PM Modi launches India Post Payments Bank
IPPB would usher in economic transformation by bringing banks to the doorsteps of the villagers and the poor: PM Modi
Through IPPB, banking services will reach every nook and corner of the country: PM Modi
Previous UPA government responsible for the NPA mess: PM Modi
The Naamdaars (Congress) had put the country's economic stability on a landmine, says PM Modi
We have initiated swift action taken against the biggest defaulters: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰে৷ এই অনুষ্ঠান দেশৰ ৩০০০ৰো অধিক স্থানৰ পৰা প্ৰত্যক্ষ কৰা হয়, যিবোৰ দিল্লীৰ মূল অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংকৰ জৰিয়তে দেশৰ অতি দুৰ্গম স্থানৰ লোকেও এতিয়া বেংক সেৱা লাভ কৰিব৷

তেওঁ স্মৰণ কৰে যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে বিত্তীয় অন্তৰ্ভুক্তি সুনিশ্চিত কৰিবলৈ জন ধন যোজনা আৰম্ভ কৰিছিল৷ আইপিপিবিৰ শুভাৰম্ভণি হ’ল এই লক্ষ্যত উপনীত হোৱাৰ আৰু এটি খোজ৷ তেওঁ কয় যে আইপিপিবিৰ শাখা আজি দেশৰ ৬৫০খন জিলাত মুকলি কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ডাকোৱালসকল হ’ল সমাজৰ অতি শ্ৰদ্ধাৰ আৰু সকলোৱে গ্ৰহণ কৰা ব্যক্তি৷ আধুনিক প্ৰযুক্তিৰ পয়োভৰ সত্ত্বেও ডাকোৱালৰ প্ৰতি মানুহৰ বিশ্বাস অটুট আছে৷ চৰকাৰৰ উদ্দেশ্য হ’ল বৰ্তমানৰ পৰিকাঠাম আৰু গাঠনিৰ সংস্কাৰ সাধন কৰা৷ সেইবাবে সময়ৰ সৈতে খাপ খোৱাকৈ সেইবোৰ সলনি কৰিব লাগিব৷ সম্প্ৰতি দেশত ১.৫লাখ ডাকঘৰ আৰু ৩ লাখৰো অধিক ডাকোৱাল, গ্ৰামীণ ডাক সেৱক আছে, যিয়ে দেশবাসীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে৷ এতিয়া তেওঁলোকক স্মাৰ্ট ফোন আৰু ডিজিটেল সমাগ্ৰীৰে সমৃদ্ধ কৰি বিত্তীয় সেৱাৰ বাবে সাজু কৰি তোলা হ’ব৷

আইপিপিবিৰ উপযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে ধন হস্তান্তৰ, চৰকাৰী সা-সুবিধা হস্তান্তৰ, বিল আদায় আৰু বিনিয়োগ তথা বীমাৰ দৰকে সুবিধা উপলব্ধ হ’ব৷ ডাকোৱালে এই সেৱাসমূহ জনসাধাৰণৰ পদূলিমুখলৈ লৈ যাব৷ আইপিপিবিয়ে ডিজিটেল লেনদেনৰ সুবিধা আগবঢ়োৱাৰ লগতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে আঁচনিসমূহৰ উপযোগিতা কৃষকে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ৰ পৰা কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বেংকিং খণ্ডৰ বিকৃতি আৰু সমস্যাসমূহ দৃঢ়তাৰে মোকাবিলা কৰি আছে৷ বিশৃংখল আৰু অবাধ ঋণৰ বাবে এই সম্যসমূহ সৃষ্টি হৈছিল৷ তেওঁ কয় যে বৰ্তমানৰ ঋণসমূহ পুনৰ বিবেচনা কৰা হ’ব আৰু বেংকিং খণ্ড সন্দৰ্ভত এক পেছাদাৰী পদক্ষেপ লোৱা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক আত্মসংস্থাপনৰ দিয়াৰ বাবে চৰকাৰে ১৩ লাখৰো অদিক টকাৰ মু্দ্ৰা ঋণ আগবঢ়াইছে৷ ভাৰতে এছিয়ান গেমছত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ এই সময়তে অৰ্থনীতিয়ে চমকপ্ৰদ বিকাশৰ হাৰ প্ৰদৰ্শন কৰিছে৷ ইয়াৰ বাবে সমগ্ৰ দেশ আজি নতুন আত্মবিশ্বাসেৰে ভৰপূৰ হৈ উঠিছে৷ এয়া হৈছে দেশৰ জসাধাৰণৰ সংঘবদ্ধ প্ৰচেষ্টা৷ প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰতবৰ্ষ এতিয়া কেৱল বিশ্বৰ দ্ৰুত বিকশিত দেশেই নহয়, ই দৰিদ্ৰতাৰ বাধাকো দ্ৰুতগতিৰে চেৰ পেলাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ৩ লাখ ডাকসেৱক হ’ব গাঁওৰ প্ৰতিঘৰ লোক, প্ৰতিগৰাকী কৃষক আৰু প্ৰতিগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক বিত্তীয় সেৱা আগবঢ়োৱা প্ৰধান চালিকা শক্তি৷ যোৱা মাহত ডাকসেৱকৰ কল্যাণৰ বাবে তথা তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ফলত তেওঁলোকৰ দৰমহা উল্লেখনীয়ভাৱে বৃদ্ধি পাব৷ তেওঁ আশা প্ৰকাশ কৰে যে কেইটামান মাহৰ ভিতৰত আইপিপিবিয়ে দেশৰ ১.৫লাখ ডাকঘৰক সাঙুৰি ল’বলৈ সক্ষম হ’ব৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions

Media Coverage

India highlights 13 outcomes from SCO summit; Centre for security threats among key decisions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.