India and Mauritius are united by history, ancestry, culture, language and the shared waters of the Indian Ocean: PM Modi
Under our Vaccine Maitri programme, Mauritius was one of the first countries we were able to send COVID vaccines to: PM Modi
Mauritius is integral to our approach to the Indian Ocean: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ মিত্ৰ দেশসমূহৰ সাৰ্বভৌমত্বৰ প্ৰতি সন্মান আৰু তেওঁলোকক প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰৰ ভিত্তিত বিভিন্ন উন্নয়নমূলক ক্ষেত্ৰত ভাৰতৰ সহায়ৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, এই দেশসমূহৰ সাধাৰণ মানুহৰ কল্যাণ আৰু দক্ষতা বৃদ্ধিৰ বাবে ভাৰতে সকলোধৰণৰ সাহায্য আগবঢ়াই আহিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অসামৰিক সেৱা মহাবিদ্যালয় প্ৰকল্পৰ গুৰুত্বৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে মিছন কৰ্মযোগী সংক্ৰান্তীয় জ্ঞান আদান-প্ৰদানৰ প্ৰস্তাৱ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনৰ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (আইএছএ) প্ৰথম সভাত আগবঢ়োৱা এক সূৰ্য, এক বিশ্ব, এক গ্ৰীড (অ'এছঅ'ডব্লিউঅ'জি) পদক্ষেপৰ কথা স্মৰণ কৰি কয় যে ৮ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ পিভি ফাৰ্ম প্ৰকল্পই ১৩,০০০ টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ জৰিয়তে মৰিচাছে সন্মুখীন হোৱা জলবায়ু প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাত সহায় কৰিব।

 

মৰিচাছলৈ বিত্তীয় সাহায্যকে ধৰি ব্যাপক সাহায্যৰ বাবে প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰত আৰু মৰিচাছৰ মাজৰ সম্পৰ্কই নতুন শিখৰ স্পৰ্শ কৰিছে।

ভাৰত চৰকাৰে ২০১৬ চনৰ মে’ মাহত মৰিচাছ চৰকাৰক মৰিচাছত পাঁচটা প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ (এছইপি) হিচাপে ৩৫৩ মিলিয়ন আমেৰিকান ডলাৰ অনুদান আগবঢ়াইছিল। এই পাঁচটা প্ৰকল্প আছিল-মেট্ৰ’ এক্সপ্ৰেছ প্ৰকল্প, উচ্চতম ন্যায়ালয় ভৱন, নতুন ইএনটি চিকিৎসালয়, প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক ডিজিটেল টেবলেট যোগান, আৰু সামাজিক গৃহ প্ৰকল্প। আজি সামাজিক গৃহ নিৰ্মাণ প্ৰকল্পৰ উদ্বোধনৰ লগে লগে এছ.ই.পি.ৰ অধীনত আটাইকেইটা প্ৰকল্প ৰূপায়ণ বাস্তৱায়িত হ’ল।

ৰেডুইটত অৱস্থিত অসামৰিক সেৱা মহাবিদ্যালয় প্ৰকল্পটো নিৰ্মাণৰ বাবে মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৭ চনত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনত ৪.৭৪ নিযুত আমেৰিকান ডলাৰৰ আৰ্থিক অনুদান যোগান ধৰা হৈছে। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এই প্ৰকল্পই মৰিচাছৰ অসামৰিক কৰ্মচাৰীসকলক বিভিন্ন প্ৰশিক্ষণ আৰু দক্ষতা বিকাশ কাৰ্যসূচী হাতত লোৱাৰ বাবে এক সম্পূৰ্ণ সজ্জিত আৰু কাৰ্যকৰী সুবিধা প্ৰদান কৰিব। ইয়ে ভাৰতৰ সৈতে প্ৰতিষ্ঠানগত সম্পৰ্ক অধিক শক্তিশালী কৰিব।

৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্ম প্ৰকল্পত বছৰি প্ৰায় ১৪ জিডব্লিউএইচ সেউজ শক্তি উৎপাদন কৰিবলৈ ২৫,০০০ পিভি কোষ স্থাপন কৰা হয়। ইয়াৰ ফলত প্ৰতি বছৰে ১৩,০০০ টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰি দেশখনৰ প্ৰায় ১০,০০০ পৰিয়ালক বিদ্যুৎ সংযোগ প্ৰদান কৰা হ’ব আৰু ইয়ে মৰিচাছক জলবায়ু পৰিৱৰ্তনজনিত সমস্যাসমূহৰ সৈতে দক্ষতৰে মোকাবিলা কৰাত সহায় কৰিব।

আজিৰ অনুষ্ঠানত দুটা গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তিৰ সম্পন্ন হয়।এই দুটা হৈছে- মেট্ৰ’ এক্সপ্ৰেছ আৰু অন্যান্য আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰা মৰিচাছ চৰকাৰলৈ ১৯০ নিযুত আমেৰিকান ডলাৰৰ ঋণ সম্প্ৰসাৰণৰ চুক্তি আৰু ক্ষুদ্ৰ উন্নয়ন প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত বুজাবুজি চুক্তি।

কোভিড-১৯ৰ জনিত প্ৰত্যাহ্বান সত্বেও ভাৰত-মৰিচাছ উন্নয়নমূলক অংশীদাৰীত্ব প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী যুগনাথে যুটীয়াভাৱে মেট্ৰ’ এক্সপ্ৰেছ প্ৰকল্প আৰু মৰিচাছৰ নিউ ইএনটি চিকিৎসালয় ভাৰ্চুৱেল পদ্ধতিত উদ্বোধন কৰিছিল। একেদৰে, ২০২০ চনৰ জুলাই মাহত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত মৰিচাছৰ নতুন উচ্চতম ন্যায়ালয় ভৱনটোও উদ্বোধন কৰিছিল।

ভাৰত আৰু মৰিচাছৰ মাজত অভিন্ন ঐতিহাসিক, সাংস্কৃতিক আৰু ভাষাগত সম্পৰ্ক আছে। আৰু এইসকলো আমাৰ দুয়োখন দেশৰ বিশেষ উন্নয়নমূলক অংশীদাৰিত্বত প্ৰতিফলিত হৈছে। একেদৰে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ উন্নয়নমূলক অংশীদাৰ দেশ হৈছে মৰিচাছ।আজিৰ এই অনুষ্ঠানটো ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ৰ মানসিকতাৰ সৈতে সম্পৰ্কযুক্ত, যি এই দুই দেশৰ মাজত সফল আৰু কালোত্তীৰ্ণ অংশীদাৰীত্বৰ আন এক মাইলৰ খুঁটি।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Textiles sector driving growth, jobs

Media Coverage

Textiles sector driving growth, jobs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of grasping the essence of knowledge
January 20, 2026

The Prime Minister, Shri Narendra Modi today shared a profound Sanskrit Subhashitam that underscores the timeless wisdom of focusing on the essence amid vast knowledge and limited time.

The sanskrit verse-
अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।
यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥

conveys that while there are innumerable scriptures and diverse branches of knowledge for attaining wisdom, human life is constrained by limited time and numerous obstacles. Therefore, one should emulate the swan, which is believed to separate milk from water, by discerning and grasping only the essence- the ultimate truth.

Shri Modi posted on X;

“अनन्तशास्त्रं बहुलाश्च विद्याः अल्पश्च कालो बहुविघ्नता च।

यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात्॥”