প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত নেটৱৰ্ক-১৮ৰ ৰাইজিং ইণ্ডিয়া সন্মিলনত ভাষণ প্ৰদান কৰে৷

ৰাষ্ট্ৰীয় সৈনিক স্মাৰক দেশলৈ উচৰ্গা কৰাৰ কেইটামান মুহূৰ্তৰ পিছতে ‘ৰাইজিং ইণ্ডিয়া’ত ভাষণ প্ৰদান কৰিবলৈ পাই তেওঁ সুখী হোৱা বুলি প্ৰকাশ কৰে৷ সন্মিলনৰ বিষয় বস্তু- ৰাজনীতিৰ ঊৰ্ধতঃ ৰাষ্ট্ৰৰ স্বাৰ্থৰ সংজ্ঞাক এক গুৰুত্বপূৰ্ণ বিষয় বুলি তেওঁ অভিহিত কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ অতীত আৰু ভৱিষ্যতৰ মাজত এডাল ৰেখা অংকন কৰি ৰাষ্ট্ৰীয় স্বাৰ্থক ঊৰ্ধত ৰাখিলে কেনে ফলাফল লাভ কৰিব পাৰি সেই সন্দৰ্ভত আগবাঢ়িব৷

তেওঁ বৰ্ণনা কৰে কিদৰে ২০১৪ চনৰ পূৰ্বে মুদ্ৰাস্ফীতি আৰু কৰৰ হাৰ অত্যাধিক হৈছিল আৰু জিডিপিৰ পৰিমাণ নিম্নগামী হৈছিল৷ তেওঁ কয় যে এতিয়া জিডিপি ৭ৰ পৰা ৮ শতাংশলৈ ঘূৰি আহিছে আৰু মুদ্ৰাস্ফীতি তথা বিত্তীয় ঘাটিৰ পৰিমাণ হ্ৰাস হৈছে৷  তেওঁ কয় যে কৰত ৰেহাই প্ৰদান কৰাৰ পৰা জনসাধাৰণেও সকাহ পাইছে৷

বিশ্বত ভাৰতৰ স্থিতিৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাটো ভাৰতৰ শতিকা বুলি মন্তব্য কৰে৷ ২০১৩ চনলৈ ভাৰত ‘ভংগুৰ পাঁচ’ত অন্তৰ্ভুক্ত আছিল৷ কিন্তু এতিয়া ভাৰত দ্ৰুত অৰ্থনীতিৰ দেশলৈ ৰূপান্তৰিত হৈছে৷ ইজ অব্ ডুয়িং বিজনেছত ভাৰতে ২০১১ চনৰ ১৩২নং স্থানৰ পৰা ২০১৪ চনত ১৪২ নম্বৰলৈ পিছুৱাই গৈছিল৷ কিন্তু আজি আমি ৭৭ নং স্থানত আছো বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ডুয়িং বিজনেচ’ত অগ্ৰাহ্যৰ সন্মুখীন হোৱাৰ মুখ্য কাৰণ আছিল দুৰ্নীতি৷ এই সন্দৰ্ভত তেওঁ বিভিন্ন কেলেংকাৰী যেনে কয়লা, চিডব্লিউজি, স্পেকট্ৰাম আদিৰ বিষয়ে উল্লেখ কৰে৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত মুকলি হোৱা জন ধন যোজনাৰ জৰিয়তে ৩৪ কোটি বেংক একাউণ্ট মুকলি কৰা হৈছে৷ তেওঁ কয় যে এই বেংক একাউণ্টসমূহ আধাৰ নম্বৰ তথা ম’বাইল ফোনৰ সৈতেও সংযোজিত কৰা হৈছে৷ ৪২৫টা কল্যাণমূলক আঁচনিৰ ধন প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে৷ তেওঁ কয় যে ছয় লাখ কোটি টকা প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে ৮ কোটি ভুৱা হিতাধিকাৰী এই প্ৰক্ৰিয়াৰ পৰা নিৰ্মূল কৰাৰ জৰিয়তে ১.১ লাখ কোটি টকা ৰাহি কৰিব পৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰতত দুৰ্নীতিৰ কোনো অৱকাশে নাই কিয়নো ইয়াৰ ধন প্ৰত্যক্ষভাৱে চিকিৎসালয়ৰ একাউণ্টলৈ যায়৷ আধাৰ কাৰ্ড থকা হিতাধিকাৰীসকলক ২০১৫ চনৰ আৰ্থ সামাজিক সৰ্বেক্ষণৰ দ্বাৰা বাচনি কৰা হৈছে৷ ঠিক সেইদৰে পিএম-কিষাণ সন্মান নিধিতো কোনো ধৰণৰ দুৰ্নীতিৰ অৱকাশ নাথাকিব বুলি তেওঁ জনায়৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বানসাগৰ বান্ধ আৰু ঝাৰখণ্ডৰ মংগল বান্ধৰ কথা উল্লেখ কৰি কয় যে দশকজুৰি এই কাম পেলাই থোৱাৰ বাবে এতিয়া বহু টকা ভৰিবলগীয়া হৈছে৷ তেওঁ কয় যে সৎ কৰদাতাসকলে এই বিলম্বৰ কৰ ভৰিবলগীয়া হৈছিল৷ প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ স্বয়ং ১২ লাখ কোটি টকাৰ প্ৰকল্পৰ কাম ‘প্ৰগতি’ৰ অধীনত নিৰীক্ষণ কৰি আছে৷ এই সংক্ৰান্তত তেওঁ উত্তৰ-পূৰ্বাঞ্চলত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও উল্লেখ কৰে৷ পূব ভাৰতৰ বিকাশেই হ’ল চৰকাৰৰ প্ৰধান লক্ষ্য বুলি তেওঁ জানিবলৈ দিয়ে৷

কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া দ্ৰুত অৰ্থনীতিৰ দেশ৷ এফডিআইৰ পৰিমাণ উচ্চ হৈছে; দৰিদ্ৰতা নোহোৱা হৈছে; আন্তঃগাঁথনি বৃদ্ধি হৈছে আৰু পৰ্যটন বিকশিত হৈছে৷ তেওঁ কয় যে কৰ্ম সংস্থাপন বৃদ্ধি নোহোৱা হ’লে এই বিকাশসমূহ সম্ভৱ নহ’লহেঁতেন৷

তাৰোপৰি তেওঁ পেছাদাৰী লোক আৰু বাণিজ্যিক বাহন বৃদ্ধিৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে ১৫ কোটি উদ্যমীয়ে ৭ লাখ কোটি টকাৰ ঋণ লাভ কৰিছে৷ ইয়াৰ দ্বাৰাও চাকৰিৰ সৃষ্টি হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ইপিএফঅ’ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈছে বুলিও জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সংবাদ মাধ্যমে নতুন ভাৰত গঢ়াত তথা গঠনমূলক পৰিবেশ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov

Media Coverage

India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 জুলাই 2026
July 31, 2026

Building Trust & Capability Under PM Modi : Fair Exams, Homegrown Space Tech & India’s First Telecom Manufacturing Zone