When India got independence, it had great capability in defence manufacturing. Unfortunately, this subject couldn't get requisite attention: PM Modi
We aim to increase defence manufacturing in India: PM Modi
A decision has been taken to permit up to 74% FDI in the defence manufacturing through automatic route: PM Modi

মোৰ মন্ত্ৰীপৰিষদৰ সহযোগী শ্রী ৰাজনাথ সিং, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তিনি সশস্ত্ৰ সেনাবাহিনীৰ মুৰব্বী,

বৈঠকত উপস্থিত কেন্দ্রীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ, উদ্যোগ জগতৰ বন্ধুসকল,

নমস্কাৰ৷

মই আনন্দিত যে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ সৈতে যুক্ত সকলো গুৰুত্বপূর্ণ ব্যক্তি আজি ইয়াত উপস্থিত আছে৷ এই আলোচনা-চক্ৰ আয়োজনৰ বাবে প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং আৰু তেওঁৰ সমগ্ৰ টীমক বহুত বহুত শুভেচ্ছা জনাইছো৷ আজি ইয়াত যি আলোচনা হ’ব আৰু তাৰ পৰা যি ফল পোৱা যাব, সেইবোৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্রত ভাৰতৰ আত্মনির্ভৰতাৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী আৰু গতিশীল কৰিব৷ আপোনালোক সকলোৱে যি পৰামর্শ আগবঢ়াইছে, পৰস্পৰৰে পৰামর্শৰ মাজেৰে আলোচনা কৰিছে, সেয়া নিঃসন্দেহে অনাগত দিনত দেশৰ বাবে অতি উপকাৰী হিচাপে প্ৰমাণিত হ’ব৷

মই অতি আনন্দিত যে আমাৰ প্ৰতিৰক্ষা মন্ত্রী শ্রী ৰাজনাথ সিং জীয়ে এই উদ্দেশ্যে সম্পূর্ণ মিচন মোডত সদায় কাম কৰি আহিছে৷ মোৰ বিশ্বাস যে তেওঁৰ এই কঠিন পৰিশ্ৰমে যথেষ্ট ভাল ফল দিব৷

বন্ধুসকল,

এইকথা কোনেও পৰা লুকুৱাব নোৱাৰে যে ভাৰত বহু বছৰ ধৰি বিশ্বৰ সর্ববৃহৎ প্ৰতিৰক্ষা সঁজুলি আমদানিকাৰী দেশ আছিল৷ যেতিয়া ভাৰত স্বাধীন হৈছিল, তেতিয়া প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ ক্ষেত্রত ভাৰতৰ বহু সামর্থ্য আছিল। সেই সময়ত ভাৰতত শতবর্ষ পুৰণি প্ৰতিৰক্ষা উৎপাদনৰ এক পৰিৱেশ আছিল। ভাৰতৰ দৰে সামর্থ্য আৰু সম্ভাৱনা তেতিয়া খুব কমসংখ্যক দেশৰহে আছিল। কিন্তু ভাৰতৰ দুর্ভাগ্য যে বহু দশক ধৰি এই বিষয়টো ইমান গুৰুত্ব দিয়া হোৱা নাছিল, যিমান দিব লাগিছিল। এক প্ৰকাৰ নিয়মমাফিক কাম-কাজ চলিছিল, কিন্তু কোনো ঐকান্তিক প্ৰচেষ্টা গ্ৰহণ কৰা হোৱা নাছিল৷ আমি বহু সময়ৰ পাছত যিবোৰ আৰম্ভ কৰিছো, তেনেকৈ বহু দেশে বিগত ৫০ বছৰত আমাতকৈ বহু আগুৱাই গৈছে। কিন্তু, এতিয়া পৰিৱেশ সলনি হৈছে৷

বিগত কেইটামান বছৰত আপোনালোক হয়তো অনুভৱ কৰিছে যে আমি এইক্ষেত্রত সকলো শৃংখল ভঙাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো৷ আমাৰ উদ্দেশ্য হ’ল ভাৰতত প্ৰতিৰক্ষা সঁজুলিৰ উৎপাদন বৃদ্ধি কৰা৷ এই বিশেষ ক্ষেত্রত ভাৰতত যাতে নতুন নতুন প্ৰযুক্তিৰ বিকাশ ঘটে আৰু ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধি পায় সেয়াই আমাৰ উদ্দেশ্য। সেইবাবে সংস্কাৰ, লেভেল প্লেয়িং ফিল্ড প্ৰস্তুত কৰা, ৰপ্তানি ব্যৱস্থাৰ সৰলীকৰণ কৰা, অফছেটৰ ব্যৱস্থাসমূহৰ সংস্কাৰ সাধন কৰা এনে বহু পদক্ষেপ লোৱা হৈছে৷

বন্ধুসকল,

মই বিশ্বাস কৰো যে এই পদক্ষেপ সমূহতকৈও অধিক গুৰুত্বপূর্ণ হ’ল প্ৰতিৰক্ষাৰ ক্ষেত্রত দেশত আমি এক নতুন মানসিকতা অনুভৱ কৰিছো৷ আধুনিক আৰু আত্মনির্ভৰ ভাৰত নির্মাণৰ বাবে প্ৰতিৰক্ষা খণ্ডত আত্মবিশ্বাসৰ ভাৱনা অনিবার্য হৈ পৰিছে। বহু বছৰ ধৰি দেশত চীফ অফ ডিফেন্স ষ্টাফ নিযুক্তিক লৈ আলোচনা চলিছিল। কিন্তু কোনো সিদ্ধান্ত ল’ব পৰা নাছিল৷ আমাৰ চৰকাৰে এই সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত নতুন ভাৰতৰ আত্মবিশ্বাসৰ প্ৰতীক৷

দীর্ঘ দিন ধৰি প্ৰতিৰক্ষা সঁজুলি উৎপাদনত বিদেশী বিনিয়োগৰ অনুমতি নাছিল৷ শ্ৰদ্ধাৰ অটলজিৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত নতুন উদ্যোগ আৰম্ভ হৈছিল। আমাৰ চৰকাৰ অহাৰ পাছত এই ক্ষেত্ৰত আৰু অধিক সংস্কাৰ কৰা হৈছে৷ এতিয়া প্ৰথমবাৰলৈ এই ক্ষেত্রত ৭৪ শতাংশলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্বয়ংক্রিয় ৰূপত অহাৰ পথ মুকলি হৈছে৷ এয়া নতুন ভাৰতৰ আত্মবিশ্বাসৰ ফল৷

বহু দশক ধৰি দেশৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানাসমূহক অন্যান্য চৰকাৰী বিভাগৰ দৰেই পৰিচালনা কৰা হৈছিল৷ এই সীমিত দৃষ্টিভংগীৰ কাৰণে দেশৰ প্ৰচূৰ ক্ষতি হৈছে, সেই কাৰখানাসমূহত যিসকলে কাম কৰিছিল তেওঁলোকৰ বহু প্ৰতিভা আছিল, দায়বদ্ধতা আছিল, তেওঁলোক যথেষ্ট পৰিশ্ৰমী আছিল, কিন্তু তেওঁলোকৰ সেই প্ৰতিভা, দায়বদ্ধতা, পৰিশ্ৰম আৰু তেওঁলোকৰ অভিজ্ঞতাক কামত লগোৱা হোৱা নাছিল৷ তেওঁলোকৰো যথেষ্ট ক্ষতি হৈছে৷

যিটো খণ্ডই কোটি কোটি মানুহৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰিলেহেতেন, কিন্ত তাৰ পৰিৱেশক অতি সীমাৱদ্ধ কৰি ৰখা হৈছে৷ এতিয়া অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কাৰখানাসমূহক নিগমলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে আমি আগুৱাই গৈছো৷ এই প্ৰক্রিয়া সম্পূর্ণ হ’লে এই শ্ৰমিকসকলৰ লগতে সেনাবাহিনীও উপকৃত হ’ব৷ এয়া নতুন ভাৰতৰ আত্মবিশ্বাসৰ প্ৰমাণ৷

বন্ধুসকল,

প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ আত্মনির্ভৰতাক লৈ আমাৰ দায়বদ্ধতা কেৱল কথাবার্তা বা কাগজ-কলমতে সীমাৱদ্ধ নহয়, ইয়াৰ বাস্তবায়িত কৰাৰ বাবে এটাৰ পাছত এটা প্ৰয়োজনীয় পদক্ষেপ লোৱা হৈছে৷ চীফ অফ ডিফেন্স ষ্টাফৰ নিযুক্তিৰ পৰা আৰম্ভ কৰি তিনি প্ৰধান সেনা বাহিনীৰ সঁজুলি ক্ৰয়ৰ ক্ষেত্রত সমন্বয় বহু পৰিমাণে উন্নত হৈছে৷ ইয়াৰ ফলত প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ প্ৰয়োজন পৰিমাপ কৰাত যথেষ্ট সুবিধা হৈছে৷ অনাগত দিনত স্থানীয় কাৰখানাসমূহৰ ক্ষেত্ৰত প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ চাহিদা বৃদ্ধি পাব৷ এই বৃদ্ধি সুনিশ্চিত কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেপিটেল বাজেটৰ এটা অংশ এতিয়া ভাৰতত নির্মিত সঁজুলিৰ বাবে পৃথকে ৰখা হ’ব৷ বৰ্তমান আপোনালোক হয়তো দেখিছে যে ১০১টা প্ৰতিৰক্ষা সঁজুলি সম্পূর্ণৰূপে স্থানীয় কাৰখানাসমূহৰ পৰা ক্ৰয় কৰা ক্ষেত্রত সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰা হৈছে৷ অনাগত দিনত এই তালিকা আৰু দীঘলীয়া কৰা হ’ব৷ ইয়াত আৰু অধিক নতুন নতুন সঁজুলি অন্তৰ্ভূক্ত কৰা হ’ব৷ এই তালিকা প্ৰস্তুত কৰা উদ্দেশ্য কেৱল আমদানি হ্রাস কৰাই নহয়, বৰঞ্চ ভাৰতৰ দেশীয় উদ্যোগক উৎসাহিত কৰা৷ সেয়া বেচৰকাৰী খণ্ডৰ পৰাই হওক বা চৰকাৰী খণ্ড, অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগীয়েই হওক বা ষ্টার্ট-আপ, প্ৰত্যেকৰে বাবে চৰকাৰৰ ভাৱনা আৰু ভৱিষ্যতৰ সম্ভাৱনা এতিয়া আপোনালোকৰ সন্মুখত স্পষ্ট হৈছে৷

ইয়াৰ সৈতে আমি ক্ৰয় প্ৰক্রিয়াক ত্বৰান্বিত কৰাৰ বাবে, বাছনি আৰু পৰীক্ষাৰ ব্যৱস্থাক সুনিয়ন্ত্রিত কৰাৰ বাবে, উৎকর্ষৰ প্ৰয়োজনকে বাস্তৱসন্মত কৰাৰ বাবে নিয়মীয়াকৈ কাম কৰি আহিছো৷ মই অতি আনন্দিত যে এই সকলো প্ৰচেষ্টাক যিমান পাৰি ক্ষিপ্ৰতাৰে বাস্তবায়িত কৰিবলৈ তিনিওটা সেনাবাহিনীৰ সংশ্লিষ্ট বিষয়াসকলে অতি সংহত ৰূপত নিয়মীয়া সহযোগিতাৰ জৰিয়তে এক প্ৰকাৰ সক্রিয় ভূমিকা গ্ৰহণ কৰিছে৷

বন্ধুসকল,

আধুনিক সঁজুলিৰ ক্ষেত্ৰত আত্মনির্ভৰ হোৱাৰ বাবে প্ৰযুক্তি নবীকৰণ কৰাটো অতি প্ৰয়োজনীয়। যিবোৰ সঁজুলি আজি প্ৰস্তুত কৰা হৈছে, তাৰ পৰৱৰ্তী প্ৰজন্মৰ প্ৰস্তুতিৰ কামো আৰম্ভ কৰা প্ৰয়োজন। সেইবাবে প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাৰ উপৰি বেচৰকাৰী খণ্ড আৰু শিক্ষা প্ৰতিষ্ঠানসমূহতো গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰা হৈছে৷ প্ৰযুক্তি হস্তান্তৰৰ সুবিধাৰ পৰা আৰম্ভ কৰি বিদেশী অংশীদাৰসকলৰ সৈতে যুটীয়াভাৱে বিনিয়োগৰ মাধ্যমেৰে সহ-উৎপাদন আৰ্হিৰ ওপৰত জোৰ দিয়া হৈছে৷ ভাৰতৰ বিশাল বজাৰৰ দেখি আমাৰ বিদেশী অংশীদাৰসকলৰ বাবে এতিয়া ভাৰততে উৎপাদন কৰা আটাইতকৈ ভাল বিকল্প৷

বন্ধুসকল,

আমাৰ চৰকাৰে আৰম্ভণিৰ পৰাই ‘সংস্কাৰ, পাৰদৰ্শীতা আৰু স্বচ্ছতা’ এই মন্ত্ৰৰে কাম কৰি আহিছে। ৰঙাফিটাৰ মেৰপেছ হ্রাস কৰা আৰি ৰঙা দলিচা পাৰি দিয়া এয়াই আমাৰ প্ৰচেষ্টা আছিল। ‘সহজে ব্যৱসায় কৰাৰ পৰিৱেশ গঢ় দিয়া’ৰ ক্ষেত্রত ২০১৪ৰ পৰা এতিয়ালৈকে যিবোৰ সংস্কাৰ কৰা হৈছে তাৰ ফল সমগ্ৰ বিশ্বই দেখিছে। প্ৰতিভা সম্পদ, কৰ ব্যৱস্থা, দেউলীয়া বিধি, আনকি মহাকাশ আৰু পৰমাণু শক্তিৰ দৰে অতি কঠিন আৰু জটিল বুলি ভৱা বিষয়বোৰো আমি সংস্কাৰ কৰি দেখুৱাইছো৷ আপোনালোক ভালদৰে জানে যে বিগত সময়ত শ্ৰম আইনেৰো সংস্কাৰৰ প্ৰক্রিয়া আৰম্ভ হৈছে আৰু এই কাম দ্রুতগতিত আগুৱাই গৈছে৷

কেইটামান বছৰ আগলৈকে এনে বিষয়বোৰ লৈ ইমান সহজে ভাৱিব পৰা নাছিল৷ আজি এই সংস্কাৰ তৃণমূল পৰ্যায় পাইছেগৈ৷ সংস্কাৰৰ এই প্ৰক্রিয়া ৰুদ্ধ নহয়, আমি আৰু আগুৱাই গৈ থাকিম৷ সেইবাবে কেতিয়াও ক্লান্ত নহয়; মইও ক্লান্ত নহও, আপোনালোকো নহ’ব৷ আমি সকলোৱে মিলিজুলি আগুৱাই যাব লাগিব৷ আমাৰ ফালৰ পৰা আপোনালোকৰ আশ্বাস দিও যে এয়াই আমাৰ দায়বদ্ধতা৷

বন্ধুসকল,

যি সময়ত আন্তঃগাঁথনিৰ প্ৰশ্ন উত্থাপন হৈছে, তেতিয়াই আমি ডিফেন্স কৰিড’ৰৰ কাম দ্রুতগতিত কৰিছো, উত্তৰপ্ৰদেশ আৰু তামিলনাডু ৰাজ্য চৰকাৰৰ সৈতে মিলি দ্রুতগতিত বিশ্বমানৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে আৰু ইয়াৰ বাবে অহা পাঁচ বছৰত ২০,০০০ কোটি টকা বিনিয়োগৰ লক্ষ্য লোৱা হৈছে৷ অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ আৰু ষ্টার্ট-আপৰ সৈতে জড়িত উদ্যোগপতিসকলক উৎসাহিত কৰাৰ বাবে আইডেক্সৰ শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ ফলতো যথেষ্ট ভালো ফল পোৱা গৈছে৷ এই মঞ্চৰ জৰিয়তে অৰ্ধশতাধিক ষ্টার্ট-আপে সেনাবাহিনীৰ ব্যৱহাৰৰ উপযোগী প্ৰযুক্তি আৰু সামগ্ৰী উৎপাদনৰ ক্ষমতা গঢ় দিছে৷

বন্ধুসকল,

মই আজি আপোনালোকৰ সন্মুখত মুক্ত মনে আন এটা কথা ক’ব বিচাৰিছো৷ আমাৰ আত্মনির্ভৰ ভাৰতৰ সংকল্প নিজৰ ফালে চোৱা(ইনৱাৰ্ড লুকিং) নহয়, বিশ্ব অর্থনীতিক অধিক সুস্থিৰ কৰাৰ বাবে, বিশ্ব শান্তিৰ বাবে এক সক্ষম ভাৰত গঢ়ি তোলাহে ইয়াৰ মূল উদ্দেশ্য। এই চিন্তাধাৰা প্ৰতিৰক্ষা সঁজুলি উৎপাদনৰ ক্ষেত্ৰত আত্মনির্ভৰতাৰ বাবেও প্ৰযোজ্য৷ আমাৰ বহুত মিত্ৰ দেশৰ বাবে প্ৰতিৰক্ষা সঁজুলিৰ এক নির্ভৰযোগ্য স্থায়ী যোগান ব্যৱস্থা গঢ়ি তোলাৰ ক্ষমতা ভাৰতৰ আছে। ইয়াৰ ফলত ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ’ব৷ ভাৰত মহাসাগৰৰ ক্ষেত্রত ভাৰতৰ ‘প্ৰকৃত নিৰাপত্তা প্ৰদান’ৰ ভূমিকা আৰু অধিক সুদৃঢ় হ’ব৷

বন্ধুসকল,

ভাৰত চৰকাৰৰ প্ৰচেষ্টা আৰু দায়বদ্ধতা আপোনালোকে দেখিছে। এতিয়া আমি সকলোৱে মিলি আত্মনির্ভৰ ভাৰতৰ সংকল্পক বাস্তবায়িত কৰিব লাগিব, সেয়া লাগিলে বেচৰকাৰীয়েই হওক বা চৰকাৰী৷ আমাৰ অংশীদাৰ যিয়েই নহওক কিয় প্ৰত্যেকৰ বাবে আত্মনির্ভৰ ভাৰত এক ‘বিজয়ী’ সংকল্প। ইয়াৰ বাবে আপোনালোকক এক উন্নত পৰিৱেশ প্ৰদান কৰাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ৷

এই ক্ষেত্ৰত আপোনালোকৰ পৰা যিমান পৰামর্শ আহিছে সেয়া অতি উপযোগী হিচাপে প্ৰমাণিত হ’ব৷ মোক জনোৱা মতে প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি উন্নয়ন নীতিৰ খচৰাও সকলো সংশ্লিষ্ট ব্যক্তিৰ বিবেচনাৰ বাবে দাঙি ধৰা হৈছে৷ আপোনালোকৰ মতামতৰ পৰা এই নীতি দ্রুত ৰূপায়ণৰ ক্ষেত্রত সুবিধা হ’ব৷ আজিৰ এই আলোচনা-চক্ৰ যেন এক ‘ক্ষন্তেকীয় অনুষ্ঠান’ নহৈ ভৱিষ্যতেও এনেদৰে চলি থাকে সেয়া অতি প্ৰয়োজন৷ উদ্যোগ জগত আৰু চৰকাৰৰ মাজত নিয়মীয়া আলোচনা আৰু মতামতৰ স্বাভাৱিক সংস্কৃতি গঢ় লৈ উঠিব লাগিব৷

মোৰ দৃঢ় বিশ্বাস এই ধৰণৰ সামগ্রিক প্ৰচেষ্টাৰ জৰিয়তে আমাৰ সংকল্প নিশ্চিতভাৱে বাস্তবত পৰিণত হ’ব৷ মই পুনৰবাৰ আপোনালোক সকলোকে নিজৰ মূল্যবান সময় বাহিৰ কৰি আত্মনির্ভৰ ভাৰত গঢ় দিয়াৰ বাবে, আত্মবিশ্বাসেৰে একত্রিত হোৱাৰ বাবে ধন্যবাদ জনাইছো৷ মোৰ বিশ্বাস আজি আমি যি সংকল্প গ্ৰহণ কৰিছো সেয়া পুৰণ কৰাৰ বাবে আমি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰিম৷

মই পুনৰবাৰ আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷ 

 
Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence exports skyrocket to record Rs 38,424cr in 2025-26, 62.7 per cent rise over previous fiscal

Media Coverage

Defence exports skyrocket to record Rs 38,424cr in 2025-26, 62.7 per cent rise over previous fiscal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative power of education
April 03, 2026

The Prime Minister, Shri Narendra Modi, said that education is not merely a means of livelihood but a powerful medium to make life better. He noted that it is a priceless asset through which the youth of the country are setting new milestones in every field and bringing glory to the nation.

The Prime Minister shared a Sanskrit Subhashitam-

“श्रियः प्रदुग्धे विपदो रुणद्धि
यशांसि सूते मलिनं प्रमार्ष्टि।

संस्कारशौचेन परं पुनीते
शुद्धा हि बुद्धिः किल कामधेनुः॥”

The Subhashitam conveys that An educated, refined and pure intellect removes difficulties and brings success, respect, peace and progress into a person’s life. Indeed, an enlightened mind is considered like Kamadhenu, capable of fulfilling all kinds of aspirations.

The Prime Minister wrote on X;

“शिक्षा केवल आजीविका का साधन नहीं, बल्कि जीवन को श्रेष्ठ बनाने का सशक्त माध्यम भी है। यह वो अनमोल पूंजी है, जिसके जरिए आज हमारी युवाशक्ति हर क्षेत्र में नए-नए कीर्तिमान बनाकर देश का नाम रोशन कर रही है।

श्रियः प्रदुग्धे विपदो रुणद्धि
यशांसि सूते मलिनं प्रमार्ष्टि।

संस्कारशौचेन परं पुनीते
शुद्धा हि बुद्धिः किल कामधेनुः॥”