জম্মুত প্ৰধানমন্ত্ৰী

Published By : Admin | February 3, 2019 | 15:12 IST

জম্মু আৰু কাশ্মীৰৰ দ্বিতীয় পৰ্যায়ৰ ভ্ৰমণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু ভ্ৰমণ কৰে৷ তেওঁ ৰাজ্যখনৰ আন্তঃগাথনিমূলক দিশক উদগণি যোগাই কেইবাটাও উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোত লেহ, জম্মু আৰু শ্ৰীনগৰ ভ্ৰমণ কৰে৷

জম্মু ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাম্বাৰ বিজয়পুৰত এইমছৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে এইমছ স্থাপনে অঞ্চলটোৰ জনসাধাৰণক উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰিব আৰু স্বাস্থ্যসেৱা খণ্ডৰ পেছাদাৰী লোকৰ অভাৱ দূৰ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাজ্যিক মেডিকেল কলেজত শীঘ্ৰে পুনৰ ৫০০ আসন সংযোজিত কৰা হ’ব৷
কাথুৱাত ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে যে জম্মুৰ যুৱ প্ৰজন্ম ‘সাধাৰণ শ্ৰেণীৰ দৰিদ্ৰ লোকৰ বাবে ১০% সংৰক্ষণ’ নীতিৰ পৰা উপকৃত হ’ব৷

প্ৰধানমন্ত্ৰীয়ে জম্মুৰ কুশৱাৰত ৬২৪ মেগাৱাটযুক্ত কিৰু জলবিদ্যুৎ প্ৰকল্প আৰু ৮৫০ মেগাৱাটযুক্ত ৰাটল জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে নতুন বিদ্যুৎ প্ৰকল্পসমূহে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মাজত কৰ্মসংস্থাপন সৃষ্টি কৰিব৷ সৌভাগ্য আঁচনিৰ অধীনত জম্মু আৰু কাশ্মীৰত ১০০% পৰিয়ালে বিদ্যুতৰ সুবিধা লাভ কৰিছে বুলিও তেওঁ ঘোষণা কৰে৷
ইফালে, কাশ্মীৰ উপত্যকাত কাম কৰি থকা কাশ্মীৰী প্ৰব্ৰজক কৰ্মচাৰীসকলৰ বাবে নিৰ্মাণ কৰি থকা ট্ৰানজিট আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সিচঁৰিত হৈ থকা কাশ্মীৰীসকলক ৩০০০ পদত নিয়োগ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেঁও ঘোষণা কৰে৷ ‘কাশ্মীৰী পণ্ডিতসকলে কি পৰিস্থিতিত ঘৰ এৰিবলৈ বাধ্য হৈছিল, সেয়া ভাৰতবৰ্ষই কেতিয়াও পাহৰি নাযায়৷ চুবুৰীয়া ৰাষ্ট্ৰত উৎপীড়নৰ বলি হোৱা লোকসকলৰ সৈতে দেশবাসী সদায় আছে৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

ৰাষ্ট্ৰীয় নদী সংৰক্ষণ পৰিকল্পনাৰ অধীনত দেৱীকা আৰু টাৱি নদীৰ প্ৰদূষণ হ্ৰাসৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰকল্পৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰে৷ ২০২১ৰ মাৰ্চৰ ভিতৰত এই প্ৰকল্পসমূহ সমাপ্ত কৰাৰ লক্ষ্য লোৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সৈনিকৰ সুৰক্ষাৰ বাবে সীমান্তত ১৪০০ বাংকাৰ নিৰ্মাণ কৰা হৈছে৷ পূৰ্বৰ চৰকাৰে ৫০০ কোটিৰে ‘এক পদবী এক পেঞ্চন’ নীতিক প্ৰতাৰণা কৰি আছিল, কিন্তু আমি ইয়াৰ বাবে ৩৫০০০ কোটি মোকলাই দিছো৷
জম্মু ভ্ৰমণৰ আন এক উল্লেখনীয় দিশ হিচাপে প্ৰধানমন্ত্ৰীয়ে সজ্বলত চেনাব নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ১৬৪০ মিটাৰৰ দ্বৈত পথৰ দলঙৰ আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু আৰু কাশ্মীৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ ৪০০০০ কোটিৰ অনুদান আগবঢ়োৱা হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”