটীয়া প্ৰচেষ্টা সন্দৰ্ভতো নেতা দুগৰাকীয়ে আলোচনা কৰে৷

উল্লেখ্য যে, ৩০মে’ত ভাৰতৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে বাংলাদেশৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিছে৷ সন্মানীয় অতিথিয়েগৰাকীয়ে ইয়াৰ পূৰ্বে ২০১৪ৰ ডিচেম্বৰত ভাৰতৰ এখন ৰাজ্য ভ্ৰমণ কৰিছিল৷ তেওঁ ২০১৮ৰ মাৰ্চত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ প্ৰথমখন বৈঠকৰ বাবে পুনৰ ভাৰত ভ্ৰমণলৈ আহিছিল৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Toy exports soar in recent years

Media Coverage

India's Toy exports soar in recent years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Munshi Premchand on his birth anniversary
July 31, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to renowned litterateur Munshi Premchand on his birth anniversary.

The Prime Minister said that through his timeless literary works, Munshi Premchand gave a powerful expression to human emotions that continues to remain relevant even today. He also noted his invaluable contribution in bringing the literary heritage of Kashi, his birthplace and karmabhoomi, to global recognition.

Shri Modi said that Munshi Premchand’s immortal literature, rooted in realism and social equality, will continue to inspire the people of the country.

The Prime Minister wrote on X;

“महान कथाकार मुंशी प्रेमचंद जी को उनकी जन्म-जयंती पर आदरपूर्ण श्रद्धांजलि। अपनी कालजयी रचनाओं के माध्यम से उन्होंने मानवीय संवेदनाओं को ऐसी सशक्त अभिव्यक्ति दी, जो आज भी प्रासंगिक है। अपनी जन्मभूमि और कर्मभूमि काशी की साहित्यिक विरासत को विश्व पटल पर पहचान दिलाने में भी उनका अमूल्य योगदान रहा है। यथार्थ और सामाजिक समानता पर आधारित उनका अमर साहित्य देशवासियों के लिए सदैव प्रेरणा का स्रोत बना रहेगा।”