We are working towards ensuring that income of our hardworking farmers double by 2022: PM Modi
For the first time we have decided that MSP will be 1.5 times the input cost of farmers: PM Modi
The country has seen record production of pulses, fruits, vegetables and milk: PM Modi
Due to blue revolution, pisciculture has seen a jump of 26%: PM Modi
We are focussing on 'Beej Se Bazar Tak'. We are creating a system which benefits farmers from the time of sowing the seeds till selling the produce in markets: PM
Neem coating of urea has benefitted the farmers immensely, says PM Modi
Through e-NAM, farmers can now directly sell their produce in the markets; this has eliminated middlemen: PM Modi
We are promoting organic farming across the country, especially the eastern region: PM Modi

প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ সংযোগৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰে। এই উপলক্ষে ২ লাখতকৈও অধিক সামূহিক সেৱা কেন্দ্ৰ(চিএছচি) আৰু ৬০০ কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে)ক ভিডিঅ’ সংযোগৰ জৰিয়তে সংযোগ কৰা হয়। এয়া হৈছে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে কৰা সপ্তমলানি বাৰ্তালাপ।

৬০০তকৈও অধিক জিলাৰ কৃষকৰ সৈতে বাৰ্তালাপ কৰি সুখী অনুভৱ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকল আমাৰ দেশৰ ‘অন্নদাতা’। তেওঁ কয় যে দেশৰ খাদ্য নিৰাপত্তাৰ সকলো কৃতিত্ব কৃষকসকলৈকে যোৱা উচিত।

কৃষকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপত কৃষিজাত তথা প্ৰায়োগিক খণ্ড যেনে- জৈৱিক কৃষি-কৰ্ম, নীল বিপ্লৱ, পশুপালন, উদ্যান শস্য, ফ্লৰিকালচাৰ ইত্যাদি বিষয়বোৰ সামৰি লয়।

দেশৰ কৃষকসকলৰ সামগ্ৰিক কল্যানৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকসকলৰ উপাৰ্জন দুগুন কৰাৰ দিশত কাম কৰি আছে আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদনৰ বাবে অধিক দাম দিয়া হ’ব। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাৰ দ্বাৰা কৃষকসকলে তেওঁলোকৰ কৃষিকাৰ্যৰ সময়ত সকলো ধৰণৰ অৰ্থাৎ শস্যৰ প্ৰস্তুতিৰ পৰা বিক্ৰীলৈকে নিশ্চিতভাৱে সহায় লাভ কৰিব। তেওঁ জোৰ দি কয় যে চৰকাৰে কেঁচা সামগ্ৰীৰ ন্যূনতম মূল্য, উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত মূল্য, উৎপাদিত সামগ্ৰীৰ অপচয় ৰোধ আৰু কৃষকৰ উপাৰ্জনৰ বিকল্প পথ নিশ্চিত কৰাটো বিচাৰে।

তেওঁ কয় যে কৃষকসকলে যাতে অনুভৱ কৰে “বীজৰ পৰা বজাৰ” হয় আৰু বিভিন্ন প্ৰচেষ্টাই কেনেকৈ তেওঁলোকক পৰম্পৰাগত কৃষি-কৰ্মৰ পৰা উন্নীতকৰণত সহায় কৰে, তাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

কৃষিখণ্ডৰ পৰিৱৰ্তনৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিগত ৪৮ মাহত এই খণ্ডটোৰ দ্ৰুতগতিত উন্নয়ন সাধন হৈছে। তেওঁ কয় যে এই সময়ছোৱাত দেশত গাখীৰ, ফল-মূল আৰু শাক-পাচলিৰ অভিলেখ সংখ্যক উৎপাদন হৈছে।

বিগত চৰকাৰৰ পাঁচ বছৰৰ ১,২১,০০০ কোটিৰ তুলনাত চলিত চৰকাৰে (২০১৪-১৯) কৃষিখণ্ডত প্ৰায় দুগুন অৰ্থাৎ ২,১২,০০০কোটি টকা বাজেটত ধাৰ্য কৰিছে। একেদৰে, খাদ্য শস্যৰ উৎপাদন ২০১০-২০১৪ত ২৫৫ মিলিয়ন টনৰ তুলনাত ২০১৭-২০১৮ বৰ্ষত ২৭৯ মিলিয়ন টনতকৈ অধিক হৈছে। এই সময়ছোৱাত নীল বিপ্লৱৰ বাবে মৎস পালন পৰিমাণ ২৬% আৰু পশুপালন আৰু দুগ্ধ উৎপাদনৰ পৰিমাণ ২৪% বৃদ্ধি পাইছে।

কৃষকসকলৰ সৈতে কৰা বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ সামগ্ৰিক কল্যান সাধন কৰিব পৰাকৈ চৰকাৰে ভূমি স্বাস্থ্য কাৰ্ড; কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ প্ৰদান; নিমৰ প্ৰলেপযুক্ত ইউৰিয়াৰে উন্নত মানৰ সাৰ যোগান, ফচল বীমা যোজনাৰ জৰিয়তে শস্য বীমা আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায় যোজনাৰ অধীনত সমগ্ৰ দেশত বৰ্তমানলৈকে প্ৰায় ১০০টা জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু ২৯ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে।

কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী উপযুক্ত মুল্যত বিক্ৰী কৰিব পৰাকৈ চৰকাৰে ‘ই-নাম’ শীৰ্ষক অনলাইন বজাৰৰ আৰম্ভ কৰিছে। বিগত চাৰি বছৰত ৫৮৫খনতকৈও অধিক পাইকাৰী বজাৰ ই-নামৰ অধীনলৈ অনা হয়। ২০১৩-২০১৪ চনত মাত্ৰ ৭ লাখ হেক্টৰৰ তুলনাত চৰকাৰে বৰ্তমান প্ৰায় ২২ লাখ হেক্টৰ ভূমি জৈৱিক কৃষি কাৰ্যৰ অধীনলৈ আনিছে। চৰকাৰে উত্তৰ-পূবক জৈৱিক কৃষিৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো পৰিকল্পনা হাতত লৈছে।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কৃষকসকলে কৃষক উৎপাদন গোট(এফপিঅ’) গঠনৰ জৰিয়তে সামূহিক শক্তি প্ৰদৰ্শন কৰাক লৈ সুখ অনুভৱ কৰে আৰু এফপিঅ’ই কৃষি ক্ষেত্ৰৰ ব্যয় কম কৰাৰ লগতে বজাৰো ফলপ্ৰসূভাৱে কৰিবলৈ সক্ষম হ’ব। বিগত চাৰি বছৰত ৫১৭টা কৃষক উৎপাদন গোট গঠন কৰা হৈছে আৰি কৃষকসকলৰ মাজৰ সহযোগিতাক উৎসাহ যোগাবলৈ কৃষক উৎপাদন কোম্পানীৰ আয়কৰ ৰেহাই দিয়া হৈছে।

প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ সময়ত কৃষি খণ্ডৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে চৰকাৰী আঁচনিসমূহে কেনেকৈ তেওঁলোকৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে, সেই সন্দৰ্ভত বহলাই কয়। হিতাধিকাৰীসকলে ভূমি স্বাস্থ্য কাৰ্ডৰ গুৰুত্বৰ সন্দৰ্ভতো আলোকপাত কৰাৰ লগতে তেওঁলোকৰ অভিজ্ঞতাৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ayushman Bharat scheme implemented across the country, covering 6 crore senior citizens above 70 years of age

Media Coverage

Ayushman Bharat scheme implemented across the country, covering 6 crore senior citizens above 70 years of age
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Global Tiger Day, reaffirms commitment to tiger conservation
July 29, 2026

The Prime Minister, Shri Narendra Modi, has extended greetings to all wildlife enthusiasts on Global Tiger Day.

The Prime Minister said that the people of India are proud that the country is home to almost 70 per cent of the global tiger population.

He noted that India’s tiger conservation efforts are inspired by the country’s centuries-old culture of living in harmony with nature and powered by the collective will of its people.

Shri Modi reaffirmed the commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.

Shri Modi also lauded the efforts and dedication of forest personnel, scientists and conservationists for their key role in tiger protection. The Prime Minister added that India remains committed to empowering local communities and reducing human-wildlife conflict.

In a thread posts on X, Shri Modi said;

“Greetings to all wildlife enthusiasts on Global Tiger Day. The people of India are proud of the fact that we are home to almost 70% of the global tiger population. India’s tiger conservation efforts are inspired by our centuries-old culture of living in harmony with nature and powered by the collective will of our people. We also reaffirm our commitment to science-based conservation, community participation and sustainable development that strengthens tiger conservation.”

“The efforts and dedication of our forest personnel, scientists and conservationists have also played a key role in tiger protection. In that spirit, India remains committed to empowering local communities and reducing human-wildlife conflict.”