ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী ৰালফ্ ইভাৰাৰ্ড গনজালভেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী গনজালভেছে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতলৈ প্ৰথমটো ভ্ৰমণলৈ আহিছে আৰু তেওঁ কালি নতুন দিল্লীত ইউ এন চি চি ডিৰ এক উচ্চস্তৰীয় বৈঠকতো অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰী গনজালভেছে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনত তথা কেৰিবিয়ান আৰু লেটিন আমেৰিকান অঞ্চলত ভাৰতৰ প্ৰতি অশেষ সদ্ভাৱনা আছে বুলি জানিবলৈ দিয়ে৷ অঞ্চলটোৰ সৈতে ভাৰতৰ বিকাশমূলক সহযোগিতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি ভাৰতৰ তাৎক্ষণিক সমৰ্থনক তেওঁ প্ৰশংসা কৰে৷

আন্তৰ্জাতিক মঞ্চত দুয়োখন দেশৰ মাজত থকা সহযোগিতাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ ৰূপত ‘সবাতোকৈ সৰু দেশ’ হিচাপে নিৰ্বাচিত হোৱা বাবে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনক শুভেচ্ছা জনায়৷

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দক্ষতা উন্নয়ন, প্ৰশিক্ষণ, শিক্ষা, বিত্ত, সংস্কৃতি আৰু দুৰ্যোগ প্ৰশমন আদি বিষয়ত সহযোগিতা বৃদ্ধি সম্পৰ্কে সহমত পোষণ কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 এপ্ৰিল 2026
April 26, 2026

One Radio Address, Many Milestones: PM Modi Links Clean Energy, Culture & Citizen Power in Mann Ki Baat

Citizens Celeberate Clean Skies, Maritime Might & Defence Milestones: How PM Modi is Scripting India’s Infrastructure Success Story