In the coming years, Bihar will be among those states of the country, where every house will have piped water supply: PM Modi
Urbanization has become a reality today: PM Modi
Cities should be such that everyone, especially our youth, get new and limitless possibilities to move forward: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰোনাৰ সময়ছোৱাতো, বিহাৰৰ বহু উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজ অব্যাহত আছে।

শেহতীয়াভাৱে ৰাজ্যখনত শুভাৰম্ভ কৰা কেইবা হাজাৰ কোটিটকীয়া প্ৰকল্পই বিহাৰৰ কৃষক সমাজক লাভান্বিত কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নকে সমৃদ্ধ কৰা বুলি উল্লেখ কৰে।

ভাৰতৰ আগৰণুৱা আধুনিক চিভিল অভিযন্তা ছাৰ এম. বিশবেশভাৰায়াৰ স্মৃতিত উদাযাপন কৰা ইঞ্জিনিয়াৰ ডে’ উপলক্ষে দেশখনৰ উন্নয়নত অভিযন্তাসকলৰ বৰঙণিক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয়, কেইবা নিযুত অভিযন্তাৰ সৃষ্টিৰে বিহাৰেও লক্ষ্যণীয়ভাৱে দেশখনৰ উন্নয়নলৈ বৰঙণি যোগাই আহিছে।

শ্ৰী মোদীয়ে কয়, বিহাৰখন হৈছে ঐতিহাসিক চহৰসমূহৰ ভূমি আৰু ই হাজাৰ বছৰ পুৰণি বলিষ্ঠ ঐতিহ্যৰে সমৃদ্ধ। স্বাধীনতাৰ পাছত, বিহাৰখনক বহু দূৰদৰ্শী নেতাই নেতৃত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত দাসত্বৰ যুগত গা কৰি উঠা বিৰূপতাৰ অৱসান ঘটে। তেখেতে লগতে কয়, তাৰ পাছৰপৰাই পৰিৱৰ্তনৰ অগ্ৰাধিকাৰেৰে হোৱা সমতাহীন উন্নয়নে চহৰীয়া আন্তঃগাঁথনিৰ অধঃপতন ঘটাই আৰু ইয়াৰ ফলশ্ৰুতিতেই ৰাজ্যখনৰ গ্ৰাম্য আন্তঃগাঁথনি ধ্বংস হৈ পৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যেতিয়াই প্ৰশাসনক স্বাৰ্থপৰায়ণতাই অতিক্ৰম কৰে আৰু কেৱল মথো ভোট বেংকৰ নীতিৰে চালিত হ’বলৈ ধৰে, তেতিয়াই উপান্ত আৰু অৱহেলিত শ্ৰেণীটোৰ ওপৰত অতিশয় প্ৰভাৱ পৰে। তেওঁ কয়, পানীকে ধৰি প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ লাভ নকৰাকৈয়ে বিহাৰৰ জনসাধাৰণে বহু দশক এই যন্ত্ৰণা ভোগ কৰিলে। তেখেতে কয় যে বলপূৰ্বকভাৱে লেতেৰা খোৱা পানী সেৱনৰদ্বাৰা মানুহৰ দেহলৈ ৰোগৰ সংক্ৰমণ ঘটিল আৰু ইয়াৰে গৰিষ্ঠসংখ্যকে চিকিৎসাধীন হ’বলগীয়া অৱস্থাৰ সৃষ্টি হ’ল। এনে পৰিস্থিতিত, বিহাৰৰ অধিকাংশ লোক হৈ পৰিল ধৰুৱা, ৰুগীয়া, অসহায় আৰু অসাক্ষৰ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা কেইটামান বছৰত এই ব্যৱস্থাৰ বিপৰীতে কল্যাণ সাধন আৰু সমাজখনৰ অতিশয় প্ৰভাৱিত লোকসকলৰ হেৰুৱা বিশ্বাস ঘূৰাই আনিবলৈ অব্যাহত ৰখা প্ৰচেষ্টাৰ কথা ব্যক্ত কৰে। এই কথা ক’বলৈ গৈ তেখেতে কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা অগ্ৰাধিকাৰ, পঞ্চায়তীৰাজকে প্ৰমুখ্য কৰি স্থানীয় নিকায়সমূহত অসহায়সকলৰ অংশগ্ৰহণ বৃদ্ধি কৰি তেওঁলোকৰ বিশ্বাস বৃদ্ধি কৰি তোলাৰ প্ৰয়াস সন্দৰ্ভত কয়। ২০১৪ৰপৰাই, আন্তঃগাঁথনি সম্পৰ্কীয় আঁচনিৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ গ্ৰাম পঞ্চায়ত বা স্থানীয় নিকায়সমূহৰ ওপৰত ন্যস্ত কৰি অহা হৈছে। এতিয়া, আঁচনিসমূহৰ পৰিকল্পনাৰপৰা ৰূপায়ণলৈকে আৰু পৰিচালনা কৰা তথা স্থানীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ স্থানীয় নিকায়সমূহেই সক্ষম হৈ উঠিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে বিহাৰৰ চহৰসমূহত খোৱা পানী আৰু সু পৰিচালিত নৰ্দমাৰ দৰে প্ৰাথমিক প্ৰয়োজনীয়তাসমূহৰ আন্তঃগাঁথনিৰ নিৰৱচ্ছিন্ন উন্নয়ন সাধন হৈ আহিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যোৱা ৪-৫ বছৰত, মিছন আমৰুট আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ অধীনত বিহাৰৰ নগৰাঞ্চলত বসবাস কৰা লাখ-লাখ পৰিয়ালক খোৱা পানী যোগান ধৰা হৈছে। অহা বছৰসমূহত, প্ৰতিঘৰ গৃহস্থীয়ে পাইপেৰে পানী যোগান লাভ কৰা দেশৰ ৰাজ্যসমূহৰেই অন্যতম হৈ পৰিব বিহাৰ। এই লক্ষ্যত উপনীত হ’বলৈকে বিহাৰৰ জনসাধাৰণে ক’ৰোনাৰ সংকটৰ সময়তো নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। তেখেতে আৰু কয়, আন ৰাজ্যৰপৰা বিহাৰলৈ উলটি অহা অভিবাসী শ্ৰমিকসকলৰ শ্ৰমৰ বিনিময়ত যোৱা কেইটামান মাহত ৫৭ লাখৰো অধিক পৰিয়ালে পানীৰ সংযোগ লাভ কৰিছে। এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানে বিশেষ ভূমিকা পালন কৰিছে।

প্ৰধানমন্ত্ৰীজনে কয়, বিহাৰৰ কঠোৰ পৰিশ্ৰমী সতীৰ্থসকললৈ এই জল জীৱন অভিযান উৎসৰ্গা কৰা হৈছে। যোৱা এটা বছৰত, জল জীৱন অভিযানৰ অধীনত সমগ্ৰ দেশতে দুই কোটিৰো অধিক পানীৰ সংযোগ প্ৰদান কৰা হৈছে। আজি, প্ৰতিদিনে এক লাখৰো অধিক গৃহস্থীয়ে পাইপেৰে পানীৰ সংযোগ লাভ কৰিছে। স্বচ্ছ পানীয়ে দুখীয়াৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰাই নহয় বৰঞ্চ তেওঁলোকক বহু গুৰুতৰ ৰোগৰপৰা ৰক্ষা কৰে। তেখেতে কয়, নগৰীয়া অঞ্চলসমূহতো, আমৰুট যোজনাৰ অধীনত বিহাৰৰ ১২ লাখ পৰিয়াললৈ বিশুদ্ধ পানী যোগানৰ প্ৰক্ৰিয়া তীব্ৰ গতিৰে আগবাঢ়িছে আৰু ইয়াৰ ভিতৰত ইতিমধ্যে প্ৰায় ৬ লাখ পৰিয়ালক সংযোগ প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, নগৰীয়া নিষ্পত্তিৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে আৰু নগৰীকৰণ বাস্তৱায়িত হৈছে কিন্তু বহু দশকজুৰি নগৰীকৰণক অন্তৰায় হিচাপেহে গণ্য কৰি অহা হৈছিল। নগৰীকৰণৰ প্ৰৱল সমৰ্থক বাবা চাহেব আম্বেদকাৰৰ উদ্ধৃতিৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আম্বেদকাৰে নগৰীকৰণক সমস্যা হিচাপে গণ্য কৰা নাছিল, তেওঁ এনে এখন মহানগৰৰ কল্পনা কৰিছিল য’ত দৰিদ্ৰৰপৰা দৰিদ্ৰতমজনেও সুযোগ লাভ কৰা তথা জীৱন যাত্ৰাৰ উন্নয়নৰ পথ প্ৰশস্ত হোৱাৰ কামনা কৰিছিল। তেখেতে আৰু কয় যে নগৰসমূহ এনে হোৱা উচিত য’ত আমাৰ যুৱ সমাজকে প্ৰমুখ্য কৰি প্ৰতিজন নাগৰিকেই আগুৱাই যাবলৈ নতুন আৰু সীমাহীন সুযোগ লাভ কৰিব পাৰে। নগৰসমূহ এনে হোৱা উচিত য’ত প্ৰতিটো পৰিয়ালেই সমৃদ্ধি আৰু আনন্দেৰে জীৱন-নিৰ্বাহ কৰিব পাৰে। নগৰসমূহ এনে হোৱা উচিত য’ত প্ৰতিজন দুখীয়া, দলিত, পাছপৰা, মহিলাই সন্মানজনকভাৱে জীৱন-নিৰ্বাহ কৰিবলৈ পায়।

প্ৰধানমন্ত্ৰীজনে কয়, আজি আমি দেশখনত নতুন নগৰীকৰণ প্ৰত্যক্ষ কৰিছো আৰু নগৰসমূহ আজি প্ৰতিভাত হৈ পৰিছে। কেইবাবছৰ পূৰ্বলৈকে নগৰীকৰণে কেইখনমান নিৰ্বাচিত মহানগৰৰ কেতবোৰ অঞ্চলৰ উন্নয়নকহে সূচিত কৰিছিল। কিন্তু এতিয়া, এই চিন্তা সলনি হৈছে। বিহাৰৰ জনসাধাৰণেও ভাৰতৰ নতুন নগৰীকৰণৰ এই যাত্ৰালৈ সম্পূৰ্ণ বৰঙণি যোগান ধৰিছে। তেখেতে কয়, বৰ্তমানৰ পৰিৱৰ্তে ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি মহানগৰসমূহক সাজু কৰি তোলাটো অতিশয় প্ৰয়োজনীয়। ইয়াৰ জৰিয়তেহে, আত্ম-নিৰ্ভৰ বিহাৰ, আত্ম-নিৰ্ভৰ ভাৰতৰ সপোন বাস্তৱায়িত হৈ উঠিব। এই ভাৱনাৰেই, আমৰুট অভিযানৰ অধীনত, বিহাৰৰ বহু চহৰৰ প্ৰাথমিক প্ৰয়োজনীয়তা পূৰণৰ বাবে উন্নয়নৰ আধাৰশিলা স্থাপনত গুৰুত্ব আৰোপ কৰা হৈছে।

শ্ৰী মোদীয়ে কয়, বিহাৰত ১০০ ৰোধিক পৌৰ সভাৰ এলেকাধীন অঞ্চলত ৪.৫ লাখৰো অধিক এলইডি ষ্ট্ৰীট লাইট স্থাপন কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, পথসমূহ আলোকিত হৈছে আৰু আমাৰ সৰু-সৰু চহৰসমূহ অধিক সুবিধাজনক হৈ উঠিছে, সমান্তৰালভাৱে, উন্নত প্ৰযুক্তি ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত হাজাৰ-হাজাৰ কোটি টকা ৰাহি হৈছে আৰু জনসাধাৰণৰ জীৱন-যাত্ৰাৰ উন্নয়ন সাধন হৈছে। তেখেতে কয়, ৰাজ্যখনৰ প্ৰায় ২০ খন ডাঙৰ আৰু গুৰুত্বপূৰ্ণ নগৰ গংগা নদীৰ পাৰত অৱস্থিত। গংগা নদীৰ পৰিচ্ছন্নতা আৰু গংগা নদীৰ পানীৰ পৰিচ্ছন্নতাই এই নগৰসমূহত বসবাস কৰা কেইবা কোটিও লোকক পোনপটীয়াভাৱে সকাহ প্ৰদান কৰিব। গংগা নদীৰ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি, বিহাৰত ৬০০০ কোটিৰো অধিক ব্যয়সাপেক্ষে ৫০ ৰো অধিক প্ৰকল্পত অনুমোদন জনোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয়, চৰকাৰখনে আৰু অধিক পানী প্ৰকল্প স্থাপন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰদ্বাৰা গংগাৰ পাৰৰ নগৰসমূহৰ লেতেৰা পানী ড্ৰেইনেৰে পোনে-পোনে গংগাত পৰাৰ পথ ৰুদ্ধ হৈ পৰিব।

তেখেতে কয়, আজি বেউৰ আৰু পাটনাৰ কৰম-লীচকত উদ্বোধন কৰা আঁচনিয়ে অঞ্চলটোৰ কেইবা নিযুত লোকক লাভান্বিত কৰিব। ইয়াৰ জৰিয়তে, গংগাৰ পাৰত অৱস্থিত গাঁওসমূহকো ‘গংগা গ্ৰাম’ হিচাপে উন্নয়নৰ দিশেৰে আগবঢ়াই নিয়া হ’ব।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA

Media Coverage

Since 2019, a total of 1,106 left wing extremists have been 'neutralised': MHA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Welcomes Release of Commemorative Stamp Honouring Emperor Perumbidugu Mutharaiyar II
December 14, 2025

Prime Minister Shri Narendra Modi expressed delight at the release of a commemorative postal stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran) by the Vice President of India, Thiru C.P. Radhakrishnan today.

Shri Modi noted that Emperor Perumbidugu Mutharaiyar II was a formidable administrator endowed with remarkable vision, foresight and strategic brilliance. He highlighted the Emperor’s unwavering commitment to justice and his distinguished role as a great patron of Tamil culture.

The Prime Minister called upon the nation—especially the youth—to learn more about the extraordinary life and legacy of the revered Emperor, whose contributions continue to inspire generations.

In separate posts on X, Shri Modi stated:

“Glad that the Vice President, Thiru CP Radhakrishnan Ji, released a stamp in honour of Emperor Perumbidugu Mutharaiyar II (Suvaran Maran). He was a formidable administrator blessed with remarkable vision, foresight and strategic brilliance. He was known for his commitment to justice. He was a great patron of Tamil culture as well. I call upon more youngsters to read about his extraordinary life.

@VPIndia

@CPR_VP”

“பேரரசர் இரண்டாம் பெரும்பிடுகு முத்தரையரை (சுவரன் மாறன்) கௌரவிக்கும் வகையில் சிறப்பு அஞ்சல் தலையைக் குடியரசு துணைத்தலைவர் திரு சி.பி. ராதாகிருஷ்ணன் அவர்கள் வெளியிட்டது மகிழ்ச்சி அளிக்கிறது. ஆற்றல்மிக்க நிர்வாகியான அவருக்குப் போற்றத்தக்க தொலைநோக்குப் பார்வையும், முன்னுணரும் திறனும், போர்த்தந்திர ஞானமும் இருந்தன. நீதியை நிலைநாட்டுவதில் அவர் உறுதியுடன் செயல்பட்டவர். அதேபோல் தமிழ் கலாச்சாரத்திற்கும் அவர் ஒரு மகத்தான பாதுகாவலராக இருந்தார். அவரது அசாதாரண வாழ்க்கையைப் பற்றி அதிகமான இளைஞர்கள் படிக்க வேண்டும் என்று நான் கேட்டுக்கொள்கிறேன்.

@VPIndia

@CPR_VP”