Poorvanchal Expressway would transform the towns and cities that it passes through: PM Modi
Connectivity is necessary for development: PM Narendra Modi
Sabka Saath, Sabka Vikaas is our mantra; our focus is on balanced development: PM
PM Modi slams opposition for obstructing the law on Triple Talaq from being passed in the Parliament

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-প্ৰদেশৰ আজমগড়ত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ৰ আধাৰশিলা স্থাপন কৰে৷.

এখন বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰি তেওঁ কয় যে এই আধাৰশিলাৰে ৰাজ্যখনৰ উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হ’ল৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু তেওঁৰ চৰকাৰক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰখনে উত্তৰ-প্ৰদেশৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক সুস্থ পৰিৱেশ ৰচনা কৰিছে৷ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ উন্নতিৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে কাম কৰি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩৪০ কিলোমিটাৰ দৈৰ্ঘৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ই চহৰ আৰু নগৰসমূহক সলনি কৰি দিব৷ ইয়ে দিল্লী আৰু গাজিপুৰৰ মাজত যোগাযোগ অধিক দ্ৰুত কৰি তুলিব৷ তেওঁ পুনৰ কয় যে নতুন উদ্যোগ, প্ৰতিষ্ঠানো এক্সপ্ৰেছৱে’ৰ সমান্তৰালকৈ গঢ়ি উঠিব৷ ইয়ে অঞ্চলটোৰ ঐতিহাসিক স্থানসমূহৰ পৰ্যটন ক্ষেত্ৰখনকো উদগণি যোগাব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে এতিয়া অত্যন্ত আৱশ্যক৷ বিগত চাৰি বছৰত উত্তৰ-প্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় দুগুণ হৈছে৷ এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বিমান পৰিবহণ আৰু জল পৰিবহণৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে দেশৰ পূব প্ৰান্তক উন্নয়নৰ নতুন ক’ৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে৷

প্ৰধানমন্ত্ৰীয়ে সবকাসাথ, সবকা বিকাশ নীতিৰ কথা পুনৰাবৃত্তি কৰে আৰু সম-বিকাশৰ ওপৰত বিশেষ জোৰ দিয়ে৷ ডিজিটেল সংযোগ সন্দৰ্ভত তেওঁ কয় যে এই পৰ্যন্ত এক লাখ পঞ্চায়তত অপ্টিকেল ফাইবাৰ সংযোগ দিয়া হৈছে আৰু তিনি লাখ কমন ছাৰ্ভিচ চেণ্টাৰে জনসাধাৰণৰ জীৱন সৰল কৰি তুলিছে৷

প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু কেন্দ্ৰই ৰূপায়ন কৰা আন কল্যাণমূলক আঁচনিসমূহৰ কথাও শ্ৰী মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷ শেহতীয়াকৈ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্তই কৃষকসকলক উপকৃত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰে৷

মুছলিম মহিলাক ‘তিনি তালাক’ৰ পৰা নিৰাপত্তা দিয়া আইনখন ৰোধ কৰিবলৈ চেষ্টা চলাই থকাসকলক তেওঁ কঠোৰ সমালোচনা কৰে৷ এই আইনখন সফলতাৰে ৰূপায়নত সকলোৱে সহযোগ কৰা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ তাতশিল্পীৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ এই প্ৰসংগত তেওঁ আধুনিক মেচিন, নিম্ন সূতত ঋণ আৰু বাৰাণসীত স্থাপন কৰা বাণিজ্য কেন্দ্ৰৰ কথা উল্লেখ কৰে৷ এই দিশত ৰাজ্য চৰকাৰৰ পদক্ষেপকো তেওঁ শলাগ লয়৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership