প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপত যোৱাৰ পূৰ্বে প্ৰদান কৰা বক্তব্য তলত উল্লেখ কৰা হ’ল৷

‘‘মই আমাৰ নিচেই ওচৰ চুবুৰীয়া মালদ্বীপ গণৰাজ্যৰ ৰাজধানী মালে ভ্ৰমণ কৰিবলৈ ওলাইছো৷ মালদ্বীপৰ নতুনকৈ নিৰ্বাচিত ৰাষ্ট্ৰপতি এইচ ই ইব্ৰাহিম মহম্মদ ছ’লিহৰ ঐতিহাসিক বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মই মালদ্বীপলৈ ওলাইছো৷

শেহতীয়া নিৰ্বাচনত তেওঁৰ বিজয়ক মই অভিনন্দন জনাইছো৷ ইয়াৰ দ্বাৰা মালদ্বীপ গণৰাজ্যৰ জনসাধাৰণক উন্নত ভৱিষ্যত প্ৰদানৰ বাবে গণতান্ত্ৰিক তথা নতুন নিয়ম সূচনাই তেওঁলোকৰ প্ৰত্যাশাক নিৰ্দেশায়িত কৰিছে৷

ভাৰত আৰু মালদ্বীপে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি উন্নতিৰ বাবে শক্তিশালী সহযোগিতাৰ পোষণ কৰে৷ মোৰ চৰকাৰৰ সামূহিক বিকাশৰ দৃষ্টিভংগী ‘‘সবকা সাথ, সবকা বিকাশ’’ আমাৰ চুবুৰীয়া দেশলৈও সম্প্ৰসাৰিত হৈছে৷ আমি ভাৰতত মালদ্বীপ গণৰাজ্যক গণতান্ত্ৰিকভাৱে এখন উন্নত দেশ হিচাপে চাবলৈ বিচাৰো৷

মই শ্ৰীমান ছ’লিহৰ নতুন মালদ্বীপিয়ান চৰকাৰলৈ মোৰ চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বিষয়সমূহ বিশেষকৈ আন্তঃগাঁথনি,স্বাস্থ্যসেৱা, যোগাযোগ আৰু মানৱ সম্পদ বিকাশ আদিক অগ্ৰাধিকাৰ দি সহযোগিতাৰে কাম কৰাৰ বাবে সদিচ্ছা প্ৰেৰণ কৰিছো৷

মই নিশ্চিত যে মোৰ এই ভ্ৰমণৰ দ্বাৰা দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক সুদৃঢ় বান্ধোন স্থাপিত হ’ব৷’’   

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push