NCC camps motivate every youngster to do something good for the nation: PM Modi
National Cadet Corps is not about uniform or uniformity, it is about unity: PM Modi
Youth of India is unable to tolerate corruption. We will undertake every effort to uproot the menace of corruption: PM
Promote digital transactions through the BHIM App and to motivate others to join that platform: PM to NCC Cadets

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এন চি চিৰ ৰেলীক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয় যে এন চি চিৰ প্ৰতিজন যুৱ কেডেটে ইয়ালৈ নিজৰ ব্যক্তিত্ব আৰু পৰিচয় লৈ আহিছে। কিন্তু এমাহৰ ভিতৰত তেওঁলোকৰ মাজত নতুন বন্ধুত্ব গঢ়ি উঠিব আৰু তেওঁলোকে ইজনে সিজনৰ পৰা বহু কথা শিকিব পাৰিব।এন চি চিৰ শিবিৰ সমূহে যুৱক-যুৱতীসকলক ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰৰ বিষয়ে জানিবলৈ সুবিধা দিয়ে। ইয়াৰ ফলত প্ৰতিজন যুৱক-যুৱতীয়ে দেশৰ বাবে ভাল কাম কৰিবলৈ উদ্বুদ্ধ হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এন চি চিৰ শিবিৰৰ পৰা পোৱা শিক্ষাই কেডেটসকলক জীৱনযুৰি সহায় কৰিব।তেওঁ কয় যে এন চি চি মানে কেৱল সমতা আৰু শৃংখলাৱদ্ধতাই নহয়, ই একতাৰো প্ৰতীক। এন চি চিৰ জৰিয়তে আমি দলসমূহক যুদ্ধকালীন গতিত কাম কৰিবলৈ শিক্ষা দিয়াৰ লগতে বেলেগকো অনুপ্ৰেৰণা যোগাওঁ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এন চি চিয়ে গৌৰৱোজ্জ্বল ৭০ টা দশক সম্পূৰ্ণ কৰিলে আৰু বহুলোকক যুদ্ধকালীন গতিত ভাল কাম কৰিবলৈ শিক্ষা দিলে।আজি আমি লাভ কৰা সফলতাক উদযাপন কৰাৰ লগতে অনাগত দিনত এন চি চিক অধিক ফলপ্ৰসূ কৰি তোলাৰ কথা চিন্তা কৰিব লাগে।তেওঁ সকলো অংশীদাৰকে অহা ৫ বছৰৰ ভিতৰত এন চি চিয়ে ৭৫ বছৰত ভৰি দিয়াৰ আগে আগে সকলো কৰ্ম-আঁচনি তৈয়াৰ কৰিবলৈ আহ্বান জনায়।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ যুৱপ্ৰজন্মই এতিয়া দুৰ্নীতিক গ্ৰহণ নকৰে। দুৰ্নীতি আৰু ক’লাধনৰ বিৰুদ্ধে যুদ্ধখন বন্ধ নহয়। ভাৰতৰ যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবেই এই যুঁজ চলি থাকিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো কেডেটক ভীম এপৰ যোগেদি নগদবিহীন লেন-দেনৰ প্ৰচাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে আনকো সেই কাম কৰিবলৈ উৎসাহিত কৰাৰ বাবে আহ্বান জনায়।তেওঁ কয় যে স্বচ্চতা আৰু শুদ্ধতাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।ভাৰতৰ যুৱপ্ৰজন্মই মন কৰিলে কোনো কামেই নোহোৱাকৈ নাথাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আগতে মানুহে ধনী আৰু ক্ষমতাশালী সকলৰ একো নহয় বুলি ভৱিছিল, কিন্তু আজি পৰিস্থিতি সলনি হৈছে। মূখ্যমন্ত্ৰীও আজি দুৰ্নীতি কৰি জেইললৈ যাব লগা হৈছে।

আধাৰৰ বিষয়ে তেওঁ কয় যে ই ভাৰতৰ উন্নয়নত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে।আগতে আনে ভোগ কৰা সুবিধাসমূহ এতিয়া প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব।

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Science and the power of jan bhagidari can lead to a TB-free India

Media Coverage

Science and the power of jan bhagidari can lead to a TB-free India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, seeks blessings of Maa Katyayani and shares devotional recital
March 24, 2026

The Prime Minister, Shri Narendra Modi, sought the blessings of Maa Katyayani and said that worship of Maa Jagadambe fills the mind with infinite energy and inner strength, while her divine radiance illuminates the heart with higher consciousness. He prayed that with the blessings of the Goddess, who is the embodiment of divinity and valour, all her devotees are endowed with immense strength and self-confidence.

The Prime Minister shared a Sanskrit verse-

“चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना। कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

The Prime Minister also shared a recital in praise of the Goddess.

The Prime Minister wrote on X;

“मां कात्यायनी को वंदन! दिव्यता और पराक्रम की अधिष्ठात्री देवी मां की कृपा से उनके सभी भक्तों में अपार शक्ति और आत्मविश्वास का संचार हो।

चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।

कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥”

“मां जगदम्बे की उपासना से मन अनंत ऊर्जा और आत्मबल से भर जाता है। देवी मां का अलौकिक ओज हृदय को दिव्य चेतना से आलोकित कर देता है।