India accords highest priority to its partnership with Russia: PM Modi at joint press meet with President Putin
India and Russia agree to strengthen cooperation in combating the menace of terrorism and climate change
In the coming times, India and Russia would deepen trade and investment links, enhance cooperation from sea to space: PM Modi

মাননীয়

ৰাছিয়ান সংঘৰ ৰাষ্ট্ৰপতি আৰু মোৰ ঘনিষ্ঠ মিত্ৰ ভ্লাডিমিৰ ভ্লাডিমিৰোবিছ

দুয়োখন দেশৰ সন্মানীয় প্ৰতিনিধিনমস্কাৰ৷

দোব্ৰী দীন৷

উনৈশতম বাৰ্ষিক শিখৰ সন্মিলনৰ বাবে ভাৰতত ৰাষ্ট্ৰপতি পুটিন তথা তেওঁৰ প্ৰতিনিধিমণ্ডলক স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷

আমি এনেকুৱা এখন দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত আপোনাক স্বাগতম জনাইছোঁ যিখনৰ সৈতে আমাৰ অদ্বিতীয় সম্বন্ধ আছে৷ এই সম্বন্ধৰ বাবে আপুনি অতুলনীয় সহযোগিতা প্ৰদান কৰিছে৷ ৰাষ্ট্ৰপতি পুটিনৰ দ্বাৰা সোছি (Sochi)ত আয়োজিত কৰা অনানুষ্ঠনিক শিখৰ সন্মিলনৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ সেই বিশেষ সাক্ষাতত আমি দুয়ো মুক্তভাৱে গহীন চৰ্চা কৰাৰ অৱকাশ লাভ কৰিছিলো৷

ৰাষ্ট্ৰপতি মহোদয়,

ৰাছিয়াৰ সৈতে সম্বন্ধৰ ভাৰতে সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰে৷ ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত হোৱা এই বিশ্বত আমাৰ সম্বন্ধ আৰু অধিক প্ৰাসংগিক হৈ পৰিছে৷

উনৈশতম শিখৰ সন্মিলনৰ নিৰন্তৰ শৃংখলাৰ দ্বাৰা আমাৰ বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত সহযোগিতাই নতুন শক্তি তথা দিশ লাভ কৰিছে৷ আৰু বিশ্বজনীন ঘটনাসমূহৰ সহযোগিতাই নতুন লক্ষ্য লাভ কৰিছে৷

আমাৰ সহযোগিতাক আপোনাৰ এই যাত্ৰাই কৌশলগত দিশ প্ৰদান কৰিছে৷ আজি আমি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰিছোঁ যি দীৰ্ঘকালীন দৃষ্টিকোণত আমাৰ সম্বন্ধক অধিক শক্তিশালী কৰিব৷

মানৱ সম্পদ বিকাশৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক তথা শক্তিৰ উৎসলৈ, বাণিজ্যৰ পৰা আৰম্ভ কৰি বিনিয়োগলৈ, নাভিকীয় শক্তিৰ শান্তিপূৰ্ণ সহযোগিতাৰ পৰা সৌৰ শক্তিলৈ, প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বাঘ সংৰক্ষণলৈ, আৰ্কটিকৰ পৰা আৰম্ভ কৰি ফাৰ ইষ্টলৈ আৰু সাগৰৰ পৰা আৰম্ভ কৰি মহাকাশলৈ ভাৰত আৰু ৰাছিয়াৰ সম্বন্ধ আৰু ব্যাপক হ’ব৷ এই বিস্তৰ আমাৰ সহযোগিতাক অতীতৰ কিছুমান বিশেষ পৰিসৰলৈ লৈ যাব৷

লগতে আমাৰ সম্বন্ধৰ গুৰুত্বপূৰ্ণ আধাৰ স্তম্ভ আৰু অধিক শক্তিশালী হ’ব৷

ভাৰতৰ বিকাশৰ যাত্ৰাত ৰাছিয়া সদায়েই আমাৰ সৈতে আছে৷ আমাৰ মহাকাশ অভিযানৰ অনাগত লক্ষ্য ভাৰতৰ গগনযানত ভাৰতীয় মহাকাশযাত্ৰী প্ৰেৰণ কৰা হ’ব৷ মই অত্যন্ত সুখী যে আপোনালোকে এই অভিযানত ৰাছিয়াৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে৷

তৰুণ প্ৰজন্মৰ মাজত দেশৰ ভৱিষ্যতক কায়াকল্প নিৰ্ধাৰণ কৰাৰ ক্ষমতা আছে৷ মই সুখী যে ভাৰত তথা ৰাছিয়াৰ প্ৰতিভাসম্পন্ন শিশুৰ সন্মিলিত ৰূপত নিজৰ উদ্ভাৱনী চিন্তাধাৰাৰ প্ৰদৰ্শন আজি দুপৰীয়া কৰিম৷ এই চিন্তাধাৰা তেওঁলোকে মিলিজুলি বিকশিত কৰিছে৷

আমি ভাৰতৰ ধ্বজ্বাবাহী কাৰ্যক্ৰমত আৰু ব্যৱসায়ৰ ব্যাপক অৱকাশত ৰাছিয়াৰ সহযোগিতা প্ৰদানক স্বাগতম জনাইছোঁ৷ মই সুখী যে অলপ সময়ৰ পিছতে আমি ভাৰত–ৰাছিয়া ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰিম৷ ইয়াত দুয়োখন দেশৰ প্ৰায় ২০০ মুখ্য আৰ্থিক উদ্যমীয়ে অংশগ্ৰহণ কৰিব৷

ভাৰত তথা ৰাছিয়াই পাৰস্পৰিক হিতৰ সকলো আন্তঃৰাষ্ট্ৰীয় ঘটনাত ঘনিষ্ঠতাৰে সহযোগিতা প্ৰদান কৰে৷ ৰাষ্ট্ৰপতি পুটিন তথা মই ইয়াৰ ওপৰতো চিন্তা–চৰ্চা কৰিছোঁ৷

ভাৰত আৰু ৰাছিয়াই ক্ষীপ্ৰতাৰে পৰিৱৰ্তন হোৱা বিশ্বত মাল্টি–প’লাৰিটী আৰু মাল্টি–লেটাৰিজমক সুদৃঢ় কৰাত একমত হৈছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংঘৰ্ষ, আফগানিস্তান তথা ইণ্ডো–পেচিফিকৰ ঘটনাক্ৰম, জলবায়ু পৰিৱৰ্তন, এছচিঅ’, ব্ৰিকছৰ দৰে ক্ষেত্ৰীয় সংগঠন আৰু জি২০ তথা এছিয়ান (ASEAN) ৰ দৰে বহুপক্ষীয়সংগঠনত সহযোগিতা প্ৰদান কৰাত আমাৰ দুয়োখন দেশৰ সহযোগিতা সন্মিলিত আছে৷ আমি আন্তঃৰাষ্ট্ৰীসংস্থাত নিজৰ লাভপ্ৰদ সহযোগিতা আৰু সমন্বয়ক অব্যাহত ৰখাত সহমতি প্ৰকাশ কৰিছোঁ৷

মই ৰাষ্ট্ৰপতি পুটিনৰ দ্বাৰা ৰাছিয়াৰ সুদূৰ পূৰ্বৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা অত্যন্ত প্ৰভাৱিত হৈছোঁ৷ভাৰত এই ক্ষেত্ৰত সহযোগিতাৰ বাবে তৎপৰ হৈছে৷

আজি গ্ৰহণ কৰা নিৰ্ণয়ৰ দ্বাৰা আমাৰ সহযোগিতা আৰু অধিক বৃদ্ধি হ’ব তথা প্ৰত্যাহ্বানমূলক বিশ্বত শান্তি তথাস্থিৰতা বাহাল ৰখাত সহযোগিতা লাভ হ’ব৷

ভাতৃ আৰু ভগ্নীসকল,

ভাৰত আৰু ৰাছিয়াৰ সম্বন্ধৰ শক্তিৰ স্ৰোত হ’ল জনসাধাৰণৰ মাজত পৰস্পৰে পৰস্পৰৰ প্ৰতি থকা সদ্ভাৱ আৰুমৈত্ৰীৰ ভাব৷ আমি আজি এনে বহুকেইটা প্ৰয়াসৰ ওপৰত চিন্তা কৰিছোঁ যাৰ দ্বাৰা ব্যক্তিৰ পৰা ব্যক্তিৰ সম্বন্ধআৰু অধিক শক্তিশালী হ’ব৷ আৰু দুয়োখন দেশৰ লোকৰ, বিশেষকৈ যুৱ প্ৰজন্মৰ এজনে আনজনৰ বিষয়েজনাটো বৃদ্ধি হওক৷ ইয়াৰ দ্বাৰা ভাৰত–ৰাছিয়াৰ সম্বন্ধৰ ভৱিষ্যতৰ এক ভেঁটি নিৰ্মাণ হ’ব৷

বন্ধুসকল,

মই বিশ্বাসেৰে ক’ব পাৰো যে ভাৰত–ৰাছিয়াৰ মৈত্ৰী নিজৰ ভিতৰতে অনন্য৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে এই বিশিষ্টসম্বন্ধৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতিবদ্ধতাৰ দ্বাৰা এই সম্বন্ধ অধিক শক্তিশালী হ’ব৷ আমাৰ মাজত প্ৰগাঢ় বিশ্বাসতথা মৈত্ৰী আৰু অধিক সুদৃঢ় হ’ব তথা আমাৰ বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত সহযোগিতাইআকাশ স্পৰ্শ কৰিব৷

ধন্যবাদ৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament

Media Coverage

‘We’ll Keep Building From India, For World’: Skyroot Thanks PM Modi For Recognising Team In Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses anguish over the loss of lives due to tunnel collapse in Namchi, Sikkim
July 21, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed anguish over the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. He extended his deepest condolences to the bereaved families and prayed that those injured recover at the earliest.

The Prime Minister announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. Shri Modi stated that the injured would be given Rs. 50,000.

In a post on X, the Prime Minister shared:

"Anguished by the loss of lives due to the collapse of an under-construction tunnel in Namchi, Sikkim. I extend my deepest condolences to the bereaved families. I pray that those injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"