PM Modi reviews the progress towards holistic development of islands
Andaman and Nicobar islands: PM Modi emphasizes on the need for developing an integrated tourism-centric ecosystem
PM Modi calls for greater harnessing of solar energy in Lakshadweep and Andaman and Nicobar island groups
PM Modi calls for seaweed cultivation in Lakshadweep islands and Andaman and Nicobar islands

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বীপসমূহৰ সামগ্ৰিক বিকাশৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

কেন্দ্ৰীয় চৰকাৰে ২০১৭ৰ ১ জুনত দ্বীপপুঞ্জ বিকাশ অভিকৰণ গঠন কৰে। চৰকাৰৰ সামগ্ৰিক বিকাশৰ তালিকাত ২৬টা দ্বীপ অন্তৰ্ভূক্ত কৰা হৈছে।

নিটী আয়োগে দেখুওৱা সামগ্ৰিক বিকাশৰ উপাদানসমূহৰ ভিতৰত মুখ্য আন্তঃগাঁথনিমুলক প্ৰকল্প, ডিজিটেল অৰ্থনীতি, স্বচ্ছ শক্তি, উদ্ভিদৰ অলৱনীকৰণ, আৱৰ্জনা ব্যৱস্থাপনা, মীনপালন বৃদ্ধি আৰু পৰ্যটনভিত্তিক প্ৰকল্প ইত্যাদি উল্লেখযোগ্য।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কৰা কামৰ পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে পৰ্যটনৰ বিকাশৰ চিহ্নিত ক্ষেত্ৰসমূহত এক সংহত পৰ্যটনভিত্তিক পৰিস্থিতিতন্ত্ৰৰ বিকাশৰ প্ৰয়োজনীয়তাত জোৰ দিয়ে। তেওঁ দ্ৰুতগতিত দীপসমূহত সৌৰ শক্তিৰ জৰিয়তে প্ৰযোজনীয় শক্তি নিজেই আহৰণ কৰাৰ বাবে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে লগতে আন্দামান আৰু নিকোবৰ দীপপুঞ্জৰ কেতবোৰ এলেকাত বিদেশী পৰ্যটকক পৰিদৰ্শনৰ অনুমতি নিদিয়াৰ বাবে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে লোৱা সিদ্ধান্ত বাহাল থকা বুলি চমুকৈ উল্লেখ কৰে। দক্ষিণ পূব-এছিয়াৰ সৈতে এই দীপসমূহৰ বৃহত্তৰ সংযোগ ব্যৱস্থাৰ সন্দৰ্ভতো ইয়াত আলোচনা হয়।

লাক্ষাদ্বীপৰ বিকাশৰ পৰ্যালোচনাকালত প্ৰধানমন্ত্ৰীক টুনা মাছ ধৰাৰ বিভিন্ন প্ৰদক্ষেপত উদ্গনি যোগোৱাৰ লগতে “লাক্ষাদ্বীপ টুনা” ব্ৰেণ্ডৰ প্ৰচাৰ চলোৱাৰ কথা অৱগত কৰে। প্ৰধানমন্ত্ৰী স্বচ্ছতাৰ ক্ষেত্ৰত লাক্ষাদ্বীপৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ সমান্তৰালভাৱে লাক্ষাদ্বীপ বৃহৎ উন্নয়নমুলক আন্তঃগাঁথনিৰ সন্দৰ্ভতো আলোচনা কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক সমূদ্ৰ-শৈবাল উদ্ভিদৰ খেতিৰ সম্ভাৱনীয়তাৰ অন্বেষণৰ লগতে কৃষিখণ্ডত সহায় কৰিব পৰা অন্যান্য প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ কয়।

সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিং, আন্দামান আৰু নিকোবৰ দীপপুঞ্জ আৰু লাক্ষাদ্বীপৰ লেফটেনেণ্ট গবৰ্ণৰদ্বয়, নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Why industry loves the India–EU free trade deal

Media Coverage

Why industry loves the India–EU free trade deal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Meghalaya meets the Prime Minister
January 29, 2026

Chief Minister of Meghalaya, Shri Conrad Sangma met the Prime Minister, Shri Narendra Modi, at New Delhi, today.

The Prime Minister posted on X:

“Chief Minister of Meghalaya, Shri @SangmaConrad met Prime Minister @narendramodi.”