প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্কোলজৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে স্কোলজক চেঞ্চেলৰ হিচাপে নিযুক্তি লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাৰ্মানী কৌশলগত সহযোগিতা অধিক মজবুত কৰাৰ ক্ষেত্ৰত প্ৰাক্তন চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ অপৰিসীম অৱদানৰ প্ৰশংসা প্ৰকাশ কৰে আৰু স্কোলজৰ নেতৃত্বতো এই ইতিবাচক গতি অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।

 

নতুন জাৰ্মান চৰকাৰে শাসনৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত কৰা ঘোষণা আৰু ভাৰতৰ নিজা অৰ্থনৈতিক দৃষ্টিভংগীৰ মাজত গুৰুত্বপূৰ্ণ সমন্বয় আছে বুলি দুয়োগৰাকী নেতাই সহমত পোষণ কৰে। তেওঁলোকে বিনিয়োগ আৰু বাণিজ্যিক সম্পৰ্ক বৃদ্ধিকে ধৰি চলিত সহযোগিতা পদক্ষেপৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰে। তেওঁলোকে নতুন ক্ষেত্ৰত সহযোগিতা আৰু আদান-প্ৰদানত অধিক বৈচিত্ৰতা অনাৰ সম্ভাৱনাৰ ওপৰত ঐক্যমত প্ৰকাশ কৰে। বিশেষকৈ, তেওঁলোকে জলবায়ু আৰু সেউজ শক্তিৰ ক্ষেত্ৰত নতুন সহযোগিতাৰ পদক্ষেপ আৰম্ভ কৰাৰ আশা ব্যক্ত কৰে, যাতে দুয়োখন দেশে জলবায়ুৰ ক্ষেত্ৰত দিয়া তেওঁলোকৰ নিজ নিজ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম হয়।

 

প্ৰধানমন্ত্ৰীয়ে চেঞ্চেলৰ ওলাফ স্কোলজৰ লগতে জাৰ্মান জনসাধাৰণক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু দ্বিপাক্ষিক আন্তঃচৰকাৰী আলোচনাৰ পৰৱৰ্তী বৈঠকৰ বাবে শীঘ্ৰে তেওঁক সাক্ষাৎ কৰাৰ বাবে আশা প্ৰকাশ কৰে। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ছেপ্টেম্বৰ 2026
September 13, 2026

Confidence on the Stage, Consensus in the Room: India’s BRICS 2026 Under PM Modi

PM Modi’s India: UPI in the Pocket, Solar on the Roof, Freight on the Rail