স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূতি উদযাপনৰ বাবে পাঁচটা স্তম্ভৰ তালিকা প্ৰস্তুত
এই মহোৎসৱত সনাতন ভাৰতৰ গৌৰৱক তুলি ধৰাৰ লগতে আধুনিক ভাৰতৰ বিকাশকো গুৰুত্ব দিব লাগিবঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বর্ষ উদযাপন অনুষ্ঠান ১৩০ কোটি ভাৰতীয়ই অংশগ্রহণ কৰিব লাগিবঃ প্রধানমন্ত্রী

নমস্কাৰ!

স্বাধীনতাৰ ৭৫ বছৰৰ উদযাপনলৈ এতিয়া বেছি সময় নাই, আমি সকলোৱে ইয়াৰ স্বাগতমৰ বাবে অপেক্ষা কৰি আছো। এই বৰ্ষটো যিমান ঐতিহাসিক, ই যিমান গৌৰৱময়, ই দেশৰ বাবে যিমান গুৰুত্বপূৰ্ণ, দেশখনেও সিমান গুৰুত্বৰেই ইয়াক অধিক সুন্দৰ আৰু উৎসাহেৰে উদযাপন কৰিব।

 

এয়া আমাৰ সৌভাগ্য যে দেশখনে আমাক এই অমৃত মহোৎসৱটো পালন কৰাৰ সকলো দায়িত্ব প্ৰদান কৰিছে। মই আনন্দিত যে এই সমিতিয়ে তেওঁলোকৰ কৰ্তব্য পালনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব, আশা-আকাংক্ষাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিব। নিৰন্তৰে নতুন-নতুন ধাৰণা, নতুন পৰামৰ্শ, আকৌ এবাৰ জনসাধাৰণক দেশৰ বাবে জীয়াই থাকিবলৈ প্ৰেৰণা, এই সুযোগবোৰ কেনেদৰে উদ্ভাসিত হ’ব সেই নিৰ্দেশনা আপোনালোকৰ পৰা লাভ কৰি থাকিম। আজি এটা আৰম্ভণি। আগলৈ আমি অধিক বিতংভাৱে কথা পাতিম। আমাৰ ওচৰত ৭৫ সপ্তাহ আৰু এবছৰৰ সময় আছে৷ গতিকে এই দিশত আগবঢ়াৰ ক্ষেত্ৰত এই পৰামৰ্শবোৰ অতি গুৰুত্বপূৰ্ণ হৈ পৰিব।

 

আপোনালোকৰ এই পৰামৰ্শসমূহত আপোনালোকৰ অনুভৱসমূহো উদ্ভাসিত হৈ উঠে আৰু ভাৰতৰ বৈচিত্ৰময় ধাৰণাত আপোনালোকৰ সংযোগো প্ৰদৰ্শিত হৈ উঠে৷ ইয়াত স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষক লৈ এক আনুমানিক ৰূপৰেখা, এক উপস্থাপন আমাৰ সন্মুখত প্ৰস্তুত কৰা হৈছে৷ এয়া এক প্ৰকাৰে চিন্তা-ধাৰাক গতি প্ৰদান কৰাৰ দৰে হৈছে৷ ইয়াত এনেকুৱা কোনো সূচী নাই যাক প্ৰৱৰ্তন কৰিব লাগিব আৰু ইয়াতেই সাঙোৰ খাই থাকিব লাগিব৷ এটা আনুমানিক বিচাৰ প্ৰাথমিক ধৰণে..কাৰণ ক’ৰবাৰ পৰা আৰম্ভ কৰাটো আৱশ্যক কিন্তু আলোচনা আগবঢ়াৰ লগে লগে সম্পূৰ্ণ কাৰ্যসূচীয়ে এটা আকাৰ ল’ব, সময় নিৰ্ধাৰণ কৰিব, টাইম-টেবুল নিৰ্ধাৰণ কৰিব৷ কোনে কি দায়িত্ব গ্ৰহণ কৰিব, কিদৰে কৰিব, সেয়া তন্ন-তন্নকৈ পৰীক্ষা কৰা হ’ব৷ এই উপস্থাপনতো যি ৰূপৰেখা প্ৰস্তুত কৰা হৈছে তাত বিগত কিছু দিনৰ পৰা বিভিন্ন মঞ্চৰ পৰা যিবোৰ পৰামৰ্শ লাভ কৰা হৈছে সেইসমূহ ইয়াত অন্তৰ্ভুক্ত কৰাক এক সৰু-সুৰা প্ৰয়াস কৰা হৈছে৷ এক ধৰণে স্বাধীনতাৰ ৭৫ বৰ্ষৰ এই আয়োজন, স্বাধীনতাৰ এই অমৃত মহোৎসৱ ভাৰতৰ জন-সাধাৰণৰ উৎসৱ হৈ পৰক, তাৰে প্ৰয়াস কৰা হৈছে৷

বন্ধুসকল,

 

স্বাধীনতাৰ ৭৫ বছৰৰ এই উৎসৱ, স্বাধীনতা উৎসৱ, এক এনে উৎসৱৰ দৰে হ'ব লাগে য’ত স্বাধীনতা সংগ্ৰাম, ইয়াৰ ত্যাগ আৰু অভিজ্ঞতাৰ আত্মা অনুভৱ কৰিব পাৰি। য'ত দেশৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু ভাৰতক তেওঁলোকৰ সপোন কৰি ৰোৱাৰ সংকল্প থাকিব। যি অনন্ত ভাৰতৰ গৌৰৱো প্ৰতিফলিত কৰে, য'ত আধুনিক ভাৰতৰ উজ্জ্বলতা থাকিব। যাৰ লগতে মনীষীসকলৰ আধ্যাত্মিকতাৰ পোহৰ থাকিব, য'ত আমাৰ বিজ্ঞানীসকলৰ প্ৰতিভা আৰু শক্তিৰ দৰ্শনো থাকিব। এই অনুষ্ঠানবোৰে আমাক বিশ্বৰ সন্মুখত আৰু পৰৱৰ্তী ২৫ বছৰৰ বাবে এই ৭৫ বছৰৰ সাফল্যবোৰ দাঙি ধৰিবলৈ এক ৰোডমেপ, এক সংকল্প প্ৰদান কৰিব। কাৰণ ২০৪৭ চনত যেতিয়া দেশখনে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, আমি তেতিয়া ক'ত থাকিম, বিশ্বত আমাৰ স্থান কি হ'ব, আমি ভাৰতক কিমান দূৰলৈ লৈ যাম, স্বাধীনতাৰ বিগত ৭৫টা বছৰ আৰু স্বাধীনতাৰ যুদ্ধই আমাক একেই প্ৰেৰণা দিব। এক বিথীকা প্ৰস্তুত কৰা হ’ব আৰু সেই বিথীকাৰ আধাৰত, এই ৭৫ বছৰীয়া উৎসৱটো ভাৰতৰ স্বাধীনতাৰ শতাব্দীৰ বাবে, সেই দিশত দৃঢ়ভাৱে আগুৱাবলৈ, অনুপ্ৰেৰণাদায়ক আৰু প্ৰচেষ্টাৰ অনুভূতি জাগ্ৰত কৰাৰ এক নিৰ্দেশনা প্ৰদান কৰিব।

 

বন্ধুসকল,

 

আমাৰ ইয়াত কোৱা হয়, ‘‘উৎসৱেন বিনা য়স্মাৎ স্থাপনম নিষ্ফলম ভৱেত’’ অৰ্থাৎ কোনো প্ৰচেষ্টা, কোনো সংকল্প উৎসৱ অবিহনে সফল নহয়। যেতিয়া এটা সংকল্পই উৎসৱৰ ৰূপ লয়, তেতিয়া তাত লাখ লাখ কোটি কোটি সংকল্প যোগ হয়, লাখ লাখ কোটি শক্তি যোগ হয়। এই চেতনাৰে আমি ১৩০ কোটি দেশবাসীক একত্ৰিত কৰি, তেওঁলোকক তেওঁলোকৰ সৈতে সংযুক্ত কৰি স্বাধীনতাৰ ৭৫ বছৰীয়া উৎসৱ উদযাপন কৰিব লাগিব। জনসাধাৰণৰ অংশগ্ৰহণ হৈছে এই উৎসৱৰ আত্মা। আৰু, যেতিয়া আমি জনসাধাৰণৰ অংশগ্ৰহণৰ কথা কও, ইয়াত ১৩০ কোটি দেশবাসীৰ অনুভূতি, তেওঁলোকৰ মতামত আৰু পৰামৰ্শ আৰু তেওঁলোকৰ সপোনবোৰো থাকে।

 

বন্ধুসকল,

 

আপোনালোকে জানে যে যেতিয়া স্বাধীনতাৰ এই ৭৫ বছৰীয়া উৎসৱৰ বাবে যেতিয়া চিন্তা-পৰামৰ্শসমূহ আহিবলৈ আৰম্ভ হৈছিল আৰু সেইবোৰ একত্ৰিত কৰাৰ পিছত আমি ইয়াক ৫টা স্তম্ভত বিভক্ত কৰিব পাৰো। এয়া হৈছে স্বাধীনতাৰ সংগ্ৰাম, ৭৫ বছৰত ধাৰণা, ৭৫ ত সাফল্য, ৭৫ বছৰত কাৰ্য আৰু ৭৫ ত সংকল্প- আমি এই পাঁচটাৰ সৈতে আগবাঢ়ি যাব লাগিব। এই সকলোবোৰত দেশৰ ১৩০ কোটি লোকৰ ধাৰণা, তেওঁলোকৰ অনুভূতি অন্তৰ্ভুক্ত থাকিব লাগে। আমাৰ জ্ঞাত স্বাধীনতা সংগ্ৰামৰ যোদ্ধাসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম, কিন্তু একে সময়তে ইতিহাসত একে স্থান নোপোৱা যোদ্ধাসকলকো আমি জনসাধাৰণৰ মাজলৈ লৈ আহিব লাগিব। আমাৰ দেশত এনে কোনো স্থান নাই, এনে কোনো প্ৰান্ত নাই য'ত এজন ভাৰতীয় মাতৃৰ সন্তান আৰু কন্যাই অৰিহণা দিয়া নাই, ত্যাগ কৰা নাই। তেওঁলোক সকলোৰে ত্যাগ, সেই সকলো অৱদানৰ মহান প্ৰেৰণামূলক কাহিনী, যেতিয়া দেশৰ সন্মুখত প্ৰস্তুত হ’ব তেতিয়া নিজেই এক মহান অনুপ্ৰেৰণাৰ উৎস হৈ পৰিব। একেদৰে আমি দেশৰ প্ৰতিটো কোণৰ অৱদান দেশৰ সন্মুখলৈ আনিব লাগিব। বহুতো লোক আছে যিয়ে দেশ আৰু সমাজৰ বাবে প্ৰজন্ম ধৰি বহু মহান কাম কৰি আহিছে। তেওঁলোকৰ চিন্তা, তেওঁলোকৰ ধাৰণাবোৰো আমি পোহৰলৈ আনিব লাগিব, দেশক তেওঁলোকৰ প্ৰচেষ্টাৰ সৈতে সংযোগ কৰিব লাগিব। এয়া এই অমৃত উৎসৱৰ মূল ধাৰণা।

বন্ধুসকল,

 

দেশে এই ঐতিহাসিক উৎসৱৰ বাবে এক ৰোডমেপো প্ৰস্তুত কৰিছে। ইয়াক অধিক সমৃদ্ধ কৰাৰ দিশত আজি শুভাৰম্ভ কৰা হৈছে। সময়ত এই সকলোবোৰ আঁচনি অধিক দ্ৰুত, অধিক কাৰ্যকৰী কৰা হ'ব আৰু ই অনুপ্ৰেৰণাদায়ক হ'ব যাতে আমাৰ বৰ্তমানৰ প্ৰজন্মই..আমি সেইসকল লোক যিয়ে স্বাধীনতাত, দেশৰ স্বাধীনতাৰ বাবে মৃত্যুৰ সুযোগ পোৱা নাই, কিন্তু আমি জীয়াই থকাৰ সুযোগ পাইছো। আমি দেশৰ বাবে কিবা এটা কৰাৰ সুযোগ পাইছো। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই, ২০৪৭ চনত যেতিয়া দেশৰ স্বাধীনতাৰ ১০০ বছৰ হ’ব তেতিয়াও একেই অনুভূতি বিৰাজ কৰিব৷ এই প্ৰচেষ্টাবোৰ হৈছে এক প্ৰচেষ্টাৰ উপলব্ধি৷ এয়া সেই স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পূৰণ কৰাৰ এক প্ৰয়াস, ভাৰতক উচ্চতালৈ অনাৰ এক প্ৰয়াস য’ত বহুতো নায়কে ফাঁচীকাঠত ওলমিবলগীয়া হৈছিল, তেওঁলোকৰ জীৱন অন্ধকূপত অতিবাহিত কৰিছিল।

 

বন্ধুসকল,

 

আজি, ভাৰতে কিছু বছৰ আগলৈকে কল্পনা কৰিব পৰা নোৱাৰা সকলোবোৰ কাম কৰি আছে। দেশখনে ৭৫ বছৰীয়া পৰিক্ৰমাত এটা এটা পদক্ষেপ গ্ৰহণ কৰি আজিৰ স্থানত উপনীত হৈছে। ৭৫ বছৰত, বহু লোকে অৰিহণা আগবঢ়াইছে, সকলো প্ৰকাৰৰ লোকে অৱদান আগবঢ়াইছে। আৰু কাৰোবাৰ অৱদান অস্বীকাৰ কৰিলে দেশ ডাঙৰ নহয়। দেশে সকলোৰে অৱদান গ্ৰহণ কৰি, আদৰণি জনাই, সন্মান কৰি আৰু আগবাঢ়ি যায়। আৰু সেই মন্ত্ৰেৰে আমি ডাঙৰ হৈছো, আমিও একেটা মন্ত্ৰ গ্ৰহণ কৰিবলৈ বিচাৰো। যেতিয়া দেশখনে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিব, দেশখনে সেই লক্ষ্যবোৰৰ দিশত আগবাঢ়ি যাব, যিটো অসম্ভৱ যেন লাগিছিল সেয়া লাভ কৰিবলৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব। মই আত্মবিশ্বাসী, আপোনালোক সকলোৰে সহযোগত এই ঘটনাবোৰ ভাৰতৰ ঐতিহাসিক গৌৰৱৰ সৈতে সামঞ্জ্যপূৰ্ণ হ'ব। আপোনালোক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, আপোনালোকৰ সকলো অৱদানৰ সৈতে, এই অনুষ্ঠানবোৰে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ গৌৰৱ দাঙি ধৰিব, এক শক্তি, অনুপ্ৰেৰণা, দিশ প্ৰদান কৰিব। আপোনালোক অৱদান অতি মূল্যৱান।

 

এই বক্তব্যৰ সৈতে আপোনালোক সকলোৰে অংশগ্ৰহণৰ বাবে আৰু আগন্তুক দিনকেইটাত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ বাবে আপোনালোকক নিমন্ত্ৰিত কৰি মই মোৰ ভাষণ সামৰিছো৷ মই পুনৰবাৰ আপোনালোক আটাইলৈ অশেষ শুভকামনা যাচিলো৷

 

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity

Media Coverage

From conflict to progress: Remote Irpanar village in Chhattisgarh gets electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 এপ্ৰিল 2026
April 27, 2026

Sabka Saath, Sabka Vikas 2.0: PM Modi Delivers Self-Reliance, Global Trade & National Pride