প্ৰধানমন্ত্ৰীয়ে আজি মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ সৈতে কোৱাড নেতৃবৰ্গৰ এখন ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰে৷

বৈঠকত ২০২১ চনৰ কোৱাড সন্মিলনৰ পৰা গ্ৰহণ কৰা কোৱাড প্ৰচেষ্টাৱলীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়৷ নেতৃবৰ্গই চলিত বৰ্ষৰ শেষভাগত জাপানত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত এক সুস্পষ্ট ফলাফল লাভৰ উদ্দেশ্যে সহযোগিতা বৃদ্ধিত সহমত পোষণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কোৱাডে ইয়াৰ মুল উদ্দেশ্য অৰ্থাৎ ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি বৰ্তাই ৰখাত গুৰুত্ব দিব লাগিব বুলি সজোৰে কয়৷ তেওঁ কোৱাডৰ ভিতৰত মানৱতাবাদ আৰু দুৰ্যোগজনিত সাহাৰ্য, ঋণৰ বহনযোগ্যতা, যোগান শৃংখল, স্বচ্ছ শক্তি, যোগাযোগ আৰু সক্ষমতা নিৰ্মাণ ইত্যাদি বিষয়ত এক সু-স্পষ্ট আৰু বাস্তৱসন্মত সহযোগিতাৰ আহ্বান জনায়৷

বৈঠকত ইউক্ৰেইনৰ সংকট আৰু মানৱতাবাদত ইয়াৰ প্ৰভাৱ সন্দৰ্ভতো আলোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত কূটনৈতিক আলোচনাৰ ওপৰত অধিক জোৰ দিয়ে৷

কোৱাড নেতৃবৰ্গই লগতে দক্ষিণ এছিয়াৰ পৰিস্থিতি, ভাৰত মহাসাগৰ এলেকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জকে ধৰি কেতবোৰ প্ৰাসংগিক সমস্যাৰ সন্দৰ্ভতো আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা আৰু সাৰ্বভৌমত্ব আৰু ভোগৌলিক অখণ্ডতাৰ প্ৰতি সন্মান জনোৱাৰ গুৰুত্ব সম্পৰ্কে পুনৰ দোঁহাৰে৷

নেতৃবৰ্গই জাপানত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী সন্মিলনৰ অভিলাষী বিষয়সমূহৰ ক্ষেত্ৰত সঘনাই সম্পৰ্ক ৰক্ষাৰ লগতে একেলগে কাম কৰি যোৱাৰ সহমত পোষণ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre launches Bhavya scheme to set up 100 industrial parks across country

Media Coverage

Centre launches Bhavya scheme to set up 100 industrial parks across country
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 মে’ 2026
May 24, 2026

Strength, Growth & Global Trust: How PM Modi is Transforming India Across Frontiers