Manipur is rapidly moving ahead on the path of development on every scale: Prime Minister Modi
Whenever there is discussion about electrifying India’s villages, the name of Leisang village in Manipur will also come: PM Modi
North East, which Netaji described as the gateway of India's independence, is now being transformed as the gateway of New India's development story: Prime Minister

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইম্ফল ভ্ৰমণ কৰে৷ এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে মোৰেত সংহততালাচী চকী উদ্বোধন কৰে৷ তেওঁ লগতে ডলাইথাবি বান্ধ প্ৰকল্প, ছাৱমবুঙত এফচিআইৰ মজুত ভাণ্ডাৰৰ লগতেপানী যোগান আৰু পৰ্যটনৰ সৈতে জড়িত প্ৰকল্প উদ্বোধন কৰে৷

 

প্ৰধানমন্ত্ৰীয়ে ৪০০ কেভি দ্বৈত চাৰ্কিটৰ শিলচৰ–ইম্ফল লাইন দেশবাসীৰ নামত উচৰ্গা কৰে৷

তেওঁ ক্ৰীড়া প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি আগবঢ়োৱাৰ ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সাহসী মুক্তিযোদ্ধা, বিশেষকৈমণিপুৰৰ মহিলা মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ অবিভক্ত ভাৰতৰ প্ৰথম অন্তৰ্ৱতীকালীনচৰকাৰ মণিপুৰৰ মইৰাঙত স্থাপন কৰা কথা স্মৰণ কৰে৷ তেওঁ লগতে আজাদ হিন্দ ফৌজে উত্তৰ–পূবৰলোকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছিল বুলি উল্লেখ কৰে৷ নতুন ভাৰতৰ বিকাশৰ যাত্ৰাত মণিপুৰে একগুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি তেওঁ কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানত ১৫০০তকৈও অধিক টকা মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাস্থাপন কৰা হৈছে৷ তেওঁ লগতে কয় যে এই প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব৷

প্ৰধানমন্ত্ৰী কয় যে বিগত চাৰে চাৰি বছৰত তেওঁ প্ৰায় ৩০বাৰ উত্তৰ–পূব ভ্ৰমণ কৰিছে৷ তেওঁ কয় যে উত্তৰ–পূবলৈপৰিৱৰ্তন আহিছে আৰু দশকৰ পাছত দশক ধৰি অসম্পূৰ্ণ হৈ থকা প্ৰকল্পবোৰৰ কাম সম্পূৰ্ণ হৈছে৷

তেওঁ কয় যে মোৰেৰ সংহত তালাচী চকীৰ জৰিয়তে সীমাশুক্ল সম্পৰ্কীয় কাম–কাজ, বিদেশী মুদ্ৰা বিনিয়ম, অনুপ্ৰৱেশ দৰে গুৰুত্বপূৰ্ণ দিশত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উদ্বোধন কৰা প্ৰকল্পসমূহে কেন্দ্ৰীয় চৰকাৰে উন্নয়নৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিপ্ৰতিফলিত হৈছে৷ তেওঁ কয় যে ডলাউথাবি বান্ধ প্ৰকল্পৰ কাম ১৯৮৭তে আৰম্ভ কৰিছিল, কিন্তু ২০১৪ৰ পাছৰপৰাহে দ্ৰুতগতিৰে কাম কৰি এতিয়া সম্পূৰ্ণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে আজি উদ্বোধন কৰা পৰ্যটন প্ৰকল্পসমূহৰসন্দৰ্ভতো ব্যাখ্যা কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্পসমূহৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত
কেন্দ্রীয় চৰকাৰে বিভিন্ন প্ৰকল্পৰ কাম দ্রুতগতিত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ‘প্ৰগতি’ ব্যৱস্থাৰে ভিডিঅ’ কনফাৰেন্সৰমাধ্যমেৰে প্ৰকল্পসমূহৰ কাম–কাজৰ অগ্ৰগতিৰ ক্ষেত্ৰত দৃষ্টি দিয়া হৈছে৷ তেওঁ কয় যে ‘প্ৰগতি’ বৈঠকৰ জৰিয়তে ১২ লাখ কোটিতকৈও অধিক অসম্পূৰ্ণ বিভিন্ন প্ৰকল্পৰ সৈতে জড়িত সমস্যাৰ সমাধান কৰা হৈছে।

ছাওমবুঙত ভাৰতীয় খাদ্য নিগমৰ (এফচিআই) মজুতভাণ্ডাৰ গঢ়ি তোলাৰ কাম ২০১৬ৰ ডিচেম্বৰত আৰম্ভ কৰি ইতিমধ্যে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ কামশেষ হোৱাৰ কথাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰ আৰু মণিপুৰ চৰকাৰে উভয়েই ‘সবকা সাথ সবকা বিকাশ’ৰ উদ্দেশ্যপূৰণৰ দিশত কাম কৰিছে। তেওঁ ৰাজ্য চৰকাৰৰ ‘গ’ টু হিল্‌ছ, গ’ টু ভিলেজ’ আঁচনিৰ প্ৰশংসা কৰে৷ ‘পৰিবহণৰজৰিয়তে পৰিৱর্তন’ অনাৰ যি আঁচনি গ্ৰহণ কৰা হৈছে, তাৰ ভিত্তিত উত্তৰ–পূবত উন্নত পথ, ৰে’ল আৰু বিমানযোগাযোগ ব্যৱস্থাৰ কথাও তেওঁ উল্লেখ কৰে৷

স্বচ্ছ ভাৰত আৰু অনাময় অভিযানকে ধৰি উন্নয়নকামী জিলাসমূহৰ ভিতৰত ৰাজ্যৰ চান্দেল জিলাওঅন্তর্ভুক্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে বিভিন্ন ক্ষেত্রত মণিপুৰৰ অগ্ৰগতিৰ দিশ আলোকপাত কৰে।

মহিলা সবলীকৰণ ক্ষেত্রত মণিপুৰে সন্মুখৰ পৰা নেতৃত্ব দিয়া বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে ৰাজ্যৰ উজ্জ্বলক্রীড়া ব্যক্তিত্ব মেৰী কমৰ প্ৰসংগ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক্রীড়া ক্ষেত্রত ভাৰতক বিশ্ব অন্যতমশক্তিশালী দেশত পৰিণত কৰিবলৈ উত্তৰ–পূর্বাঞ্চলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। উন্নত প্ৰশিক্ষণ আৰু খেলুৱৈৰ নির্বাচন প্ৰক্রিয়াত স্বচ্ছতা বজাই ৰখাৰ বাবেই  আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতাসমূহত ভাৰতে উন্নত ফলাফল লাভ কৰা বুলি কয় প্ৰধানমন্ত্রীয়ে৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"