Guru Gobind Singh Ji was a great warrior, philosopher poet and guru: PM Modi
Guru Gobind Singh Ji fought against oppression and injustice. His teachings to people focused on breaking the barriers of religion and caste: PM
Guru Gobind Singh Ji’s values and teachings will continue to be the source of inspiration and the guiding spirit for the mankind in years to come: PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৰু গোৱিন্দ সিংজীৰ জন্মবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰৰ ৰাজধানীত ৩৫০ টকাৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে৷ তেওঁ গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ- আত্মত্যাগ মনোভাৱেৰে দেশ সেৱা, উৎসৰ্গিত মনোভাৱ, নায়কত্ব আৰু ত্যাগক প্ৰশংসা কৰি দেশবাসীক গুৰুজীৰ পথেৰে অগ্ৰসৰ হ’বলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে স্মাৰক মুদ্ৰাটো মুকলি কৰাৰ পিছত ৭ লোক কল্যাণ মাৰ্গৰ তেওঁৰ বাসভৱনৰ পৰা উপস্থিত জনতাক সম্বোধন কৰে৷ শ্ৰী মোদীয়ে কয় যে গুৰু গোৱিন্দ সিংজী আছিল এজন অতুলনীয় যোদ্ধা, দাৰ্শনিক কবি আৰু গুৰু৷ তেওঁ উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল৷ তেওঁৰ শিকনিয়ে জনতাক জাতি আৰু ধৰ্মৰ বাধা নেওচি আগবাঢ়িবলৈ উৎসাহ প্ৰদান কৰে৷ তেওঁৰ প্ৰেম, শান্তি আৰু ত্যাগৰ বাৰ্তা আজিৰ দিনটো প্ৰাসংগিক হৈ আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু গোৱিন্দ সিংজীৰ মূল্যবোধ আৰু শিকনিয়ে অনাগত বৰ্ষসমূহতো মানুহক নিৰৱচ্ছিন্নভাৱে প্ৰণোদিত কৰি থাকিব৷ তেওঁ কয় যে স্মাৰক মুদ্ৰাটো গুৰুজীৰ সন্মান প্ৰদৰ্শনৰ এক ক্ষুদ্ৰ প্ৰয়াস স্বৰূপ৷ প্ৰধানমন্ত্ৰীয়ে জনতাক গুৰুজীয়ে দেখুৱাই যোৱা ১১- পন্থী পথত আগবাঢ়িবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰক লোহৰি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

ইয়াৰ পূৰ্বেও ৩০ ডিচেম্বৰ ২০১৮ তাৰিখে ৰেডিঅ’ত সম্প্ৰচাৰ হোৱা ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক গুৰু গোৱিন্দ সিংজীৰ উৎসৰ্গিত মনোভাৱ আৰু ত্যাগৰ ভাৱনাক অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল৷ ৫ জানুৱাৰী ২০১৭ তাৰিখে পাটনাত অনুষ্ঠিত হোৱা গুৰু গোৱিন্দ সিঙৰ ৩৫০তম জন্মজয়ন্তীত প্ৰধানমন্ত্ৰীয়ে উপস্থিত থাকি এক স্মাৰক ডাকটিকট মুকলি কৰিছিল৷

তাৰোপৰি ১৫ আগষ্ট ২০১৬ তাৰিখে লালকিল্লাৰ পৰাও প্ৰধানমন্ত্ৰী স্বাধীনতা দিৱসৰ ভাষণত গুৰু গোৱিন্দ সিংজীৰ আদৰ্শ আৰু মূল্যবোধক স্মৰণ কৰিছিল আৰু ১৮ অক্টোবৰ ২০১৬ তাৰিখে লুধিয়ানত ৰাষ্ট্ৰীয় এমএছএমই বঁটা প্ৰদান কৰিছিল৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister wishes for the speedy recovery of Shri Ajay Rai
May 02, 2026

Prime Minister Shri Narendra Modi has wished for the speedy recovery of Shri Ajay Rai.

The Prime Minister stated that he received the news of Shri Ajay Rai being unwell and wished for him to get well at the earliest.

The Prime Minister posted on X:

"उत्तर प्रदेश कांग्रेस अध्यक्ष अजय राय जी के अस्वस्थ होने का समाचार प्राप्त हुआ है। मैं उनके जल्द से जल्द स्वस्थ होने की कामना करता हूं।"