Bhagavad Gita is a world heritage which has been enlightening generations across the world since thousands of years: PM
Gita teaches us harmony and brotherhood, says PM Modi
Gita is not only a ‘Dharma Granth’ but also a ‘Jeevan Granth’: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীৰ ইণ্ডিয়া কালচাৰেল চেণ্টাৰৰ ইস্কন গ্লোৰীত আয়োজিত গীতা আৰাধনা মহোৎসৱত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ইয়াতেই ইস্কনৰ ভক্তপ্ৰাণ ৰাইজে প্ৰস্তুত কৰা এক বিশেষ আৰু ব্যতিক্ৰমী ভাগবত গীতা উন্মোচন কৰে। উল্লেখ্য যে এই গীতাখনৰ ওজন ৮০০ কিলোগ্ৰামতকৈও অধিক আৰু ইয়াৰ কলেবৰ ২.৮ মিটাৰতকৈও অধিক।

এই অনুষ্ঠানত উপস্থিত ভক্তপ্ৰাণ ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনবদ্য ভাগবত গীতাখন উন্মোচন কৰাৰ বাবে এয়া হৈছে নিশ্চিতভাৱেই এক বিশেষ অনুষ্ঠান, বিশেষ আয়োজন। তেওঁ কয় যে এই গ্ৰন্থখন সমগ্ৰ বিশ্বৰ বাবেই ভাৰতৰ জ্ঞানৰ আকৰ বা চিহ্ন হৈ ৰ’ব।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে লোকমান্য বালগংগাধৰ তিলকে কাৰাগাৰত থাকোতেই ‘গীতা ৰহস্য’ নামৰ এখন পুথি ৰচনা কৰিছিল, য’ত অতি সৰলভাৱে গীতাখনক বৰ্ণনা কৰা হৈছে। ভগৱান কৃষ্ণৰ নিষ্কাম কৰ্মৰ বাৰ্তাসমূহ শক্তিশালী অথচ সৰলভাৱে উপস্থাপন কৰা হৈছিল এই পুথিখনত। তেওঁ লগতে উল্লেখ কৰে যে মহাত্মা গান্ধীয়ে নিজৰ চিন্তাধাৰাৰেই ‘ভাগবত গীতা’ লিখি উলিয়াইছিল। তেওঁ লগতে উল্লেখ কৰে যে এই গ্ৰন্থখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাকো তেওঁ দিছিল।

 

প্ৰধানমন্ত্ৰীয়ে শ্ৰীল ভক্তিবেদান্ত প্ৰভূপাদজীয়ে এই ধৰ্মীয় গ্ৰন্থখন সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ-প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাৰো শলাগ লয়।

প্ৰদানমন্ত্ৰীয়ে কয় যে যেতিয়াই আমি জীৱনৰ কঠিন মুহুৰ্তত উপস্থিত হওঁ, তেতিয়াই ভাগবত গীতা সদায়েই আমাৰ পথ প্ৰদৰ্শক হিচাপে উপস্থাপিত হ’ব পাৰে। গীতাৰ এক জনপ্ৰিয় শ্লোক ৰোমন্থন কৰি প্ৰদানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়াই মানৱতাৰ শতৰুৰ সৈতে যুদ্ধত অৱতীৰ্ণ হওঁ তেতিয়া ঐশ্বৰিক শক্তি সদায়েই আমাৰ লগত আছে। তেওঁ লগতে কয় গীতাই সদায়েই মানুহৰ প্ৰতি দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ অনুপ্ৰেৰণা যোগাই আহিছে।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতীয় মূল্যবোধ আৰু সংস্কৃতিয়ে বিশ্বৰ মানৱতাই সমূখীন হোৱা বহু সমস্যাৰ সমাধান দি আহিছে। এই প্ৰসঙ্গতেই তেওঁ যোগ আৰু আয়ুৰ্বেদৰ বিষয়েও উল্লেখ কৰে।

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI at department store in France

Media Coverage

India launches UPI at department store in France
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”