বিশ্বত এই স্তৰৰ টীকাদান অভিযান আৰু কেতিয়াও কতো দেখা নাই : প্ৰধানমন্ত্ৰী
ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰতিক্ৰিয়া বিশ্বব্যাপী স্বীকৃত হৈছে: প্ৰধানমন্ত্ৰী
প্ৰথম শ্ৰেণীৰ ক’ৰোনা যোদ্ধাসকললৈ শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰথমেই এই ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সংশ্লিষ্ট বিজ্ঞানীসকলক অভিনন্দন জনায়। তেওঁ কয়, ভেকচিন প্ৰস্তুত কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু, ইমান কম সময়ৰ ভিতৰত দেশত নিৰ্মিত এটা নহয়, দুটাকৈ ভেকচিন উলিওৱা হৈছে। ভেকচিনৰ দুটা পালি গ্ৰহণ কৰিবলৈ যাতে কোনোৱেই পাহৰি নাযায় তাৰ বাবে তেওঁ দেশবাসীক সতৰ্ক কৰি দিয়ে। তেওঁ কয়, দুটা টীকাৰ মাজত এমাহৰ ব্যৱধান থাকিব লাগিব। তেওঁ কয়, দ্বিতীয় টীকা গ্ৰহণৰ পিছত মানৱ দেহত ক’ৰোনাৰ বিৰুদ্ধে প্ৰয়োজনীয় ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকাশ ঘটে।

প্ৰধানমন্ত্ৰী এই টীকাদান কাৰ্যসূচী নজিৰবিহীন বুলি উল্লেখ কৰি কয়, প্ৰথমটো স্তৰতেই ভাৰতৰ ৩ কোটি লোকে এই টীকা গ্ৰহণ কৰিছে। যি বিশ্বৰ অতিকমেও এশখন দেশৰ জনসংখ্যাতকৈও বেছি। তেওঁ কয় যে, দ্বিতীয় স্তৰত যেতিয়া প্ৰবীণ তথা আনুষঙ্গিক উপসৰ্গ থকা এনে লোকসকলে ভেকচিন গ্ৰহণ কৰিব তেতিয়া সেই সংখ্যাটা হ’ব ৩০ কোটি। বিশ্বত ভাৰত, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু চীনতেই জনসংখ্যা ৩০ কোটিৰ অধিক।

প্ৰধানমন্ত্ৰীয়ে জনগণক আহ্বান জনায় যে, ভেকচিন আৰু ভেকচিন প্ৰস্তুতকৰণৰ সৈতে জড়িত বিজ্ঞানীসকলে, চিকিৎসা ব্যৱস্থা আদিক লৈ চলি থকা বিভিন্ন গল্প-গুজব বা কোনধৰণৰ ষড়যন্ত্ৰলৈ যেন কাণ নিদিয়ে। কিয়নো ভাৰতত প্ৰস্তুত হোৱা এই ভেকচিন আন্তৰ্জাতিক স্তৰতো স্বীকৃত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কৰোনাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সাহসিকতাৰে যুঁজ কৰাৰ বাবে দেশবাসীক শুভেচ্ছা জনায়। তেওঁ ক’ৰোনাৰ প্ৰতি ভাৰতীয়সকলৰ প্ৰতিক্ৰিয়াক আত্মবিশ্বাস আৰু স্বনিৰ্ভৰতাৰ উৎকৃষ্ট উদাহৰণ হিচাপে অভিহিত কৰে। প্ৰতিগৰাকী ভাৰতীয়ৰ আত্মবিশ্বাস দুৰ্বল হ’বলৈ নিদিবলৈও তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, চিকিৎসক, নাৰ্ছ পেৰামেডিকেল কৰ্মী, এম্বুলেন্স চালক, আশা কৰ্মী, ছেনিটেশ্যন কৰ্মী, আৰক্ষী আৰু অন্যান্য সমূখৰ শাৰীৰ কৰ্মীসকলে আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱন বিপন্ন কৰি তুলিছিল। ইয়াৰ মাজতে বহুতেই নিজৰ ঘৰলৈও উভতি অহা নাছিল। বহুতেই এই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলোৱা যুঁজত প্ৰাণ হেৰুৱালে। প্ৰথম শাৰীৰ ক’ৰোনা যোদ্ধাসকলে হতাশা আৰু ভয়াৰ্ত পৰিৱেশৰ মাজতো আশাৰ সঞ্চাৰ কৰিছিল, সেয়ে আজি প্ৰথমে টীকা দিয়াৰ মাধ্যমেৰে দেশবাসীক কৃতজ্ঞতাৰে তেওঁলোকৰ অৱদান স্বীকাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

ক’ৰোনা মহামাৰীৰ প্ৰথম দিনবোৰৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতে সৰ্তকতা দেখুৱালে আৰু সঠিক মূহুৰ্তত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে। দেশত সৰ্বপ্ৰথম ২০২০-ৰ ৩০ জানুৱাৰীত প্ৰথম কৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাৰ দুসপ্তাহ পূৰ্বে ভাৰতে উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰে। আজিৰ পৰা ঠিক এবছৰ পূৰ্বে ১৭ জানুৱাৰীত ভাৰতে সঠিকভাৱে তদাৰকীৰ কাম আৰম্ভ কৰিছিল। ভাৰতেই একমাত্ৰ দেশ, যিয়ে উপদেষ্টা কমিটি গঠন কৰে আৰু বিমানবন্দৰবোৰত যাত্ৰীসকলৰ স্ক্ৰীনিংৰ কাম আৰম্ভ কৰিছিল।

জনতা কাৰ্ফু চলা সময়ছোৱাত শৃঙ্খলা আৰু ধৈৰ্যৰ সৈতে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক অভিনন্দন জনায়। তেওঁ কয়, ইয়েই দেশক মানসিকভাৱে প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয়, তালি- থালি বা প্ৰদীপ প্ৰজ্জ্বলনৰ দৰে প্ৰচাৰেৰে দেশৰ মনোবল ধৰি ৰাখিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক দেশলৈ ওভতাই অনাৰ কথা উল্লেখ কৰি কয়, যেতিয়া বিশ্বৰ অনেক দেশে চীনত থকা তেওঁলোকৰ নাগৰিকসকলক সেই দেশতেই আবদ্ধ কৰি ৰাখিছিল, ভাৰতে তেতিয়া কেৱল নিজৰ নাগৰিকৰে নহয়, আন দেশৰ নাগৰিকসকলকো উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছিল। এখন দেশলৈ সম্পূৰ্ণ লেব প্ৰেৰণৰ কথাও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। যিসময়ত ভাৰতীয়সকলৰ পৰীক্ষা কৰাৰ কামটো ছিল যথেষ্ট কঠিন আছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, সংকটজনিত পৰিস্থিতিক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া বিশ্বব্যাপী স্বীকৃত হৈছে। উদ্ভৱ হোৱা পৰিস্থিতিৰ কথা ভাবি কেন্দ্ৰ, ৰাজ্য, স্থানীয় চৰকাৰ, চৰকাৰী দপ্তৰ, সামাজিক সংস্থা সকলোৱেই দক্ষতাৰে সমন্বিতভাৱে কাম কৰিছে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ শেষত টুইট কৰি কয়, ভাৰতে বিশ্বৰ আটাইতকৈ বৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছে। এয়া এক গৰ্বৰ দিন। যি আমাৰ বিজ্ঞানীসকলৰ বীৰত্ব, চিকিৎসক আৰু নাৰ্ছিং ষ্টাফ, আৰক্ষী কৰ্মী আৰু ছেনিটেশ্যন কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফল।

 

সকলোৱেই সুস্থ আৰু ৰোগমুক্ত থাকক।

सर्वेभवन्तुसुखिनःसर्वेसन्तुनिरामया।

सर्वेभद्राणिपश्यन्तुमाकश्चित्दुःखभाग्भवेत्।।आज वो वैज्ञानिक, वैक्सीन रिसर्च से जुड़े अनेकों लोग विशेष प्रशंसा के हकदार हैं, जो बीते कई महीनों से कोरोना के खिलाफ वैक्सीन बनाने में जुटे थे।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi

Media Coverage

Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 এপ্ৰিল 2026
April 15, 2026

From Temples to Turbines: PM Modi’s Blueprint for a Culturally Rooted, Economically Explosive Viksit Bharat