মহামান্য ৰাষ্ট্ৰপতি,

মুন-জে-ইন

সন্মানীয় প্ৰতিধিনিসকল,

বন্ধুসকল,

আনয়োং

হা-সেয়ো!

নমস্কাৰ!

কোৰিয়ালৈ অহাৰ বাবে নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ বাবে আৰু এই উষ্ম সম্ভাষণৰ বাবে মই ৰাষ্ট্ৰপতি মুনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো৷ মই পূৰ্বতেও বহু বাৰ কৈছিলো, যেতিয়া মই প্ৰধানমন্ত্ৰীৰ পদত নাছিলো তেতিয়াৰে পৰাই মই ভাৰতৰ বিকাশৰ বাবে কোৰিয়াৰ মডেল সবাতোকৈ অনুকৰণীয় বুলি মানি আহিছো৷ আৰু সেইবাবে কোৰিয়ালৈ কৰা যাত্ৰা মোৰ বাবে সদায়েই প্ৰসন্নদায়ক হয়৷

বন্ধুসকল,

যোৱা বছৰত জুলাইত ৰাষ্ট্ৰপতি মুনক ভাৰতত স্বাগতম জনোৱাৰ সৌভাগ্য লাভ কৰিছিলো৷ ইষ্ট এছিয়া ছামিট আৰু জি২০ৰ সন্মিলনৰ সময়তো আমাৰ সাক্ষাৎ হৈছিল৷ মই অনুভৱ কৰিছো যে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু কোৰিয়াৰ নিউ ছাউডাৰ্ণ নীতিৰ মিলাপে আমাৰ বিশেষ কূটনৈতিক সহযোগিতাক অধিক দৃঢ় কৰিব৷

ইণ্ডো-পেচিফিক বিষয়ত ভাৰতৰ বীক্ষণৰ সমাবেশন, আছিয়ানৰ কেন্দ্ৰীয়তা আৰু সহযোগিতা সমৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এয়া এক এনে ক্ষেত্ৰ য’ত ভাৰত আৰু কোৰিয়াই সহযোগিতা মূল্যবোধ আৰু হিতৰ ভিত্তিত সমগ্ৰ ক্ষেত্ৰ তথা বিশ্বৰ লাভৰ বাবে একত্ৰিত হৈ কাম কৰিব পাৰে৷

আৰু মই সুখী যে যোৱা বছৰত ৰাষ্ট্ৰপতি মহোদয়ৰ ভাৰত যাত্ৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে আমি সম্পৰ্কৰ উল্লেখযোগ্য ধৰণে বিকশিত কৰিছো৷ এই প্ৰগতি আৰু ভৱিষ্যতে আমাৰ সম্পৰ্কৰ ৰোডমেপ, জনতা, শান্তি আৰু উন্নতিৰ আমাৰ সহযোগিতা বীক্ষণৰ ওপৰত আধাৰিত হৈছে৷

বন্ধুসকল,

যোৱা সপ্তাহত ভাৰতত পুলৱামাত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুনৰ সংবেদন তথা সমৰ্থনৰ বাৰ্তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ৷ আমি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা তথা সমন্বয়ক অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

আজি ভাৰতৰ গৃহ মন্ত্ৰ্যালয় আৰু কোৰিয়াৰ ৰাষ্ট্ৰীয় আৰক্ষী এজেন্সীৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰই সন্ত্ৰাসবাদীক মোকাবিলা কৰাৰ সহযোগিতাক গতি প্ৰদান কৰিব৷ আৰু এতিয়া বিশ্বজনীন সম্প্ৰদায়ৰ সৈতে আলোচনা কৰি এই সমস্যাৰ বিৰুদ্ধে একত্ৰিত হৈ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে৷

বন্ধুসকল,

ভাৰতৰ আৰ্থিক পৰিৱৰ্তনত কোৰিয়াক আৰু গুৰুত্বপূৰ্ণ সহযোগী হিচাপে বিবেচনা কৰো৷ আমাৰ বাণিজ্য আৰু বিনিয়োগৰ সম্বন্ধ বৃদ্ধি হৈ আছে৷ আজি ৰাষ্ট্ৰপতি মুন আৰু মই ২০৩০ চন পৰ্যন্ত আমাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰি ৫০ বিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰাৰ লক্ষ্যৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷

আন্তঃগাঁথনি, বন্দৰ উন্নয়ন, সাগৰ আৰু খাদ্য সংসাধন, ষ্টাৰ্ট-আপ আৰু লঘূ আৰু মজলীয়া উদ্যোগৰ দৰে ক্ষেত্ৰত আমি আমাৰ সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰিছো৷

আমাৰ বৰ্ধিত সামৰিক সহযোগিতাত ৰক্ষা ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ইয়াৰ এক উদাহৰণ ভাৰতীয় স্থল সেনাত কে-৯ ‘বজ্ৰ’ আৰ্টিলেৰী গানৰ অন্তৰ্ভুক্তিত পৰিলক্ষিত কৰিব পাৰি৷

ৰক্ষা উৎপাদনত এই উল্লেথযোগ্য সহযোগিতাক আগবঢ়োৱাৰ বাবে আমি প্ৰতিৰক্ষা প্ৰযুক্তি আৰু সহ-উৎপাদনক এক ৰোডমেপ হিচাপে গঢ়ি তোলাৰ বাবে সহমতি প্ৰকাশ কৰিছো৷ আৰু ইয়াৰ অন্তৰ্গত ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰত কোৰিয়ান উদ্যোগসমূহৰ সহযোগিতাকো স্বাগতম জনাম৷

বন্ধুসকল,

যোৱা বছৰত নৱেম্বৰত আযোধ্যাত আয়োজিত ‘দীপোৎসৱ’ মহোৎসৱত ফাৰ্ষ্ট লেডী কিমে মুখ্য অতিথিৰ ৰূপত অংশগ্ৰহণ কৰি আমাৰ সন্মান বৃদ্ধি কৰিছিল৷ তেওঁৰ সেই যাত্ৰাৰ দ্বাৰা সহস্ৰ বৰ্ষৰ আমাৰ সাংস্কৃতিক সম্পৰ্কত এক নতুন জ্যোতি উদ্ভাসিত হ’ল আৰু নতুন প্ৰজন্মৰ মাজত উৎসুকতা তথা সজাগতাৰ বাতাৱৰণৰ সৃষ্টি হ’ল৷
আমাৰ ঐতিহাসিক জনসাধাৰণৰ পৰা জনসাধাৰণলৈ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে আমি ভাৰতত কোৰিয়াৰ নাগৰিকৰ বাবে ভিছা অন এৰাইভেলৰ সুবিধা যোৱা বছৰৰ অক্টোবৰৰ মাহৰ পৰা আৰম্ভ কৰিছো৷
কোৰিয়াৰ দ্বাৰা ভাৰতীয় নাগৰিকৰ বাবে গ্ৰুপ ভিছাৰ সৰলীকৰণৰ সিদ্ধান্তক মই স্বাগতম জনাইছো৷ ইয়াৰ দ্বাৰা আমাৰ দ্বিপাক্ষিক পৰ্যটন বিকশিত হ’ব৷ মোৰ এই কোৰিয়ান যাত্ৰা এনে এক গুৰুত্বপূৰ্ণ বৰ্ষত হৈছে য’ত আমি মহাত্মা গান্ধীৰ ১৫০তম জন্ম জয়ন্তী পালন কৰিবলৈ ওলাইছো৷ আৰু কোৰিয়াতো গণতন্ত্ৰ আন্দোলনৰ শতাব্দী সমাৰোহ পালন কৰা হৈছে৷
আমাৰ মহাত্মা গান্ধী স্মৰণোৎসৱ সংগ্ৰহৰ বাবে ৰাষ্ট্ৰপতি মুনৰ দ্বাৰা লিখিত শ্ৰদ্ধাঞ্জলিৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ৷

বন্ধুসকল,

আজি কোৰিয়ান দ্বীপপুঞ্জত যি শান্তি আৰু স্থিৰতাৰ বাতাৱৰণ পৰিলক্ষিত হৈছে তাৰ শ্ৰেয় ৰাষ্ট্ৰপতি মুনৰ অৰ্থৱহ প্ৰয়াসক দিয়া হয়৷ তেওঁৰ দৃঢ় বিশ্বাস আৰু ধৈৰ্যৰ বাবে মই তেওঁক অভিনন্দন জনাইছো৷ আৰু কোৰিয়ান দ্বীপপুঞ্জত স্থায়ী শান্তিৰ বাবে ভাৰতৰ সম্পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দোহাৰিছো৷ আজি দুপৰীয়া সৌল শান্তি পুৰষ্কাৰ প্ৰাপ্ত কৰাটো মোৰ বাবে এক ডাঙৰ সন্মানৰ বিষয় হ’ব৷ মই এই সন্মান মোৰ নিজা অভিজ্ঞতাৰ বাবে নহয়, ভাৰতৰ জনতাৰ বাবে কোৰিয়ান জনতাৰ সদ্ভাৱনা তথা স্নেহৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিম৷ মোক আৰু মোৰ প্ৰতিনিধিমণ্ডলক প্ৰদান কৰা স্নেহপূৰ্ণ স্বাগতম আৰু আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি মুন, কোৰিয়ান চৰকাৰ আৰু কোৰিয়ান জনতাক আন্তৰিক ধন্যবাদ প্ৰদান কৰিছো৷
খস্মা-হম-নিদা

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India