প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ আমন্ত্রণক্ৰমে ২৬ আৰু ২৭ মার্চত মই বাংলাদেশ ভ্ৰমণ কৰিম।

ক’ভিড-১৯ মহামাৰীৰ পাছত এয়াই মোৰ প্রথম বিদেশ ভ্ৰমণ। মই অতি আনন্দিত যে ভাৰতৰ সৈতে আমাৰ এই প্রতিৱেশী বন্ধু ৰাষ্ট্রৰ নাগৰিকসকলৰ মাজত সাংস্কৃতিক আৰু ভাষাগত দিশত ঘনিষ্ঠ সম্পৰ্ক আছে৷ মই কাইলৈ বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত অংশগ্রহণ কৰিম। একেদৰে বাংলাদেশৰ জাতিৰ জনক, বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী উদযাপন অনুষ্ঠানো আৰম্ভ হ’ব৷ বিগত শতিকাৰ মহান নেতা বংগবন্ধুৰ জীৱন আৰু আদর্শই লাখ লাখ লোকক অনুপ্রাণিত কৰে৷ বংগবন্ধুৰ প্রতি শ্রদ্ধা জনাবলৈ মই টুংগিপাড়াত তেওঁৰ সমাধি ক্ষেত্রলৈ যাম৷

পুৰাণত তথ্যমতে ৫১টা শক্তিপীঠৰ অন্যতম প্রাচীন মন্দিৰ౼ যশোৰেশ্বৰী মা কালীৰ মন্দিৰত মই পুজা অৰ্চনা কৰিম৷

মই ওৰাকান্দিত মতুয়া সম্প্রদায়ৰ প্রতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছো৷ শ্রী শ্রী হৰিচন্দ্র ঠাকুৰজীয়ে তেওঁৰ পবিত্র বাণী ইয়াৰ পৰাই প্রচাৰ কৰিছিল৷

যোৱা ডিচেম্বৰ মাহত ফলপ্রসু ভার্চুৱেল বৈঠকৰ পাছত মই প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ সৈতে গুৰুত্বপূর্ণ বিভিন্ন বিষয়ক লৈ আলোচনা কৰিম৷ মাননীয় ৰাষ্ট্রপতি আব্দুল হামিদৰ সৈতে সাক্ষাতৰ বাবেও মই অধীৰ আগ্রহেৰে অপেক্ষা কৰিছো৷ তদুপৰি বাংলাদেশৰ একাংশ বিশিষ্ট ব্যক্তিৰ সৈতেও মই মিলিত হ’ম৷

প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ দূৰদর্শী নেতৃত্বত বাংলাদেশৰ উল্লেখযোগ্য আর্থিক উন্নয়নৰ বাবে তেওঁক অভিনন্দন জনোৱাই কেৱল মোৰ এই ভ্ৰমণৰ উদ্দেশ্য নহয়, এই সাফল্যৰ বাবে ভাৰতে সকলো সময়তে আগবঢ়োৱা সমর্থনৰ বিষয়েও মই দায়বদ্ধ। ক’ভিড-১৯ৰ বিৰুদ্ধে বাংলাদেশৰ যুঁজত ভাৰতৰ সমর্থন আৰু পাৰস্পৰিক নির্ভৰতাৰ কথাও মোৰ এই ভ্ৰমণৰ জৰিয়তে প্রতিফলিত হ’ব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future