Technology is the bridge to achieve ‘Sabka Saath Sabka Vikas’: PM
Challenge of technology, when converted into opportunity, transformed ‘Dakiya’ into ‘Bank Babu’: PM

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আজি নতুন দিল্লীৰ ৭, কল্যাণ মার্গৰ এক অনুষ্ঠান ‘ব্ৰিজিটেল নেশ্যন’ শীর্ষক এখন গ্ৰন্থ উন্মোচন কৰে৷ গ্ৰন্থখনিৰ প্রথমটো কপি তেওঁ শ্রী ৰতন টাটাৰ হাতত তুলি দিয়ে৷ শ্রী এন চন্দ্রশেখৰন আৰু শ্রীমতী ৰূপা পুৰুষোত্তমে এই গ্ৰন্থখনি লিখিছে৷

প্রযুক্তি : ‘সবকা সাথ সবকা বিকাশ’ৰ সাফল্যৰ সেতুবন্ধন

এই উপলক্ষে অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে এই গ্ৰন্থখনিৰ জৰিয়তে লেখকদ্বয়ে এটা পথ দেখৱাইছে৷ প্রযুক্তিৰ প্রয়োজনীয়তা, ইয়াৰ ইতিবাচক দিশ আৰু আশা-আকাংক্ষাৰ বিভিন্ন বিষয় গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে৷ তেওঁ লগতে কয় যে এই গ্ৰন্থখন এনে এক সময়ত প্রকাশ কৰা হৈছে, যেতিয়া প্রযুক্তিয়ে কোটি কোটি ভাৰতীয়ৰ জীৱনত ইতিবাচক পৰিৱর্তন আনিছে৷ প্রধানমন্ত্রীয়ে কয় যে এইটো বুজি পোৱা দৰকাৰ যে প্রযুক্তিয়ে সেতুবন্ধনৰ কাজ কৰে, ই বিভাজন নকৰে৷ তেওঁ কয় যে ‘সবকা সাথ, সবকা বিকাশ’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্রযুক্তিয়ে আশা আৰু সাফল্য, প্রত্যাশা তথা সেইবোৰ পূৰণ, চৰকাৰ আৰু প্রশাসনৰ মাজত সেতুবন্ধনৰ কাম কৰে। ভাৰতৰ দ্রুত প্রত্যাশা পূৰণৰ বাবে ইতিবাচক, সৃজনশীল আৰু গঠনমূলক মানসিকতাৰ প্রয়োজন। কৃত্রিম বুদ্ধিমত্তা আৰু মানৱ পৰিকল্পনাৰ মাজত সেতুবন্ধনৰ ওপৰত তেওঁ জোৰ দিয়ে৷


প্রযুক্তিৰ মাধ্যমেৰে প্রশাসন পৰিচালনা : বিগত পাঁচ বছৰৰ সফলতা

প্রধানমন্ত্রীয়ে চৰকাৰী প্রকল্পত সংস্কাৰ, পৰিৱর্তন আৰু ৰূপায়ণৰ ক্ষেত্রত প্রযুক্তিয়ে কিদৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে সেই সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। তেওঁ তথ্যৰ আদানপ্রদান, ডিজিটেল মেপিঙৰ দৰে কামৰ কথাও উল্লেখ কৰে৷ প্রধানমন্ত্রী কয় যে ‘উজ্জ্বলা যোজনা’ত সঠিক সময়ৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত গ্রামীণ মহিলাসকলৰ জীৱনযাত্রাত পৰিৱর্তন আহিছে৷। প্রধানমন্ত্রীয়ে ‘জন ধন যোজনা’, ‘আয়ুষ্মান ভাৰত’ৰ দৰে প্রকল্পত সাধাৰণ জনতাৰ সবলীকৰণৰ ক্ষেত্রত প্রযুক্তিয়ে কিদৰে সহায় কৰিছে, সেই সন্দৰ্ভতো অৱগত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে চৰকাৰী বিভাগসমূহৰ মাজত একঘেয়ামী স্বভাৱ নাইকিয়া কৰাৰ বাবে তথা চৰকাৰী ই-মার্কেট প্লেচৰ দৰে নিত্য-নতুন পৰিকল্পনাৰ মাধ্যমেৰে চাহিদা আৰু যোগানৰ মাজত যোগসূত্ৰ ৰক্ষাৰ বাবে প্রযুক্তি ব্যৱহাৰ কৰি আহিছে৷ দেশত ষ্টার্ট-আপ ব্যৱস্থাপনাক জোৰদাৰ কৰি তুলিবলৈ বিশেষকৈ, টিয়াৰ-২ আৰু টিয়াৰ-৩ চহৰত সম্পূর্ণৰূপে ষ্টার্ট-আপ গঠনৰ ক্ষেত্রত প্রযুক্তিয়ে কিদৰে সহায় কৰিছে, সেই কথাও বিস্তাৰিতভাৱে অৱগত কৰে প্রধানমন্ত্রীয়ে৷

প্রযুক্তিগত সমস্যাৱলী নাইকিয়া কৰি ইয়াৰ সুফল কামত লগোৱাৰ সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে ভাৰতীয় পোষ্টেল পেমেণ্ট বেংকৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ কয় যে প্রযুক্তিয়ে সামগ্রিক সেৱাৰ ক্ষেত্রত আমূল পৰিৱর্তন আনিছে৷ এই ডাক সেৱা প্রযুক্তিভিত্তিক বেংকিং ব্যৱস্থাপনাত পৰিণত হৈছে৷ ইয়াৰ ফলত বহু লোক উপকৃত হৈছে৷ ‘ডাকোৱাল’সকল এতিয়া ‘বেংকবাবু’ত পৰিণত হৈছে৷

কূটনৈতিক ব্যক্তিত্ব, চৰকাৰি প্রতিনিধি আৰু সংবাদমাধ্যমৰ প্রতিনিধিসকলৰ উপস্থিতি

অনুষ্ঠানত মার্কিন যুক্তৰাষ্ট্র, ব্রিটেন আৰু চীনৰ কূটনৈতিক প্রতিনিধিবৰ্গ, কেন্দ্রীয় চৰকাৰৰ একাধিক মন্ত্ৰালয়ৰ সচিব, চিআইআই, এফআইচিচিআই আৰু নাছকমকে ধৰি ঔদ্যোগিক নিকায় আৰু আগশাৰীৰ বিশিষ্ট সাংবাদিক ৰজত শৰ্মা, নাৱিকা কুমাৰ, ৰাজকম ঝা, সুধীৰ চৌধুৰী, স্মিতা প্ৰকাশৰ উপৰি টাটা গ্ৰূপৰ সদস্যসকল উপস্থিত থাকে৷

গ্ৰন্থখনৰ বিষয়ে

গ্ৰন্থখনি ভৱিষ্যতৰ শক্তিশালী দৃষ্টিভংগী তুলি ধৰা হৈছে৷ ইয়াত প্রযুক্তি আৰু মানুহ পৰস্পৰ নির্ভৰশীল হৈ কিদৰে সহাৱস্থান কৰিছে তাক দেখুওৱা হৈছে৷ মানুহৰ পৰিশ্রম হ্ৰাস কৰাত প্রযুক্তিৰ ব্যৱহাৰ আৰু ভাৰতে কিদৰে তাক কামত লগাই আৰু অধিক কর্মসংস্থাপন সৃষ্টি কৰিব পাৰে, সেই দিশটোও এই গ্ৰন্থখনিত তুলি ধৰা হৈছে৷ প্রত্যাশা আৰু সাফল্যৰ মাজত ডিজিটেল প্রযুক্তি সেতুবন্ধন কৰে, তাতে এই ‘ব্ৰিজিটেল’ নামৰ সার্থকতা পৰিলক্ষিত হৈছে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
OECD pegs India GDP growth at 7.6 per cent for 2025-26

Media Coverage

OECD pegs India GDP growth at 7.6 per cent for 2025-26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal
March 27, 2026

The Prime Minister, Shri Narendra Modi congratulated Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal. “Your appointment reflects the trust reposed in your leadership by the people of Nepal. I look forward to working closely with you to take India-Nepal friendship and cooperation to even greater heights for the mutual benefit of our two peoples”, Shri Modi said.

The Prime Minister posted on X:

“Warm congratulations to Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal.

Your appointment reflects the trust reposed in your leadership by the people of Nepal. I look forward to working closely with you to take India-Nepal friendship and cooperation to even greater heights for the mutual benefit of our two peoples.”

@ShahBalen