নমস্কাৰ!

সুধীবৃন্দ!

এই গ্লোবেল ক্লাইমেট ছামিট আয়োজন কৰাৰ বাবে মই ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
বিগত বৰ্ষত চেম্পিয়ন অৱ দ্য আৰ্থ বঁটা লাভ কৰাৰ পিছত ৰাষ্ট্ৰসংঘত এয়া মোৰ প্ৰথমটো সম্বোধন আৰু মই সখী অনুভৱ কৰিছো যে নিউয়ৰ্ক ভ্ৰমণৰ মোৰ প্ৰথমখন সভাই জলবায়ু বিষয়ক।

সুধীবৃন্দ!

জলবায়ু পৰিবৰ্তনক লৈ সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰয়াস চলি আছে। কিন্তু আমি এই কথা স্বীকাৰ কৰিবই লাগিব যে এই গম্ভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ যিমানখিনি প্ৰয়াসৰ প্ৰয়োজন সিমান প্ৰয়াস আমি এই পৰ্যন্ত কৰা নাই।

আজি প্ৰয়োজন হৈছে এক সামগ্ৰিক প্ৰয়াসৰ, য’ত শিক্ষা, মৰ্যাদা আৰু জীৱনশৈলীৰ পৰা আৰম্ভ কৰি উন্নয়নমূলক দৰ্শনো সন্নিৱিষ্ট থাকে। স্বভাৱজাত পৰিবৰ্তনৰ বাবে এক বিশ্বব্যাপী আন্দোলন আৰম্ভ কৰাৰ আজি প্ৰয়োজন হৈছে। প্ৰকৃতিৰ প্ৰতি সন্মান আৰু প্ৰাকৃতিক উৎসৰ সংৰক্ষণ, এয়া আমাৰ পৰম্পৰা আৰু বৰ্তমান প্ৰয়াসৰ অংশ হৈ আহিছে। আৰু এইবাবেই আজি ভাৰতে এই বিষয়ত কেৱল কথাই নাপাতে, বৰঞ্চ এক ব্যৱহাৰিক চিন্তাধাৰা আৰু সঠিক পৰিকল্পনাৰে সৈতে অৱতীৰ্ণ হৈছে। আমি বিশ্বাস কৰো যে এক টন প্ৰচাৰতকৈ মাত্ৰ এক আউন্স ব্যৱহাৰেই যথেষ্ট।

আমি ভাৰতত ইন্ধন মিশ্ৰণত অজৈৱিক ইন্ধনৰ অংশীদাৰীত্ব বৃদ্ধি কৰিবলৈ লৈছো। আমি ২০২২ চনলৈ পুনঃনবীকৰণযোগ্য শক্তিক্ষেত্ৰত আমাৰ নিজস্ব সামৰ্থ্য ১৭৫ গিগাৱাট পৰ্যন্ত বৃদ্ধি কৰাৰ পথেৰে আগবাঢ়িছো আৰু পৰৱৰ্তী সময়ত সেই পৰিমাণ ৪৫০ গিগাৱাট পৰ্যন্ত বৃদ্ধি কৰাৰ বাবেও প্ৰতিজ্ঞাবদ্ধ। আমি নিজ নিজ পৰিৱৰ্তন ক্ষেত্ৰত ই-ম’বিলিটি ক্ষেত্ৰক উৎসাহ যোগাইছো। আমি পেট্ৰ’ল আৰু ডিজেলত জৈৱইন্ধনৰ মিশ্ৰণ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিবলৈ লৈছো।

আমি দেশৰ ১৫০ মিলিয়ন পৰিয়াললৈ পৰিস্কাৰ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰিছো। আমি জল সংৰক্ষণ, বৰষুণৰ পানী সংৰক্ষণ আৰু জল উৎস উন্নয়ণৰ বাবে মিছন জল জীৱন আৰম্ভ কৰিছো। আৰু আগন্তুক কেইটামান বছৰলৈ এই খণ্ডটোত প্ৰায় ৫০ বিলিয়ন ডলাৰ ব্যয় কৰাৰ বাবেও আমি পৰিকল্পনা হাত লৈছো।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা ক’বলৈ হ’লে আমাৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সৈতে বিশ্বৰ প্ৰায় ৮০ খন দেশ জড়িত হৈছে। মই সুখী যে ভাৰত আৰু ছুইডেনে অইন অংশীদাৰ দেশৰ সৈতে মিলি ইণ্ডাষ্ট্ৰী ট্ৰানজিশ্যন ট্ৰেকৰ লীডাৰশ্বিপ গ্ৰুপ মুকলি কৰিবলৈ লৈছে। এই পদক্ষেপে চৰকাৰৰ লগতে নিজ নিজ ক্ষেত্ৰৰ উপৰিও উদ্যোগসমূহৰ বাবে ‘ল’ কাৰ্বন পাথৱে’ সৃষ্টি কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।

বৈশ্বিক আন্তঃগাঁথনিয়ে যাতে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব পাৰে তাৰ বাবে ভাৰতে “Coalition for Disaster Resilient Infrastructure” ৰ আৰম্ভণি কৰিবলৈ লৈছে। মই আটাইবোৰ সদস্য দেশকেই ইয়াৰ লসৈতে জড়িত হোৱাৰ বাবে আমন্ত্ৰণ জনাইছো।

এইবছৰ ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা অৰ্থাৎ ১৫ আগষ্টৰ দিনা আমি একক ব্যৱহাৰ্য প্লাষ্টিকৰ পৰা মুক্তিৰ বাবে জন-আন্দোলনৰ আহ্বান জনাইছো। মই আশা কৰো যে ইয়াৰ দ্বাৰা বৈশ্বিক স্তৰত একক ব্যৱহাৰ্য প্লাষ্টিকৰ বিৰুদ্ধে এক গণ জাগৰণৰ সৃষ্টি হ’ব।

সুধীবৃন্দ!

আপোনালোকৰ সমূখত এই কথা ক’বলৈ পাই আনন্দিত হৈছো যে ৰাষ্ট্ৰসংঘৰ এইটো গৃহতেই কাইলৈ ভাৰতে সংস্থাপিত কৰা ছ’লাৰ পেনেল মুকলি কৰা হ’ব। কথা কোৱাৰ সময়এতিয়া পাৰ হৈ গৈছে, এতিয়া সময় হৈছে কাম কৰাৰ।
বহু বহু ধন্যবাদ!

Disclaimer: PM's speech was delivered in Hindi. This is an approximate translation of the speech.

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Assam will now be known for 'chai' and 'chip': PM Modi

Media Coverage

Assam will now be known for 'chai' and 'chip': PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam, prays to Lord Hanuman
April 02, 2026

The Prime Minister, Shri Narendra Modi stated that Lord Hanuman Ji is the unparalleled symbols of devotion, strength, and unwavering dedication. “May the grace of the mighty one infuse courage and positivity into all his devotees”, Shri Modi said.

The Prime Minister shared a Sanskrit verse-

“मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥”

The Prime Minister wrote on X;

“भगवान हनुमान जी भक्ति, शक्ति और अटूट समर्पण के अद्वितीय प्रतीक हैं। महाबली की कृपा से उनके सभी भक्तों में साहस और सकारात्मकता का संचार हो।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि॥”