প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে মুখ্য আন্তঃগাঁথনিমুলক খণ্ড যেনে-বিদ্যুৎ, নবীকৰণযোগ্য শক্তি, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, কয়লা আৰু খনিৰ কাম-কাজৰ প্ৰগতিৰ পৰ্যালোচনা কৰে। দুঘণ্টাতকৈ অধিক সময় ধৰি অনুষ্ঠিত পৰ্যালোচনা বৈঠকত আন্তঃগাঁথনিৰ সৈতে জড়িত মন্ত্ৰালয়, নিটী আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

এই উপলক্ষে নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কাণ্টে এক প্ৰদৰ্শনযোগে উল্লেখ কৰে যে ভাৰতত স্থাপন কৰা শক্তি উৎপাদন কেন্দ্ৰৰ উৎপাদনক্ষমতা ৩৪৪ গিগাৱাটলৈ বৃদ্ধি পাইছে। ২০১৪ চনত ভাৰতৰ বিদ্যুতৰ নাটনি ৪ শতাংশতকৈ অধিক থকাৰ বিপৰীতে ২০১৮ চনত এই হাৰ ১ শতাংশলৈ হ্ৰাস পাইছে। এই উপলক্ষে কেতবোৰ বিশেষ পদক্ষেপ যেনে-ট্ৰেন্সমিচন লাইন, ট্ৰেন্সফৰ্মাৰৰ সক্ষমতা আৰু আন্তঃআঞ্চলিক ট্ৰেন্সমিচনৰ ব্যৱস্থা কৰা হৈছে।

বিশ্ব বেংকৰ “সহজে বিদ্যুৎ লাভ কৰা” সুচকত ভাৰতে ২০১৪ চনৰ ৯৯তম স্থানৰ পৰা ২৬তম স্থানলৈ উন্নীত হৈছে। বৈঠকত ‘সৌভাগ্য’ প্ৰচেষ্টাৰ অধীনত ঘৰে ঘৰে বিদ্যুৎ লাভ কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আলোচনাত নগৰ আৰু গ্ৰামাঞ্চলত অন্তিমটো সংযোগৰ তথা বিতৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

নব্য আৰু নবীকৰণযোগ্য শক্তি খণ্ডত সামূহিক সংস্থাপন সক্ষমতা প্ৰায় দুগুণ বৃদ্ধিৰে ২০১৩-১৪ৰ ৩৫.৫ গিগাৱাটৰ পৰা ২০১৭-১৮ত ৭০ গিগাৱাট হৈছে। সৌৰ শক্তি সংস্থাপন সক্ষমতা একেটা সময়ত ২.৬ গিগাৱাটৰ পৰা ২২ গিগাৱাট হৈছে। বিষয়াসকলে বিশ্বাসেৰে কয় যে ২০২২ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি সক্ষমতা ১৭৫ গিগাৱাটৰ বাবে প্ৰধানমন্ত্ৰীৰ লক্ষ্য অনায়াসে উপনীত হ’ব ভাৰত।

প্ৰধানমন্ত্ৰীয়ে সৌৰ শক্তি সক্ষমতা বৃদ্ধিৰ জৰিয়তে কৃষকসকলৰ বাবে উপযুক্ত ব্যৱস্থা যেনে-সৌৰ পাম্প আৰু ব্যৱহাৰ উপযোগী সৌৰ ৰন্ধনশৈলীৰ সুবিধা নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। 

উল্লেখ যে চলিত বিত্তীয় বৰ্ষত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত প্ৰধানমন্ত্ৰী উজ্জ্বালা যোজনাৰ অধীনত ধাৰ্য কৰা লক্ষ্যত উপনীত হৈছে। কয়লা খণ্ডৰ সন্দৰ্ভত হোৱা আলোচনাত অধিক উৎপাদনৰ ব্যৱস্থা কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet clears ₹23,731 crore GOBARdhan scheme for compressed biogas

Media Coverage

Cabinet clears ₹23,731 crore GOBARdhan scheme for compressed biogas
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥