PM Modi hands over keys to mark the Grihapravesh of Prime Minister Awas Yojana- Grameen (PMAY-G) beneficiaries in Maharashtra
Being amongst people during the auspicious occasion of Dussehra gives me energy and renewed vigour to work for the betterment of the country: PM Modi
Shri Saibaba's teachings gives usthe mantra to build a strong unified society and toserve humanity with love: PM Modi
People getting their own homes is a big step towards the fight against poverty: PM Modi
In the last four years, our Government has built over 1.25 crore houses: PM Modi
PM Modi appreciates people of Maharashtra for making the state Open Defecation Free
Under Ayushman Bharat (PMJAY), modern medical infrastructure is getting readied: PM Modi
PM Modi underlines the efforts taken by the Government to deal with drought faced by Maharashtra

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ছিৰ্দি ভ্ৰমণ কৰে।

এই উপলক্ষে এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি এক নামফলক উন্মোচন কৰে। তেওঁ লগতে শ্ৰী ছাইবাবা সমাধিৰ শতবৰ্ষৰ স্মাৰক হিচাপে এটা ৰূপৰ মূদ্ৰাও মুকলি কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএৱাই-জি)ৰ মহাৰাষ্ট্ৰৰ একাংশ হিতাধিকাৰীৰ গৃহপ্ৰৱেশ উপলক্ষে গৃহৰ ছাবিও হস্তান্তৰ কৰে। প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ জিলাৰ ছাটাৰা, লাটুৰ, নন্দদৰবাৰ, অমৰাৱতী, থানে, ছোলাপুৰ, নাগপুৰৰ পিএমএৱাই-জিৰ একাংশ হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে। হিতাধিকাৰীসকলৰ ভিতৰত অধিকাংশ মহিলা, যিসকলে তেওঁলোকৰ নতুন উন্নত মানৰ গৃহ প্ৰদানৰ লগতে পিএমএৱাই-জিৰ অধীনত সহজলভ্য তথা দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী সমবেত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে সকলো ভাৰতীয়ক দশেৰাৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে দশেৰাৰ শুভক্ষণত জনতাৰ মাজত উপস্থিত থাকি তেওঁ নতুন শক্তি পাইছে আৰু ই দেশৰ হকে আৰু অধিক ভাল কৰাৰ তেওঁক প্ৰাণশক্তি যোগাইছে।

সমাজৰ প্ৰতি শ্ৰী ছাইবাবাৰ অৱদানৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ শিক্ষাই এখন শক্তিশালী ঐক্যবদ্ধ সমাজ গঢ়াৰ লগতে মানৱজাতিক প্ৰেমেৰে সেৱা আগবঢ়োৱাৰ মন্ত্ৰনা দিয়ে। তেওঁ লগতে কয় যে ছিৰ্দিয়ে সদায় জন সেৱাক এক প্ৰতীক হিচাপে অভিহিত কৰিছিল। শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টে ছাইবাবাই দেখুৱাই থৈ যোৱা পথকে অনুসৰণ কৰাৰ বাবে তেওঁ সুখ ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবা সংস্থান ট্ৰাষ্টে শিক্ষাৰ জৰিয়তে সমাজৰ সবলীকৰণ আৰু আধ্যাত্মিক শিক্ষাৰ জৰিয়তে চিন্তাধাৰাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ প্ৰশংসা কৰে।

দশেৰাৰ শুভক্ষণত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএৱাই-জি)ৰ ২ লাখ হিতাধিকাৰীক নতুন গৃহ হস্তান্তৰ কৰি সুখী অনুভৱ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজাৰ এক বৃহৎ পদক্ষেপ। ২০২২ চনৰ ভিতৰত ‘সকলোৰে বাবে গৃহ’ প্ৰচেষ্টাৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বিগত চাৰি বছৰত চৰকাৰে ১.২৫ কোটি গৃহ নিৰ্মাণ কৰা বুলি কয়। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে প্ৰতিটো গৃহৰ নিৰ্মাণ উন্নত মানদণ্ডৰ বুলি সুনিশ্চিত কৰাৰ উপৰি প্ৰত্যেকতে শৌচালয়, গেছ আৰু বিদ্যুৎ সংযোগৰো ব্যৱস্থা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰক মুকলি স্থানত মলত্যাগ মুক্ত হিচাপে গঢ়ি তোলাৰ বাবে সমবেত সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰে স্বচ্ছ ভাৰতৰ কাৰ্যকলাপৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰো শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা(পিএমজেএৱাই) কথা উল্লেখ কৰে আৰু কয় যে বৰ্তমানলৈকে দেশত এই আঁচনিৰ দ্বাৰা প্ৰায় ১ লাখ লোক উপকৃত হৈছে। তেওঁ লগতে কয় যে পিএমজেএৱাইৰ অধীনত অত্যাধূনিক চিকিৎসাৰ আন্তঃগাঁথনি সাজু কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে খৰাং পীড়িত মহাৰাষ্ট্ৰই সন্মুখীন হোৱা সমস্যাৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহো আলোকপাত কৰে। এই ক্ষেত্ৰত তেওঁ কৃষি সিঞ্চায় যোজনা আৰু ফচল বীমা যোজনাৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰৰ জলযুক্ত শিৱিৰ অভিযানৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা গ্ৰহণ জলসিঞ্চনৰ নলীনাদ খনন অভিযানত জনসাধাৰণৰ অংশগ্ৰহণৰো প্ৰশংসা কৰে।

বি. আৰ. আম্বেদকাৰ, জ্যোতিৰাও ফুলে আৰু চট্টপতি শিৱাজীৰ শিক্ষাকে দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক তেওঁলোকৰ আদৰ্শ আৰু শিক্ষা অনুকৰণ কৰি এখন অবিভক্ত সমাজ গঢ়াৰ আহ্বান জনায়। তেওঁ সকলোকে সবকা সাথ, সবকা বিকাশ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত দিশে কাম কৰিবলৈ আহ্বান জনায়।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ছাইবাবাৰ সমাধি মন্দিৰৰ চৌহদ পৰিদৰ্শন কৰাৰ লগতে প্ৰাৰ্থনাও কৰে। তেওঁ শ্ৰী ছাইবাবাৰ শতবৰ্ষ উদযাপনৰ সামৰণী অনুষ্ঠানতো অংশগ্ৰহণ কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Securing the Silver Years Atal Pension Yojana and its Transformative Journey (2015–2026)

Media Coverage

Securing the Silver Years Atal Pension Yojana and its Transformative Journey (2015–2026)
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Maharana Pratap on his Jayanti
May 09, 2026

The Prime Minister, Shri Narendra Modi has paid tributes to the great warrior Maharana Pratap on his Jayanti.

The Prime Minister said that Maharana Pratap remains an immortal symbol of bravery and valour. He noted that the great warrior dedicated his life to protecting the honour, pride and dignity of the motherland.

The Prime Minister further said that the saga of Maharana Pratap’s indomitable courage and unwavering self-respect will continue to inspire the spirit of patriotism in the hearts of countrymen for generations to come.

The Prime Minister posted on X;

“वीरता और पराक्रम के अमर प्रतीक, देश के महान योद्धा महाराणा प्रताप को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। उन्होंने मातृभूमि की आन-बान और शान की रक्षा के लिए अपना जीवन समर्पित कर दिया। उनके अदम्य साहस और अटूट स्वाभिमान की गाथाएं युगों-युगों तक देशवासियों के हृदय में राष्ट्रभक्ति का दीप प्रज्वलित करती रहेंगी।”