India and Mauritius are diverse and vibrant democracies, committed to working for the prosperity of our people, as well as for peace in our region and the world: PM
The Indian Ocean is a bridge between India and Mauritius: PM Modi

মৰিছাছ গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথ ডাঙৰীয়া, জ্যেষ্ঠ মন্ত্ৰীসকল আৰু মৰিছাছৰ প্ৰতিনিধিসকল, সন্মানীয় অতিথি, বন্ধুসকল, নমস্কাৰ! বনজুৰ! শুভ সন্ধিয়া!

মই মৰিছাছৰ আমাৰ বন্ধুসকলক উষ্ম আদৰণি জনাইছো৷

এই সাক্ষাৎ আমাৰ দুয়োখন দেশৰ এক বিশেষ উপলক্ষৰ বাহক৷ এয়া আমাৰ ইতিহাস, ঐতিহ্য আৰু সহযোগিতাৰ এক নতুন অধ্যায়৷ বেছি দিনৰ কথা নহয়, মৰিছাছে ভাৰতীয় মহাসাগৰীয় দ্বীপপুঞ্জ ক্ৰীড়াৰ আয়োজন কৰিছিল আৰু তাত ঈৰ্ষণীয় সাফল্য লাভ কৰিছিল৷

আমাৰ দুয়োখন দেশেই ‘দুৰ্গা পূজা’ পালন কৰে আৰু দীপাৱলীও অলপতে পালন কৰিব৷ উৎসৱৰ এই বতৰত মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ মুকলিয়ে আৰু অধিক আনন্দ প্ৰদান কৰিছে৷

এই মেট্ৰ’ই পৰিষ্কাৰ, কাৰ্যকৰী আৰু সময়-ৰাহি পৰিবহণ ব্যৱস্থা প্ৰদান কৰিব৷ ই অৰ্থনৈতিক কাৰ্যকলাপ আৰু পৰ্যটনৰ ক্ষেত্ৰতো অৱদান আগবঢ়াব৷

আজি মুকলি কৰা আন এটা প্ৰকল্প হ’ল- ষ্টেট-অব্-দা-আৰ্ট ই এন টি চিকিৎসালয়, ইয়াৰ জৰিয়তে গুণগতমানৰ স্বাস্থ্যসেৱা লাভ হ’ব৷ এই চিকিৎসালয়খনত এক শক্তি ৰাহি কৰিব পৰা ভৱন আছে আৰু ই কাগজবিহীন সেৱাও প্ৰদান কৰিব৷

দুয়োটা প্ৰকল্পই মৰিছাছৰ জনতাক সেৱা আগবঢ়াবলৈ সক্ষম হ’ব৷ মৰিছাছৰ বিকাশ ভাৰতে প্ৰদান কৰা শক্তিশালী প্ৰতিশ্ৰুতিৰ এয়া এক প্ৰতীক হিচাপে বিবেচিত হৈছে৷

এই প্ৰকল্প দুটা সম্পূৰ্ণ কৰিবলৈ সহস্ৰাধিক কৰ্মীয়ে দিনে-নিশাই, ৰ’দে-বৰষুণে কাম কঠোৰ পৰিশ্ৰম কৰিছিল৷ কিন্তু প্ৰাচীন শতিকাসমূহৰ দৰে আমি আমাৰ জনতাৰ ভৱিষ্যতৰ বাবে বৰ্তমান এই কাম হাতত লৈছো৷
মৰিছাছৰ আধুনিক আন্তঃগাঁথনি আৰু সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ দূৰদৃষ্টিক মই শলাগিছো৷ প্ৰকল্প কেইটাৰ সময়মতে সম্পূৰ্ণ কৰাত মৰিছাছৰ চৰকাৰে আগবঢ়োৱা সক্ৰিয় সহযোগিতাকো মই ধন্যবাদ জনাইছো৷

বন্ধুসকল,

ভাৰতে মৰিছাছৰ এই প্ৰকল্পকেইটা তথা অন্যান্য প্ৰত্যক্ষ জনমুখী প্ৰকল্পত সহযোগী হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছে৷ যোৱা বছৰত এটা যুটীয়া প্ৰকল্পৰ জৰিয়তে কিশোৰ-কিশোৰীসকলক ই-টেবলেট প্ৰদান কৰা হৈছিল৷ অতি শীঘ্ৰেই উচ্চতম ন্যায়ালয়ৰ ভৱন আৰু এহেজাৰ ৰাজহুৱা ঘৰৰ নিৰ্মাণ কাৰ্যও সম্পন্ন হ’ব৷

মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী অনুভৱ কৰিছো যে ভাৰতে প্ৰধানমন্ত্ৰী জুগনাথৰ পৰামৰ্শ অনুসৰি মেডি-ক্লিনিক, ক্ষেত্ৰীয় স্বাস্থ্য কেন্দ্ৰ আদিৰ লগতে নিৰ্মাণ কাৰ্যতো সহযোগিতা প্ৰদান কৰিব৷

বন্ধুসকল,

ভাৰত আৰু মৰিছাছ দুয়োখন দেশেই বৈচিত্ৰময় গণতান্ত্ৰিক দেশ, জনতাৰ উন্নতিৰ বাবে তথা অঞ্চলটোৰ, বিশ্বৰ শান্তিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

আমাৰ পাৰস্পৰি সম্পৰ্কত বিভিন্ন প্ৰকাৰে এই সন্মান প্ৰদৰ্শিত হয়৷

এই বছৰ প্ৰধানমন্ত্ৰী জুগনাথে বৃহত্তম প্ৰবাসী ভাৰতীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে মোৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত আছিল৷

আমাৰ ৰাষ্ট্ৰপতিক মৰিছাছৰ ৫০তম স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল৷ মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তীত মৰিছাছে তেওঁৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু তেওঁৰ সৈতে থকা বিশেষ সম্পৰ্কৰ কথা সোঁৱৰণ কৰিছে৷

বন্ধুসকল,

ভাৰত আৰু মৰিছাছৰ মাজক ভাৰতীয় মহাসাগৰে সাঁকোৰ ভূমিকা পালন কৰিছে৷ সাগৰীয় অৰ্থনীতিয়ে আমাৰ জনতাক মহান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

‘‘সাগৰ- সকলো অঞ্চলৰ বাবে নিৰাপত্তা আৰু উন্নতি’’ শীৰ্ষক বীক্ষণে সাগৰীয় অৰ্থনীতি, নিৰাপত্তা আৰু দুৰ্যোগ প্ৰশমন বিষয়ত সহযোগিতাৰে আমাক কাম কৰিবলৈ উৎসাহিত কৰিছে৷

মই মৰিছাছ চৰকাৰক দুৰ্যোগ প্ৰশমন আন্তঃগাঁথনি সহযোগিতাৰ প্ৰতিষ্ঠাতা সদস্য হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো৷

মহোদয়,

কেইমাহমানৰ ভিতৰতে অপ্ৰবাসী ঘাটৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অপ্ৰবাসী দিৱস উদযাপন কৰা হ’ব৷ ইয়াত আমাৰ সাহসী পূৰ্ব পুৰুষসকলৰ সফল সংগ্ৰামৰ চানেকি দাঙি ধৰা হ’ব৷

সেই সংগ্ৰামে শতিকাটোত মৰিছাছৰ বৃহৎ সাফল্যৰ জন্ম দিছিল৷

আমি মৰিছাছৰ জনতাৰ অতুলনীয় সত্বাক অভিবাদন জনাইছো৷

Vive l’amitié antre l’Inde à Maurice.

ভাৰত আৰু মৰিছাছৰ মৈত্ৰী অমৰ হওক৷

ভাৰত-মৰিছাছৰ বন্ধুত্ব দীৰ্ঘজীৱি হওক৷

ধন্যবাদ, অশেষ ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026

Media Coverage

‘First in my bloodline’ to ‘life’s not a leaderboard’: PM Modi’s key moments from IIT Delhi convocation 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.