মান্যবৰণেষু,

ভাৰতে জলবায়ু অভিযোজন সন্মিলনক আদৰণি জনাইছে আৰু ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মাৰ্ক ৰাট্টেৰ নেতৃত্বক প্ৰশংসা কৰিছে।

জলবায়ু অভিযোজন পূৰ্বতকৈ আজি অধিক প্ৰাসংগিক হৈ পৰিছে।

আৰু, ই হৈছে ভাৰতৰ উন্নয়নমূলক প্ৰচেষ্টাত এটা মূল উপাদান।

আমি অংগীকাৰবদ্ধ হৈছো যেঃ

  • আমি কেৱল পেৰিছ চুক্তিৰ লক্ষ্য পূৰণৰ ওপৰিও ইয়াৰো অধিক আগবাঢ়ি যাম;
  • আমি কেৱল পাৰিপাৰ্শ্বিক অৱক্ষয় ৰোধেই নহয় ইয়াৰ প্ৰতিলোম কৰিম; আৰু,
  • আমি কেৱল নতুন সামৰ্থ্য সৃষ্টিয়েই নহয় বিশ্বৰ ভালৰ বাবে ইয়াক এটা কাৰক কৰিম।

আমাৰ কাৰ্য্যই আমাৰ অংগীকাৰক প্ৰতিফলিত কৰিছে।

আমি ২০৩০ ৰ ভিতৰত ৪৫০ গিগাৱাটৰ নৱীকৰণযোগ্য শক্তি সামৰ্থ্যৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।

আমি এলইডি লাইটক প্ৰোৎসাহিত কৰিছো আৰু বছৰি ৩৮ নিযুত টন কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰিছো।

আমি ২০৩০ ৰ ভিতৰত ২৬ নিযুত হেক্টৰ অৱক্ষয়ী ভূমি পুনৰুদ্ধাৰৰ দিশে অগ্ৰসৰ হৈছো।

আমি গ্ৰামাঞ্চলৰ ৮০ নিযুত গৃহস্থীলৈ স্বচ্ছ ৰন্ধন ইন্ধন আগবঢ়াইছো।

আমি ৬৪ নিযুত গৃহস্থীলৈ পাইপেৰে পানীৰ যোগান আগবঢ়াইছো।

আৰু, কেৱল ভাৰততে আমাৰ প্ৰচেষ্টাৰাজি সীমাবদ্ধ হৈ থকা নাই।

ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স আৰু কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাচট্ৰাকচাৰে বৈশ্বিক জলবায়ু অংশীদাৰিত্বৰ সামৰ্থ্য প্ৰদৰ্শিত কৰিছে।

মই বৈশ্বিকভাৱে আন্তঃগাঁথনি স্থিতিস্থাপকতা বৃদ্ধিৰ অৰ্থে গ্ল’ৱেল কমিশ্যন অন এডাপশ্যনক চিডিআৰআই ৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছো।

আৰু, এই বৰ্ষৰ শেষলৈ ভাৰতত অনুষ্ঠিতব্য তৃতীয় ইন্টাৰনেশ্যনেল কনফাৰেন্স অন ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাচট্ৰাকচাৰলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনালো।

মান্যবৰণেষু,

ভাৰতৰ সভ্যতাৰ মূল্যই পৰিবেশৰ সৈতে সমন্বয়ৰে বসবাস কৰাৰ প্ৰয়োজনীয়তাৰে শিক্ষা প্ৰদান কৰিছে।

আমাৰ পুৰাতন বেদ যজুৰ্বেদে আমাক এই শিক্ষা দান কৰিছে যে পৃথিৱী নামৰ গ্ৰহটোৰে আমাৰ সম্পৰ্ক মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কৰ সৈতে একে।

যদি আমি পৃথিৱী জননীৰ যতন লওঁ, জননীয়েও আমাক প্ৰতিপালন কৰি থাকিব।

জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰিবলৈ, ইয়াৰ সৈতে আমাৰ জীৱন ধাৰণৰ প্ৰণালীও অৱশ্যেই খাপ খুৱাব লাগিব।

এই অনুভূতিয়ে আমাৰ সমুখৰ পথৰ দিক-নিৰ্দেশনা প্ৰদান কৰা উচিত।

মই আপোনালোকক ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Microsoft opens its largest India data centre hub as AI race heats up

Media Coverage

Microsoft opens its largest India data centre hub as AI race heats up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥