QuoteNine long years ago, it was decided in St. Petersburg that the target of doubling the tiger population would be 2022.We in India completed this target four years early: PM
QuoteOnce the people of India decide to do something, there is no force that can prevent them for getting the desired results: PM Modi
QuoteIt is possible to strike a healthy balance between development and environment: PM Modi

আজি বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন-২০১৮ৰ চতুৰ্থ চক্ৰৰ ফলাফল মুকলি কৰে৷

|

এই সৰ্বেক্ষণ অনুসৰি ২০১৮ চনত ভাৰতত বাঘৰ সংখ্যা ২৯৬৭লৈ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে এই ফলাফলক ভাৰতৰ ঐতিহাসিক সাফল্য বুলি অভিহিত কৰি বাঘৰ সুৰক্ষাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে৷ এই সাফল্য প্ৰাপ্তিৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ষ্টেকহ’ল্ডাৰক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ক্ষীপ্ৰতা তথা নিষ্ঠাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ ইয়াক সংকল্পৰ পৰা সিদ্ধিৰ আটাইতকৈ উত্তম উদাহৰণ বুলি অভিহিত কৰে৷ তেওঁ কয় যে ভাৰতৰ লোকে এবাৰ কোনো এটা কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক সম্পূৰ্ণ কৰাত কোনেও বাধা দিব নোৱাৰে৷

|

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ৩০০০টা বাঘৰ সৈতে ভাৰত আজি বিশ্বৰ ভিতৰতে বাঘৰ আটাইতকৈ নিৰাপদ আৰু বৃহৎ স্থল হিচাপে পৰিগণিত হৈছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি ‘‘ছিলেক্টেভিনেছ’’ হোৱাতকৈ ‘‘কালেক্টিভনেছ’’ হোৱাটো প্ৰয়োজন৷ তেওঁ কয় যে পৰিবেশ সংৰক্ষণৰ বাবে বিস্তৃত আৰু সামূহিক বীক্ষণৰ প্ৰয়োজন৷ বিকাশ আৰু পৰিবেশৰ মাজত সুস্থ ভাৰসাম্য বৰ্তাই ৰখাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে৷ ‘‘আমাৰ নীতি, আমাৰ অৰ্থনীতিত, আমি সংৰক্ষণৰ সংৰক্ষণবাদ পৰিৱৰ্তন কৰিব লাগিব,’’ তেওঁ এইদৰে কয়৷

|

ভাৰতে আমাৰ নাগৰিকসকলৰ বাবে অধিক গৃহ নিৰ্মাণ কৰিব আৰু একে সময়তে জন্তুসমূহৰ বাবেও গুণগতমানৰ পৰিবেশ সৃষ্টি কৰিব৷ ভাৰতৰ উজ্বল সামুদ্ৰিক অৰ্থনীতি থকাৰ লগতে সুস্থ সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰও থাকিব৷ এই ভাৰসাম্যতাৰ যোগেদি এক শক্তিশালী তথা সমাহিত ভাৰত নিৰ্মাণ হ’ব, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ভাৰতে অৰ্থনৈতিকভাৱে তথা পৰিবেশগতভাৱে উন্নতি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে; তেওঁ কয় যে ভাৰতে অধিক পথ নিৰ্মাণ কৰিব আৰু ভাৰতৰ স্বচ্ছ নদীও থাকিব; ভাৰতৰ উন্নত ৰে’ল সংযোগ ব্যৱস্থা থাকিব আৰু লগতে বৃহৎ বনাঞ্চলো থাকিব৷

তেওঁ কয় যে যোৱা পাঁচ বছৰত পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ সময়ত দেশৰ বনাঞ্চলো বৃদ্ধি হৈছে৷ ‘‘সুৰক্ষিত অঞ্চল’’ৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ ২০১৪ চনত সুৰক্ষিত অঞ্চলৰ সংখ্যা আছিল ৬৯২খন আৰু ২০১৯ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ৮৬০ হৈছে৷ ‘‘সম্প্ৰদায় সংৰক্ষণো’’ ২০১৪ চনৰ ৪৩খনৰ পৰা বৃদ্ধি হৈ এতিয়া ১০০ হৈছে৷

তেওঁ কয় যে ভাৰতে ইয়াৰ অৰ্থনীতি ‘‘স্বচ্ছ-ইন্ধনভিত্তিক’’ আৰু ‘‘পুনৰ নৱীকৰণ শক্তি’’ হিচাপে নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে ভাৰতৰ শক্তি সুৰক্ষাত ‘‘আৱৰ্জনা’’ আৰু ‘‘বায়’-মাছ’’ এক বৃহৎ অংশ হিচাপে পৰিগণিত হৈছে৷ এই সন্দৰ্ভত তেওঁ এলপিজি সংযোগৰ বাবে ‘‘উজ্বলা’’ আৰু এলইডি বাল্বৰ বাবে ‘‘উজলা’’ আঁচনিৰ কথা উল্লেখ কৰে৷

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে বাঘৰ সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক প্ৰয়াস কৰা হ’ব বুলি দোহাৰে৷

|

অনুষ্ঠানটোত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেদকাৰ; ৰাজ্যিক পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়; পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব শ্ৰী চি.কে. মিশ্ৰাও উপস্থিত আছিল৷

Click here to read full text speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years of Modi govt: India’s civil aviation sector soars to new heights

Media Coverage

11 years of Modi govt: India’s civil aviation sector soars to new heights
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India's Youth-Led Tech Innovation as Nation Strengthens Self-Reliance
June 12, 2025
QuotePrime Minister highlights the transformation brought about in lives of people through 11 years of Digital India

The Prime Minister, Shri Narendra Modi today lauded India’s young innovators for their pivotal role in advancing technology and driving the nation’s self-reliance. Over the past 11 years, Digital India has empowered the youth to harness innovation, reinforcing India’s position as a global technology powerhouse.

Shri Modi also remarked that over the past 11 years, leveraging the power of technology has brought innumerable benefits for people of India. He added that Service delivery and transparency have been greatly boosted.

Responding to posts on X by MyGovIndia, Shri Modi stated:

“Powered by the youth of India, we are making remarkable progress in innovation and application of technology. It is also strengthening our efforts to become self-reliant and a global tech powerhouse.

#11YearsOfDigitalIndia”

“Leveraging the power of technology has brought innumerable benefits for people. Service delivery and transparency have been greatly boosted. Furthermore, technology has become a means of empowering the lives of the poorest of poor.

#11YearsOfDigitalIndia”