Share
 
Comments
PM Modi launches projects pertaining to Patna metro, construction of ammonia-urea complex at Barauni and extension LPG pipe network to Patna and Muzaffarpur
I feel the same fire in my heart that’s burning inside you, says PM Modi in Bihar referring to the anger and grief in the country after the terror attack in Pulwama
Our aim is to uplift status of those struggling to avail basic amenities: PM

বিহাৰৰ আন্তঃগাঁথনি, যোগাযোগ, শক্তি নিৰাপত্তা আৰু স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাউনীত প্রায় ৩৩,০০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ বিহাৰৰ ৰাজ্যপাল লালজি টেণ্ডন, মুখ্যমন্ত্রী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্রী সুশীল মোদী আৰু কেন্দ্রীয় খাদ্য আৰু উপভোক্তা পৰিক্ৰমা মন্ত্রী ৰামবিলাস পাছোৱানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে৷ প্ৰকল্পসমূহ উদ্বোধনৰ পাছত প্ৰধানমন্ত্রীয়ে এখনি জনসভাত ভাষণ আগবঢ়ায়৷

প্ৰধানমন্ত্রীয়ে বুটাম টিপি ডিজিটেল পদ্ধতিৰে পাটনা মেট্র’ ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ নির্মাণ ব্যয় হ’ব ১৩,৩৬৫ কোটি টকা৷ এই প্ৰকল্পৰ দুটা কৰিড’ৰ থাকিব৷ প্ৰথমটো দানাপুৰৰৰ পৰা মিঠাপুৰ আৰু আনটো হ’ব পাটনা ৰেল’ষ্টেচনৰ পৰা নতুন আইএছবিটিলৈকে৷ দুয়োটা প্ৰকল্পৰ কাম অহা পাঁচ বছৰৰ ভিতৰত সম্পূর্ণ হ’ব৷ এই প্ৰকল্প বাস্তবায়িত হ’লে, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাৰ জনসাধাৰণ বিশেষভাৱে উপকৃত হ’ব৷

প্ৰধানমন্ত্রীয়ে একেটা অনুষ্ঠানতে জগদীশপুৰ-বাৰাণসী প্রাকৃতিক গেছ পাইপলাইনৰ অন্তর্গত ফুলপুৰৰ পৰা পাটনা পর্যন্ত অংশৰো উদ্বোধন কৰে৷ এই উফলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্রীয়ে কয় যে ২০১৫ চনৰ জুলাই মাহত তেঁৱেই এই প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল৷ তেওঁ লগতে কয় এইটো হৈছে এনে প্ৰকল্প যাৰ আধাৰশিলা তেওঁ কৰিছিল আৰু উদ্বোধনো তেঁৱেই কৰিছে৷ তেওঁ কয়, “এই প্ৰকল্পৰ ফলত পাটনাৰ বিভিন্ন এলেকাত গেছৰ যোগানৰ সমান্তৰালভাৱে বাৰাউনী সাৰ কাৰখানা আৰু স্থানীয় অন্যান্য কাৰখানাত গেছৰ যোগান ধৰাটো সুনিশ্চিত হ’ব৷” গেছভিত্তিক এই প্ৰকল্পৰ ফলত অঞ্চলটোৰ লোকসকলৰ কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি হ’ব বুলিও তেওঁ উল্লেখ কৰে৷

এই অঞ্চলৰ ওপৰত অগ্রাধিকাৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “পূব ভাৰত আৰু বিহাৰৰ সৰ্বাংগীন উন্নয়নৰ বিষয়টো সুনিশ্চিত কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।” প্ৰধানমন্ত্রী উর্জা গঙ্গা প্ৰকল্পৰ অধীনত বাৰাণসী, ভুৱনেশ্বৰ, কটক, পাটনা, ৰাঁচী আৰু জামছেদপুৰক গেছ পাইপলাইনৰ জৰিয়তে সংযোগ কৰা হৈছে৷ পাটনাত প্ৰধানমন্ত্রীয়ে পাটনা চহৰ গেছ বিতৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ ইয়াৰ জৰিয়তে পাটনা চহৰ আৰু সমীপৱৰ্তী এলেকাত গেছৰ যোগান ধৰা হ’ব৷

এই প্ৰকল্পসমূহৰ জৰিয়তে বিশেষকৈ, পাটনা আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত শক্তিৰ যোগান সুনিশ্চিত হ’ব৷
দৰিদ্ৰ লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়নৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “এনডিএ চৰকাৰৰ দ্বিমুখী উন্নয়নমূলক আঁচনিৰ ভিতৰত আন্তঃগাঁথনি উন্নয়ন আৰু সমাজৰ প্রান্তীয় লোকসকলৰ জীৱনযাত্রাৰ মান উন্নয়ন অন্যতম, যিসকলে বিগত ৭০ বছৰ ধৰি ন্যূনতম সা-সুবিধাৰ বাবে যুঁজ কৰি আহিছে৷”

বিহাৰত স্বাস্থ্য সেৱা ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰি প্ৰধানমন্ত্রীয়ে কয় যে ৰাজ্যখনত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ ক্ষেত্রত আজি দিনটো ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব৷ চাপ্ৰা আৰু পুর্নিয়াত নতুন চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলা হ’ব৷ গয়া আৰু ভগলপুৰৰ চিকিৎসা মহাবিদ্যালয়সমূহো আৰু অধিক উন্নীত কৰা হ’ব৷ তেওঁ লগতে কয় যে পাটনাত এইম্ছ স্থাপন কৰা হৈছে। মানুহৰ চাহিদা পূৰণৰ বাবে ৰাজ্যখনত আৰু এখন এইম্ছ স্থাপন কৰা হ’ব৷

প্ৰধানমন্ত্রীয়ে পাটনাত নদী বিকাশ প্ৰকল্পৰ প্ৰথম পর্যায়ৰ কাম উদ্বোধন কৰে৷ তেওঁ ৯৬.৫৪ কিলোমিটাৰ দীর্ঘ কৰমালিচক নিষ্কাষণ ব্যৱস্থাৰো আধাৰশিলা স্থাপন কৰে৷ এই নিষ্কাষণ ব্যৱস্থাৰ অধীনত বাঢ়, ছুলতানগঞ্জ আৰু নওগাছিয়াত প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিহাৰৰ বিভিন্ন স্থানত ২২টা আমৰুট প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷
পুলৱামাত ভয়ংকৰ আক্ৰমণৰ ঘটনাৰ পৰিপ্রেক্ষিতত দেশজুৰি শোক, দুঃখ আৰু ক্রোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, “আপোনালোকৰ ভিতৰত যি জুই জ্বলিছে, সেই জুই মইও অনুভৱ কৰিছো৷” পুলৱামাৰ বিস্ফোৰণত শ্বহীদ হোৱা বিহাৰৰ পাটনাৰ কনিষ্টবল সঞ্জয় কুমাৰ সিনহা আৰু ভগলপুৰৰ শ্বহীদ ৰতন কুমাৰ ঠাকুৰৰ প্ৰতি প্ৰধানমন্ত্রী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰধানমন্ত্রীয়ে ৯ মিলিয়ন মেট্ৰিক টন ক্ষমতাসম্পন্ন বাৰাউনী শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, দুর্গাপুৰৰ পৰা মুজফ্ফৰপুৰ আৰু পাটনালৈকে পাৰাদ্বীপ-হলদিয়া-দুর্গাপুৰ এলপিজি পাইপলাইন সম্প্ৰসাৰণ প্ৰকল্পৰো তেওঁ আধাৰশিলা স্থাপন কৰে৷ বাৰাউনী শোধনাগাৰেৰ এটিএফ পানীশোধন প্ৰকল্পৰো আধাৰশিলা কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই সকলো প্ৰকল্প বাস্তবায়িত হ’লে পাটনাকে ধৰি সমগ্ৰ এলেকাত ইন্ধনৰ চাহিদা পূৰণ কৰাটো সম্ভৱ হ’ব৷
প্ৰধানমন্ত্রীয়ে বাৰাউনীৰ এম’নিয়া-ইউৰিয়া সাৰ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পৰ দ্বাৰা বিহাৰত সাৰৰ উৎপাদন বৃদ্ধি পাব৷

প্ৰধানমন্ত্রীয়ে বাৰাউনী-কুমেদপুৰ, মুজফ্ফৰপুৰ-ৰক্সৌল, ফাতুহা-ইছলামপুৰ, বিহাৰ ছৰীফ-দানিয়াৱান ৰে’ললাইনৰ বিদ্যুতীকৰণ প্ৰকল্পৰো শুভাৰম্ভ কৰে৷ অনুষ্ঠানত ৰাঁচী-পাটনা বাতানুকূল সাপ্তাহিক এক্সপ্রেছ ৰে’লখনৰো শুভাৰম্ভ কৰে৷
বাৰাউনীৰ পাছত প্ৰধানমন্ত্রীয়ে ঝাড়খণ্ড অভিমুখে ৰাওনা হয়৷ তাত তেওঁ হাজাৰিবাগ আৰু ৰাঁচী ভ্ৰমণ কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে হাজাৰিবাগ, ডুমকা আৰু পালামুত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ তেওঁ লগতে অন্যান্য একাধিক প্ৰকল্পৰো শুভাৰম্ভ কৰিব৷

 

 

 

 

 

 

 

 

 

 

Click here to read full text speech

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
সেৱা আৰু সমৰ্পণৰ ২০ বছৰক সূচিত কৰা ২০ খন আলোকচিত্ৰ
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Indian startups raise $10 billion in a quarter for the first time, report says

Media Coverage

Indian startups raise $10 billion in a quarter for the first time, report says
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM expresses grief over the loss of lives due to heavy rainfall in parts of Uttarakhand
October 19, 2021
Share
 
Comments

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to heavy rainfall in parts of Uttarakhand.

In a tweet, the Prime Minister said;

"I am anguished by the loss of lives due to heavy rainfall in parts of Uttarakhand. May the injured recover soon. Rescue operations are underway to help those affected. I pray for everyone’s safety and well-being."