Today women are excelling in every sphere: PM Modi
It is important to recognise the talent of women and provide them with the right opportunities: PM Modi
Self Help Groups have immensely benefitted people in rural areas, especially women: PM Modi
To strengthen the network of Self Help Groups across the country, Government is helping them economically as well as by providing training: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ সদস্যসমূহ তথা দীন দয়াল অন্তোদয়া যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ এই বাৰ্তালাপত বিভিন্ন আত্মসহায়ক গোটৰ প্ৰায় এক কোটি মহিলাই অংশগ্ৰহণ কৰে৷ এইটোকে ধৰি প্ৰধানমন্ত্ৰীয়ে নৱমবাৰলৈ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷

বিভিন্ন ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে বাৰ্তালাপত সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী সদস্যই সংকল্প, সামূহিক প্ৰয়াস আৰু উদ্যমিতাৰ অনন্য উদাহৰণ৷ তেওঁ কয় যে মহিলাসকল উদ্যমশীল হোৱাৰ লগতে প্ৰতিকূল পৰিৱেশত আন্তনিৰ্ভৰশীলতাৰ বাবে ব্যাপকভাৱে অন্তঃকৰণে শক্তিশালী৷ প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক কেৱল এটা সুযোগৰ প্ৰয়োজন৷ তেওঁ লগতে কয় যে বিভিন্ন ক্ষেত্ৰ যেনে কৃষি আৰু দুগ্ধপাম আদি মহিলাসকলৰ অৱদান অবিহনে কল্পনা কৰিব নোৱাৰি৷ এয়াই হ’ল সমগ্ৰ দেশৰ বাবে মহিলা সৱলীকৰণৰ প্ৰকৃত কৰ্মশক্তি৷

বাৰ্তালাপৰ সময়চোৱাত নৰেন্দ্ৰ মোদীয়ে কয় যে দীন দয়াল অন্তোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছে৷ তেওঁ কয় যে এই আঁচনিটোৰ উদ্দেশ্য হ’ল ২.৫ লাখ গাঁও পঞ্চায়তৰ কোটি কোটি দুখীয়া পৰিয়ালক স্পৰ্শ কৰা আৰু তেওঁলোকক বহনক্ষম জীৱিকাৰ সুবিধা প্ৰদান কৰা৷ এই আঁচনি সফলতাৰে ৰূপায়ণ কৰাৰ বাবে তেওঁ সকলো ৰাজ্য আৰু বিষয়াবৰ্গক অভিনন্দন জ্ঞাপন কৰে৷

আত্মসহায়ক গোটসমূহৰ বিষয়ে সদৰী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মসহায়ক গোটসমূহে সমাজৰ বিশেষকৈ মহিলা আৰু গ্ৰামাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক উত্তৰণ আৰু সামাজিক বিকাশত অৰিহণা যোগায়৷ তেওঁ কয় যে ২০১১-২০১৪ৰ তুলনাত বিগত চাৰিটা বৰ্ষত আত্মসহায়ক গোটৰ সংখ্যা চাৰিগুণ বৃদ্ধি হৈছে আৰু ই গ্ৰামাঞ্চলত নিয়োজন তথা উদ্যমিতা সৃষ্টিত সফল হৈছে৷ ২০১১চনৰ পৰা ২০১৪ চনলৈ এই তিনি বছৰত কেৱল ৫ লাখ আত্মসহায়ক গোট গঠন হৈছিল যিয়ে ৫২ লাখ পৰিয়াল সামৰি লৈছিল৷ আনহাতে ২০১৪ চনৰ পৰা ২.২৫ কোটি পৰিয়ালক সামৰি ২০ লাখ আত্মসহায়ক গোট গঠন হৈছে৷

চৰকাৰেও সমগ্ৰ দেশতে আত্মসহায়ক গোটসমূহৰ উত্তৰণৰ বাবে প্ৰশিক্ষণ, বিত্তীয় সাহায্য আৰু সুবিধা প্ৰদান কৰিছে৷ মহিলা কৃষক সশক্তিকৰণ পৰিযোজনাৰ জৰিয়তে প্ৰায় ৩৩ লাখ মহিলা কৃষকক প্ৰশিক্ষণ দিয়া হৈছে৷ বৰ্তমানে সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমগ্ৰ ভাৰততে ৪৫ লাখ আত্মসহায়ক গোটত ৫ কোটি মহিলা আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দীন দয়াল অন্তোদয়া যোজনাৰ জৰিয়তে গ্ৰামাঞ্চলৰ যুৱ সমাজক দক্ষতা বিকাশৰ বাবে বিশেষ মনোযোগ প্ৰদান কৰা হৈছে৷ প্ৰশিক্ষণৰ লগতে নিয়োজন তথা স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰি উন্নত জীৱনশৈলীৰ প্ৰত্যাশা পূৰণৰ বাবে যুৱ সমাজক সুবিধা প্ৰদান কৰা হৈছে৷ তেওঁ কয় যে ৬০০টা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ অনুষ্ঠানৰ জৰিয়তে প্ৰায় ২৮ লাখ যুৱ সম্প্ৰদায়ক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু তাৰে প্ৰায় ১৯ লাখে কৰ্ম নিয়োজন লাভ কৰিছে৷

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মূল্য সংযোজন আৰু মূল্য শৃংখল আগ্ৰহৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে৷ তেওঁ প্ৰতিটো আত্মসহায়ক গোটক তেওঁলোকৰ সামগ্ৰীৰ বিপণনৰ বাবে চৰকাৰৰ ই-মাৰ্কেট স্থান (জিইএম)ত পঞ্জীভূক্ত হ’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা তথা আত্মসহায়ক গোটৰ সৈতে জড়িত সফলতাৰ খতিয়ানসমূহ বৰ্ণনা কৰে৷ দুখীয়া মহিলাসকলে যিধৰণে তেওঁলোকৰ আত্মবিশ্বাসৰ জৰিয়তে সকলো ধৰণৰ প্ৰতিকূলতাৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হৈছে তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে৷ মহিলা হিতাধিকাৰীসকলৰ জীৱনলৈ আত্মসহায়ক গোটসমূহে কিদৰে ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে সেই সম্পৰ্কে তেওঁলোকে ভাৱ-বিনিময় কৰে৷ প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলক তেওঁলোকৰ সাফল্যৰ কাহিনী আলোকচিত্ৰৰ সৈতে তথা তেওঁলোকৰ বিচাৰধাৰাসমূহ নৰেন্দ্ৰ মোদী এপত বিনিময় কৰিবলৈ আহ্বান জনায়৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”