প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএলচিআইএলৰ ১০০০ মেগাৱাটৰ নেভেলী নতুন তাপ শক্তি প্ৰকল্প আৰু ৭০৯ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ ভি.অ’ চিদাম্বৰণৰ বন্দৰত এটা ৫ মেগাৱাটৰ গ্ৰীড সংযুক্ত গ্ৰাউণ্ড সৌৰ শক্তি প্ৰকল্পৰ ডিজাইনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৯খন স্মাৰ্ট চিটীত ইণ্টিগ্ৰেটেড ক’মাণ্ড এণ্ড ক’ণ্ট্ৰোল চেণ্টাৰছ(আইচিচিচি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ অধীনত নিৰ্মাণ হোৱা আৱাসগৃহ আৰু ভি.অ’ চিদাম্বৰণৰ বন্দৰত ৮ লেনযুক্ত কোৰামপাল্লম দলং আৰু ৰেল অভাৰব্ৰীজ উদ্বোধন কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনু্ঠানত উপস্থিত থাকে।

 

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ইম্বাট’ৰ উদ্যোগ আৰু উদ্ভাৱনৰ চহৰ। আজি মুকলি হোৱা উন্নয়নমূলক কাৰ্যসূচীয়ে ক’ইম্বাট’ৰ আৰু সমগ্ৰ তামিলনাডুক উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভৱানী সাগৰ বান্ধৰ আধুনিকীকৰণে প্ৰায় ২লাখ একৰ ভূমিলৈ জলসিঞ্চনৰ সুবিধা আগবঢ়াব আৰু বহুকেইখন জিলাৰ কৃষক এই প্ৰকল্পৰ পৰা উপকৃত হ’ব। ভাৰতৰ ঔদ্যোগিক বিকাশৰ প্ৰতি আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ তামলনাডুক ভূয়সী প্ৰশংসা কৰে। তেওঁ কেইবাটাও শক্তি প্ৰকল্প উদ্বোধন কৰি গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়ন অধিক তৰান্বিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰমালা আঁচনিৰ মাধ্যমেৰে বন্দৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। ৬লাখ কোটি টকা ব্যয়েৰে প্ৰায় ৫৭৫টা প্ৰকল্প ২০১৫-২০৩৫ৰ সময়ছোৱাত ৰূপায়নৰ বাবে চিনাক্ত কৰা হৈছে। তেওঁ জানিবলৈ দিয়ে যে নতুন মাল্টি-ম’ডেল লগিষ্টিক পাৰ্ক মাপ্পিডুত শীঘ্ৰে মুকলি কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৮ লেনযুক্ত কোৰামপাল্লম ব্ৰীজ আৰু ৰেল অভাৰব্ৰীজো সাগৰমালা কাৰ্যসূচীৰ অধীনত সন্নিৱিষ্ট কৰা হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিটো উন্নয়নমূলক প্ৰকল্পৰ প্ৰধান উদ্দেশ্য হ’ল প্ৰতিগৰাকী লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy