প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ বালাংগীৰ ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ ১,৫০০ কোটি চকা ব্যয়সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে কেতবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

পুৱা ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে তেওঁ বালাংগীৰ অভিমুখে ৰাওনা হয়৷ বালাংগীৰত তেওঁ ঝাৰছুগুড়া মাল্টি মডেল লজিষ্টিক পাৰ্ক(এমএমএলপি) দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই এমএমএলপিয়ে ঝাৰছুগুড়াক অঞ্চলটোৰ লজিষ্টিকৰ প্ৰাণকেন্দ্ৰত পৰিণত কৰিব৷ ৰে’ল প্ৰকল্পৰ প্ৰতি উদ্গনি জনাই শ্ৰীযুত মোদীয়ে প্ৰায় ১১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বালাংগীৰ-বিচ্চুপলী ৰে’ল পথৰ উদ্বোধন কৰে৷

ওড়িশাবাসীক তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনি সপ্তাহত এয়া তেওঁ তৃতীয় ওড়িশা ভ্ৰমণ৷ বালাংগীৰ ৰে’লৱে য়াৰ্ডত সমবেত লোকক উদ্দেশ্যি তেওঁ কয়, “চৰকাৰে ওড়িশা আৰু পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰতি ধাৰাবাহিকভাৱে প্ৰচেষ্টা হাতত লৈ আহিছে৷ বালাংগীৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণিও এই পদক্ষেপসমূহৰে অংশবিশেষ৷”

প্ৰধানমন্ত্ৰী মোদীয়ে নাগাভালি নদীৰ ওপৰত নির্মিত এখন দলং, বৰপালি-দুংগাৰীপালি আৰু বালাংগীৰ-দেওগাঁৰ মাজত ৰে’লপথৰ দ্বৈত লাইন, ঝাৰছুগুড়া-ভিজিলাগ্রাম আৰু সম্বলপুৰ-আংগুল ৰে’লপথৰ ৮১৩ কিলোমিটাৰ অংশত বিদ্যুতিকীকৰণ প্ৰকল্প দেশবাসীৰ উদ্দেশ্যে উৎচর্গা কৰে৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাৰ সোনপুৰত আনুমানিক ১৫.৮১ কোটি টকা ব্যয়সাপেক্ষ এখন কেন্দ্রীয় বিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ যোগাযোগ আৰু শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয়, “শিক্ষাই মানৱসম্পদৰ বিকাশত সহায় কৰে৷ কিন্তু যোগাযোগে এই ধৰণৰ সম্পদক সুযোগলৈ ৰূপান্তৰিত কৰে৷ ৬টা ৰে’ল প্ৰকল্পৰ উদ্বোধন যোগাযোগ ব্যৱস্থাৰ গঢ়ি তোলাৰ ক্ষেত্রত এক ডাঙৰ প্ৰয়াস৷ ই মানুহৰ চাল-চলন, উদ্যোগসমূহে খনিজ সম্পদ আহৰণৰ লগতে কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়াত সহায় কৰি ওড়িশাৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিব৷”

 

আমাৰ সংস্কৃতি আৰু ঐতিহ্য ধৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই যোগাযোগে সাংস্কৃতিক যোগাযোগক শক্তিশালী কৰিব আৰু ৰাজ্যখনত পর্যটনৰ সা-সুবিধা আৰি বৃদ্ধি কৰিব৷ এই প্ৰসংগত তেওঁ গান্ধহাৰাদিত নীলমাধৱ আৰু সিদ্ধেশ্বৰ মন্দিৰ দুটাৰ সংস্কাৰ আৰু নবীকৰণৰ কাম আৰম্ভ হোৱাক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে বালাংগীৰ আৰু কালাহান্দিত ক্ৰমে ৰাণীপুৰ ঝৰিয়াল গোষ্ঠীৰ প্ৰত্নতান্ত্ৰিক স্মৃতিসৌধ আৰু অসুৰগড় দূৰ্গৰ সংস্কাৰৰ কামৰো শুভাৰম্ভ কৰে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Aushadhi Kendras And India's Medical Revolution Under PM Modi

Media Coverage

Jan Aushadhi Kendras And India's Medical Revolution Under PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation
March 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising on sacred Earth as a source of strength to the nation:

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”

The Subhashitam conveys that, the Earth, which is filled with water within the oceans, and surrounded by water outside, which thoughtful scholars have understood through their wisdom, and whose heart is covered by the eternal truth in the vast sky – may that earth, sustain our energy and strength in a noble nation.

The Prime Minister wrote on X;

“यार्णवेऽधि सलिलमग्र आसीद्यां मायाभिरन्वचरन्मनीषिणः।

यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः।

सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे॥”