India has provided medicines to more than 150 countries during this time of Covid: PM Modi
India has remained firm in its commitment to work under the SCO as per the principles laid down in the SCO Charter: PM Modi
It is unfortunate that repeated attempts are being made to unnecessarily bring bilateral issues into the SCO agenda, which violate the SCO Charter and Shanghai Spirit: PM

এছচিঅ’ ৰাষ্ট্ৰৰ মুৰব্বী পৰিষদৰ ২০ সংখ্যক সন্মিলন ১০ নৱেম্বৰ, ২০২০ ত অনুষ্ঠিত (ভিডিঅ’ কনফাৰেন্স ফৰ্মেটত) হয়। এই বৈঠকখনিত অধ্যক্ষতা কৰে ৰাছিয়ান ফেডাৰেশ্যনৰ ৰাষ্ট্ৰপতি শ্ৰী ভ্লাদিমিৰ পুটিনে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় প্ৰতিনিধিত্বক নেতৃত্ব প্ৰদান কৰে। আন এছচিঅ’ সদস্য ৰাষ্ট্ৰসমূহক ৰাষ্ট্ৰপতিয়ে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানক প্ৰধানমন্ত্ৰী পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হয়। আন অংশগ্ৰহণকাৰীসকল হৈছেঃ এছচিঅ’ সচিবালয়ৰ সচিব প্ৰধান, এছচিঅ’ ৰিজিঅ’নেল এন্টি-টেৰ’ৰিষ্ট ষ্ট্ৰাকচাৰৰ কাৰ্যবাহী সঞ্চালক, এছচিঅ’ৰ চাৰি পৰ্যবেক্ষক (আফগানিস্তান, বেলাৰুছ, ইৰাণ, মংগোলিয়া)ৰ ৰাষ্ট্ৰপতিসকল।

এয়া আছিল ভাৰ্চুৱেল ফৰ্মেটত অনুষ্ঠিত হোৱা প্ৰথমখনি এছচিঅ’ সন্মিলন আৰু ২০১৭ ত ভাৰতত পূৰ্ণকালীন সদস্য হোৱাৰ পাছত তৃতীয়খনি বৈঠক। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছচিঅ’ নেতাসকলক সম্বোধন কৰি ক’ভিড-১৯ মহামাৰীটোৰ বাবে উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু বাধা সত্বেও এই বৈঠকখনিৰ আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীৰ সম্বোধনত, তেখেতে মহামাৰীটোৰ পৰৱৰ্তী সময়ত সামাজিক আৰু আৰ্থিক প্ৰভাৱত ভূগি থকা বিশ্বৰ প্ৰত্যাশাসমূহ পূৰণ কৰিবলৈ সংশোধিত বহুপাক্ষিকতাৰ অত্যন্ত আৱশ্যকীয়তাৰ কথা উল্লেখ কৰে। ইউএনএছচিৰ অ-স্থায়ী সদস্য হিচাপে ২০২১ ৰ ১ জানুৱাৰীৰপৰা আৰম্ভ হ’বলগীয়া ভাৰতৰ কাৰ্যকালত লক্ষ্য হ’ব বৈশ্বিক শাসনত আকাংক্ষিত পৰিৱৰ্তন সাধন কৰিবলৈ ‘সংশোধিত বহুপাক্ষিকতা’ বিষয়বস্তুৰে কাম কৰি যোৱা।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বদ্ধমূল বিশ্বাসসমূহ যথাঃ আঞ্চলিক শান্তি, সুৰক্ষা আৰু সমৃদ্ধি আৰু সন্ত্ৰাসবাদ, অবৈধ অস্ত্ৰ, ড্ৰাগছৰ সৰবৰাহ, ধন-শৰাধৰ বিৰুদ্ধে সবল কণ্ঠৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে ভাৰতৰ সাহসী জোৱানসকলে ৰাষ্ট্ৰসংঘৰ প্ৰায় ৫০ শান্তিৰক্ষাকাৰী অভিযানত অংশগ্ৰহণ কৰিছে আৰু মহামাৰীটোৰ সময়ছোৱাত ভাৰতৰ ফাৰ্মা উদ্যোগে ১৫০ ৰোধিক দেশলৈ নিত্যপ্ৰয়োজনীয় মেডিচিন যোগান ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে এছচিঅ’ অঞ্চলৰ সৈতে ভাৰতৰ শক্তিশালী সাংস্কৃতিক আৰু ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰে আৰু ইন্টাৰনেশ্যনেল নৰ্থ-ছাউথ ট্ৰেন্সপ’ৰ্ট কৰিডৰ, চাবাহৰ প’ৰ্ট আৰু আশাগাবাত চুক্তিৰ দৰে প্ৰচেষ্টাৰে অঞ্চলটোত যোগাযোগক শক্তিশালী কৰিবলৈ ভাৰতৰ ঐকান্তিক অংগীকাৰৰ কথা দোহাৰে। তদুপৰি তেখেতে ২০২১ ত এছচিঅ’ৰ ২০ সংখ্যক বাৰ্ষিকী “এছচিঅ’ ইয়েৰ অৱ কালচাৰ” হিচাপে উদযাপনত পূৰ্ণ সমৰ্থন আগবঢ়াই আৰু ভাৰতৰ নিজা পদক্ষেপৰ কথা সদৰী কৰি কয় যে নেশ্যনেল মিউজিয়াম অৱ ইণ্ডিয়াৰদ্বাৰা শ্বেয়াৰড বৌদ্ধ হেৰিটেজ সন্দৰ্ভত প্ৰথমখনি এছচিঅ’ প্ৰদৰ্শনী, অহা বৰ্ষত ভাৰতত এছচিঅ’ ফুড ফেষ্টিভেল অনুষ্ঠিত আৰু দহ আঞ্চলিক ভাষাৰ সাহিত্য কৰ্মক ৰাছিয়ান আৰু চাইনীজলৈ অনুবাদ কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৩০ নৱেম্বৰ, ২০২০ত ভাৰ্চুৱেল ফৰ্মেটত এছচিঅ’ চৰকাৰৰ মুৰব্বী পৰিষদৰ পৰৱৰ্তী নিয়মীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা ব্যক্ত কৰে। তদুপৰি ভাৰতে এছচিঅ’ত উদ্ভাৱন আৰু ষ্টাৰ্টআপক লৈ এটা স্পেচিয়েল ৱৰ্কিং গ্ৰুপ আৰু পৰম্পৰাগত মেডিচিনক লৈ এটা চাব গ্ৰুপ গঠনৰ প্ৰস্তাৱ জনাইছে। তেখেতে মহামাৰী-পৰৱৰ্তী বিশ্বখনত “আত্ম নিৰ্ভৰ ভাৰত”ৰ লক্ষ্যৰ কথা উল্লেখ কৰি কয় যে ই এছচিঅ’ অঞ্চলত বৈশ্বিক অৰ্থনীতি আৰু অৰ্থনৈতিক প্ৰগতিৰ অৰ্থে বল গুণক হিচাপে পৰিগণিত হ’ব।

প্ৰধানমন্ত্ৰী তাজিকিস্তান গণৰাজ্যৰ ৰাষ্ট্ৰপতি ইম’মালি ৰহমনক এছচিঅ’ৰ পৰৱৰ্তী বৰ্ষৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হোৱাৰ বাবে অভিনন্দন জনাই আৰু ভাৰতৰপৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”