Not only South Korean companies are strengthening our ‘Make in India’ mission but they are also generating employment opportunities: PM
Our focus is on enhancing the Special Strategic Partnership: PM Modi at Joint press meet with President Moon Jae-in of South Korea

মাননীয় ৰাষ্ট্ৰপতি মুন,

উপস্থিত প্ৰতিনিধিবৰ্গ,

সংবাদ মাধ্যমৰ বন্ধুসকল,

ৰাষ্ট্ৰপতি মুনৰ প্ৰথমটো ৰাজকীয়া ভাৰত ভ্ৰমণত তেওঁক আদৰণী জনাবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়।

প্ৰায় এবছৰৰ আগতে হামবাৰ্গত জি-২০ সন্মিলনৰ সময়ত প্ৰথমবাৰলৈ ৰাষ্ট্ৰপতি মুনক লগ পাইছিলো। সেই সময়তে তেওঁক মই ভাৰতলৈ নিমন্ত্ৰণ জনাইছিলো। আজি সমগ্ৰ বিশ্বই কোৰিয়াত হৈ থকা কাম-কাজবোৰ গুৰুত্ব সহকাৰে প্ৰত্যক্ষ কৰিছে। এনে ব্যস্ত কাৰ্যসূচীৰ মাজতে ভাৰত ভ্ৰমণৰ বাবে তেওঁ সময় উলিওৱাৰ বাবে মই তেওঁক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছো।

বন্ধুসকল,

ভাৰত আৰু কোৰিয়াৰ মাজত যে পাৰিবাৰিক সম্বন্ধ আছে, সেয়া সম্ভৱ বহু কম সংখ্যক লোকেহে জানে। কেইবা শ শতিকাৰ পূৰ্বে অযোধ্যাৰ ৰাজকুমাৰী ছুৰীৰত্নাৰ বিবাহ কোৰিয়াৰ ৰজাৰ সৈতে হৈছিল আৰু আপোনালোকে জানি আচৰিত হ’ব যে বৰ্তমানেও কোৰিয়াৰ লাখ লাখ লোকে নিজকে তেওঁলোকৰ বংশধৰ বুলি বিশ্বাস কৰে। সাম্প্ৰতিক সময়তো ভাৰত আৰু কোৰিয়াৰ মাজত সুদৃঢ় সম্বন্ধ অটুত আছে। কোৰিয়াৰ যুদ্ধৰ সময়ত ভাৰতৰ পেৰাচুট ফিল্ড এম্বুলেন্স ইউনিটে কৰা কামৰ প্ৰশংসা আজিও সকলোৰে মুখে মুখে।

বন্ধুসকল,

কোৰিয়া গণৰাজ্যৰ আৰ্থিক আৰু সামাজিক প্ৰগতিত নিজেই এক উত্তম উদাহৰণ হিচাপে পৰিগণিত হৈছে। কোৰিয়াবাসীয়ে এইটো প্ৰমাণ কৰিছে যে যদি কোনো দেশে এক সম দৃষ্টিভংগী আৰু উদ্দেশ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হয়, তেতিয়া অসম্ভৱ লক্ষ্যতো উপনীত হ’ব পাৰি।

কোৰিয়াৰ এই প্ৰগতি ভাৰতৰ বাবে প্ৰেৰণাদায়ক। এইটো বহুত আনন্দৰ বিষয় যে কোৰিয়াৰ কোম্পানীয়ে ভাৰতত কেৱল ব্যাপক হাৰত বিনিয়োগেই কৰা নাই, তেওঁলোকে আমাৰ মেক ইন ইণ্ডিয়াৰ সৈতে জড়িত হৈ ভাৰতত সংস্থাপনৰ সূযোগো সৃষ্টি কৰিছে। কোৰিয়াৰ কোম্পানীয়ে সামগ্ৰীৰ গুণাগুনৰ প্ৰতি দায়বদ্ধতাৰে ভাৰতৰ প্ৰতিঘৰ লোকৰ ওচৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

বন্ধুসকল,

আজি আমাৰ আলোচনাত আমি দ্বিপাক্ষিক বিষয়ৰ উপৰি আঞ্চলিক আৰু বৈশ্বিক বিষয়তো মু্ক্তভাৱে স্থান দিছো। মই উপলদ্ধি কৰিছো যে ভাৰতৰ এক্ট ইষ্ট পলিচি আৰু কোৰিয়া গণৰাজ্যৰ নিউ ছাউদাৰ্ন ষ্ট্ৰেটেজিৰ মাজত নীতিগত দিশত যথেষ্ট সাদৃশ্য আছে। ভাৰত আৰু কোৰিয়াৰ সম্বন্ধক তেওঁৰ নিউ ছাউদাৰ্ন ষ্ট্ৰেটেজিৰ এক আধাৰ স্তম্ভ হিচাপে লোৱাৰ বাবে মই ৰাষ্ট্ৰপতি মুনক এই বিচাৰৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

আমাৰ আলোচনাৰ অন্তত এক ভিজন ষ্টেটমেণ্ট প্ৰকাশ কৰা হৈছে। আমাৰ মাজত বিশেষ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব প্ৰদান কৰিছো। আমাৰ আৰ্থিক আৰু বাণিজ্যিক সম্বন্ধ এই সম্পৰ্কৰ এক আধাৰ। কিছু সময়ৰ পাছতে আমি দুয়োখন দেশৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ম। আমাৰ বাণিজ্য আৰু বিনিয়োগৰ যোগসুত্ৰক আৰু অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰিম বুলি মই আশা কৰিছো।

মই সুখী যে আমি আমাৰ ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি উন্নীত কৰাৰ দিশত আজি আৰ্লি হাৰভেষ্ট পেকেজৰ ৰূপত এক শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰিছো। আমাৰ সম্পৰ্কৰ ভৱিষ্যত আৰু বিশ্বত হৈ থকা প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আমি একেলগে অভিনৱ উদ্ভাৱনৰ সহযোগিতা কেন্দ্ৰ স্থাপন কৰাৰ লগতে ভৱিষ্যতৰ কৌশলী গোট গঠনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছো।

বন্ধুসকল,

কোৰিয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে তাক বৰ্তাই ৰখাত তথা দেশখনৰ বিকাশৰ সকলো কৃতিত্ব ৰাষ্ট্ৰপতি মুনৰ। মই ভাৱো যি ইতিবাচক বাতাবৰণ গঢ় লৈছে, সেয়া ৰাষ্ট্ৰপতি মুনৰ নিৰন্তৰ প্ৰচেষ্টাৰে ফল। এই বিকাশৰ বাবে ৰাষ্ট্ৰপতি মুনক অভিনন্দন জনাইছো। আজিৰ আলোচনাত মই তেওঁক কৈছো যে পূৰ্বোত্তৰ আৰু দক্ষিণ এছিয়াৰ বিস্তাৰিত সংযোগ ভাৰতৰ বাবে চিন্তাৰ বিষয়। সেইবাবে এই শান্তি প্ৰক্ৰিয়াৰ সফলতাত ভাৰতো এক অংশীদাৰ।

কম চাপ দিলে যিকোনো সহযোগিতা হ’ব পাৰে, আমিও নিশ্চয় কৰিম। সেয়েহে আমি আমাৰ পৰামৰ্শ আৰু সমন্বয়ৰ বেগ বৃদ্ধিৰ সিদ্ধান্ত লৈছো। সচিব পৰ্যায়ৰ ২+২ বৈঠক আৰু মন্ত্ৰী পৰ্যায়ত যুটীয়া আয়োগৰ সন্দৰ্ভত পৰৱৰ্তী বৈঠকত যথেষ্ট গুৰুত্ব লাভ কৰিব।

বন্ধুসকল,

মই পুনৰ বাৰ ৰাষ্ট্ৰপতি মুন, তেওঁৰ সহধৰ্মিনীৰ লগতে বিশিষ্ট প্ৰতিনিধিবৰ্গক ভাৰতলৈ স্বাগতম জনাইছো। অনাগত দিনত তেওঁৰ সকলো শান্তি প্ৰয়াসৰ সফলতাৰ লগতে মোৰ লগতে ১২৫ কোটি ভাৰতীয়ৰ হৈ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো।

দাসী-মান্নায়ো। (পুনৰ লগ পাম)

গোম্প-ছুমনিদা। (ধন্যবাদ)

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."