PM's interaction with ITBP excursion groups of students from Sikkim and Ladakh
Work towards achieving the vision of a prosperous, corruption-free India: PM tells students

আই টি বি পিৰ শিক্ষামূলক ভ্ৰমণত অংশ লৈ ভাৰতৰ বিভিন্ন স্থানলৈ যাবলৈ ওলোৱা ছিক্কিম আৰু লাডাখৰ দুটা দলৰ ৫৩ জন ছাত্ৰৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাক্ষাৎ কৰে। অতি ঘৰুৱাভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰি ছাত্ৰসকলে এখন সমৃদ্ধিশালী তথা দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ বাবে তেওঁলোকৰ আশা সম্পৰ্কে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক এই দিশত আগবাঢ়িবলৈ উৎসাহিত কৰে।তেওঁ লগতে ছাত্ৰসকলক অধিক কৰ্মক্ষম হ’বৰ বাবে শাৰীৰিক ভাৱে সবল হোৱাৰ চেষ্টা কৰিবলৈও আহ্বান জনায়। এই প্ৰসঙ্গতে যোগভ্যাসৰ প্ৰাসঙ্গিকতা সম্পৰ্কো আলোচনা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শিকাৰ আগ্ৰহৰ প্ৰতি গুৰুত্ব দি কয় যে সকলো মানুহে আজীৱন শিকাৰু হৈ থাকিব লাগে।

ছাত্ৰসকলে ডিজিটেল ইণ্ডিয়াৰ প্ৰতি আগ্ৰহ প্ৰকট কৰে। নগদবিহীন লেন-দেনৰ কথাও আলোচনা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনপটীয়া সুবিধা প্ৰদানৰদ্বাৰা সাধাৰণ মানুহ কেনেকৈ লাভান্বিত হৈছে তাৰ ব্যাখ্যা আগবঢ়ায়।

ছাত্ৰসকলে প্ৰধানমন্ত্ৰীৰদ্বাৰা ৰচিত ‘এক্সাম ৱাৰিয়ৰ’ গ্ৰন্থখনৰ কথা উল্লেখ কৰে যি তেওঁলোকক অপ্ৰয়োজনীয় চিন্তা তথা হেঁচা নোলোৱাকৈ জীয়াই থাকিবলৈ প্ৰেৰণা দি আহিছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India