It has been 12 years since he passed away but the thoughts of Chandra Shekhar Ji continue to guide us: PM Modi
These days, even if a small leader does a 10-12 km Padyatra, it is covered on TV. But, why did we not honour the historic Padyatra of Chandra Shekhar Ji: PM
There will be a museum for all former Prime Ministers who have served our nation. I invite their families to share aspects of the lives of former PMs be it Charan Singh Ji, Deve Gowda Ji, IK Gujral Ji and Dr. Manmohan Singh Ji: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘‘চন্দ্ৰ শেখৰ– আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে৷ এই গ্ৰন্থখন ৰচনা কৰিছে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ আৰু শ্ৰী ৰবি দত্ত বাজপায়ে৷ সংসদ ভৱনৰ বালাযোগী প্ৰেক্ষাগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷

গ্ৰন্থখনৰ প্ৰথম কপিটো প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উপ–ৰাষ্ট্ৰপতি শ্ৰী ভেংকয়া নাইডুক প্ৰদান কৰে৷

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ৰাজনৈতিক দৃশ্যাৱলীৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ মৃত্যুৰ ১২ বছৰৰ পিচতো তেওঁৰ আদৰ্শই আমাক নিৰৱচ্ছিন্নভাৱে নিৰ্দেশনা প্ৰদান কৰি আহিছে৷

গ্ৰন্থখনৰ ৰচনাৰ বাবে শ্ৰী হৰিবংশক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ সান্নিধ্যত কটোৱা কিছুমান পুৰণি স্মৃতি সোঁৱৰণ কৰে৷

তেওঁ ১৯৭৭ চনত শ্ৰী চন্দ্ৰ শেখৰক প্ৰথমবাৰলৈ লগ পোৱাৰ কথা সোঁৱৰণ কৰে৷ তেওঁ কয় যে সেই সময়ত তেওঁ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি ভৈৰৱ সিং শেখাৱটৰ সৈতে যাত্ৰা কৰি আছিল আৰু দিল্লী বিমানবন্দৰত তেওঁ শ্ৰী চন্দ্ৰ শেখৰক লগ পায়৷ তেওঁ কয় যে এই দুয়োগৰাকী নেতাই বিভিন্ন ৰাজনৈতিক মতাদৰ্শ স্বত্বেও যেন একেডাল বান্ধোনেৰে বন্ধা আছিল৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰে শ্ৰী অটল বিহাৰী বাজপেয়ীক ‘‘গুৰুজী’’ বুলি সম্বোধন কৰাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ চন্দ্ৰ শেখৰক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি উল্লেখ কৰি কয় যে তেওঁ নিজৰ সময়ত কেতিয়াও দমনকাৰী ৰাজনৈতিক দলৰ বিৰোধিতা কৰাত পিছ নোঁহোহকিছিল৷

প্ৰধানমন্ত্ৰীয়ে মোহন ধৰিয়া আৰু জৰ্জ ফাৰ্ণাণ্ডেজে চন্দ্ৰ শেখৰৰ বিষয়ে সঘনাই উল্লেখ কৰিছিল বুলি মন্তব্য কৰে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ সৈতে হোৱা অন্তিমখন বৈঠকৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে চন্দ্ৰ শেখৰে তেওঁক ফোন কৰি দিল্লীত থকা অৱস্থাত যেতিয়াই সময় পাই তেতিয়াই আহিবলৈ নিমন্ত্ৰণ জনাইছিল৷ সেই বাৰ্তালাপৰ সময়চোৱাত শ্ৰী চন্দ্ৰ শেখৰে গুজৰাটৰ বিকাশ আৰু ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত তেওঁৰ মতামত জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ স্পষ্ট চিন্তা, জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি তথা গণতন্ত্ৰৰ আদৰ্শৰ প্ৰতি থকা উৎসাহী মনোভাৱৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে দুখীয়া কৃষক আৰু বঞ্চিতসকলৰ বাবে শ্ৰী চন্দ্ৰ শেখৰৰ সৈতে কৰা ঐতিহাসিক পদযাত্ৰাৰ বিষয়েও স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁক সেই সময়ত উচিত সন্মান প্ৰদান কৰাত ব্যৰ্থ হ’লো৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কিছুমান লোক আছে যি ভাৰতৰ মহান নেতাসকল যেনে ডঃ আম্বেদকাৰ আৰু চৰ্দাৰ পেটেলৰ দৰে ব্যক্তিৰ প্ৰতি অশোভন মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে দিল্লীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হ’ব৷ এই সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্যক তেওঁলোকৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে দেশক পুৰণি ৰাজনৈতিক পৰম্পৰাৰ ঊৰ্ধত নতুন ৰাজনৈতিক পৰম্পৰাৰ প্ৰয়োজন৷

উল্লেখ্য, গ্ৰন্থ উন্মোচনী সভাত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা; ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ; আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ লেতা শ্ৰী গুলাম নবী আজাদো উপস্থিত আছিল৷  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague

Media Coverage

Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 মে’ 2026
May 17, 2026

Stronger Bonds, Stronger Bharat: PM Modi’s Netherlands Trip Delivers Partnerships, Pride & a Future-Ready India